ETV Bharat / state

অসমৰ অধিকাংশ জিলাতে হ’ব ধুমুহা-বৰষুণ: বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

বৰষুণৰ লগতে আহিব ধুমুহা ৷ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে এই তথ্য ৷

rainfall alert in Assam
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 11, 2025 at 5:32 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ১২ আৰু ১৩ মাৰ্চত অসমৰ বেছিভাগ অঞ্চলতে বৰষুণ হ'ব । গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত এই কথা প্ৰকাশ পাইছে । কেন্দ্ৰটোৱে সদৰী কৰা অনুসৰি, ১৫ মাৰ্চলৈ অসমৰ কিছু কিছু অঞ্চলত এই বৰষুণ অব্যাহত থাকিব ।

দীৰ্ঘদিন ধৰি অসমত ঘাটি বৰষুণ হৈ থকাৰ ফলত কৃষি আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা দেখা ‌গৈছে । বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, যোৱা ডিচেম্বৰৰ পৰা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত ঘাটি বৰষুণ হৈছে ।

rainfall alert in Assam
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী (ETV Bharat Assam)

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অসমত বেছিভাগ জিলাতে পৰৱৰ্তী দুই-তিনিদিনলৈ ধুমুহা-বৰষুণ হ'ব । তদুপৰি অধিকাংশ অঞ্চলতে বৰষুণৰ লগতে ৩০-৫০ কিলোমিটাৰ গতিবেগত ধুমুহা বলাৰ সম্ভাৱনা আছে ।

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰামত পৰৱৰ্তী দুই তিনি-দিনলৈ অব্যাহত থাকিব ধুমুহা-বৰষুণ । আকৌ অৰুণাচল প্ৰদেশত দুই-তিনিদিনলৈ মুষলধাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷

rainfall alert in Assam
ধুমুহা-বৰষুণৰ আগজাননী (ETV Bharat Assam)

এই সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী সঞ্জয় শ্ব'নীলে কয়- "শেহতীয়াকৈ বাংলাদেশৰ উত্তৰ-পূৱ দিশত সৃষ্টি হোৱা সাগৰীয় ধুমুহা কেন্দ্ৰীয় অসমত (Central Assam) প্ৰৱেশ কৰিব ।‌ ১.৫‌ কিলোমিটাৰ বেগত‌ বলা এই সাগৰীয় ধুমুহাৰ‌ ফলত উত্তৰ-পূৰ্বাঞ্চলত বৰষুণৰ সম্ভাৱনা প্ৰকট হৈছে ৷"

rainfall alert in Assam
অসমৰ অধিকাংশ জিলাত ঘাটি বৰষুণ (ETV Bharat Assam)

উল্লেখ্য যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে গুৱাহাটীত ১৩ মাৰ্চত ধুমুহা-বৰষুণ হ'ব । তদুপৰি ৪০ ৰ পৰা‌ ৫০ কিলোমিটাৰ বেগত ধুমুহা বলিব । ১৩ মাৰ্চৰ পৰা গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰী চেলচিয়াছলৈ নামিব ।‌ অৱশ্যে চাৰিদিন পিছত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰাই ৩০ ডিগ্ৰী অতিক্ৰম ‌কৰিব ।‌

rainfall alert in Assam
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী (ETV Bharat Assam)

‘‘অসমত ডিচেম্বৰ আৰু জানুৱাৰীত বৰষুণ যথেষ্ট ঘাটি হৈছে ।‌ অসমৰ ৯০ শতাংশ জিলাত ঘাটি বৰষুণ হৈছে । ইয়াৰে ৫০ শতাংশ জিলাত উদ্বেগজনকভাৱে ঘাটি বৰষুণ হৈছে । যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত অসমৰ ১৮‌ খন জিলাত কোনো বৰষুণ হোৱা নাছিল’’ বুলি উদ্বেগজনক তথ্য প্ৰকাশ কৰে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

আকৌ নতুন বছৰৰ আৰম্ভণিতে জানুৱাৰীৰ মাহত ৮ খন জিলাত ১০০ শতাংশ ঘাটি বৰষুণ হৈছে । মন কৰিবলগীয়া যে আঞ্চলিক বতৰ‌ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি অসমত যোৱা নৱেম্বৰ মাহত -৫৮ শতাংশ ঘাটি বৰষুণ হৈছিল ।

লগতে পঢ়ক: ক'ত হেৰাল শীতৰ বৰষুণ ! অসমৰ অৰ্ধেক জিলাত উদ্বেগজনকভাৱে কমিছে বৰষুণ - ASSAM RAINFALLS DATA