ETV Bharat / state

ছেভ ডলফিন; কুলশী নদীৰ প্ৰস্তাৱিত জলবিদ্যুৎ কেন্দ্ৰৰ বিৰোধিতা প্ৰকৃতিপ্ৰমীৰ

কুলশী নদীৰ প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্প কাল‌ হ'ব অসমৰ লক্ষাধিক লোকৰ ।

save dolphin population
ডলফিনক বচোৱাৰ এক প্ৰয়াস (Prasanna kalita)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 7:55 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম আৰু মেঘালয় চৰকাৰে যৌথভাৱে অসম আৰু মেঘালয় সীমান্তত কুলশী নদীৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া জলবিদ্যুৎ প্ৰকল্পই অসমৰ 27 খন গাঁৱৰ লক্ষাধিক লোকৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব । যাৰ বাবে অসম মেঘালয় সীমান্তৰ বিভিন্ন সংগঠনে আৰু স্থানীয় ৰাইজে অসম আৰু মেঘালয় চৰকাৰৰ কুলশী নদীত 55 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছে । স্থানীয় লোকৰ মতে নদীত জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ ফলত নদীত থকা ডলফিনৰ ওপৰত প্ৰভাৱ পৰিব ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত যোৱা বুধবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি কৈছিল যে দুয়োখন ৰাজ্য চৰকাৰে 55 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিবলৈ সন্মত হৈছে ।

save dolphin population
কুলশী নদী (Mrityunjay Rava)

REPORT ON GANGETIC RIVER DOLPHIN STUDY ৰ মতে, মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ পৰা অসমৰ কামৰূপ জিলালৈ বৈ যোৱা সৰু নদী কুলশী নদীত প্ৰায় 20ৰ পৰা 25 টা ডলফিন আছে । অধ্যয়নটোৰ মতে, নদীখনত যিকোনো উন্নয়নমূলক কাৰ্যকলাপে নিশ্চিতভাৱে নদীৰ ডলফিনৰ জনসংখ্যাক প্ৰভাৱিত কৰিব । কিয়নো তেওঁলোকৰ চলাচলৰ বাবে এক নিৰ্দিষ্ট গভীৰতা আৰু স্থানৰ প্ৰয়োজন ।

River dolphin
শিহু (Prasanna kalita)

মনকৰিবলীয়া যে, চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাংগেয় ডলফিনৰ প্ৰথমটো প্ৰাক্কলন উদ্বোধন কৰিছিল, য'ত অসমৰ কুলশী নদীত 20ৰ পৰা 25 টা প্ৰজাতিৰ জনসংখ্যাকে ধৰি অসমত 635 টা প্ৰজাতিৰ নথিভুক্ত কৰা হৈছিল ।

উল্লেখ্য যে, 2009 চনৰ 5 অক্টোবৰত শিহুক জাতীয় জলচৰ প্ৰণী হিচাপে স্বীকৃতি দিয়ে ৷ অসমৰ ব্ৰহ্মপুত্ৰকে ধৰি কেইবাটাও উপনদীত শিহুৰ অৱস্থিতি বিদ্যমান ৷ শেহতীয়াকৈ কৰা এই পৰিসংখ্যাত অসমৰ কেইবাটাও নদী-উপনদীত মুঠ ৬৩৫টা শিহুৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰে ভিতৰত কুলশী নদীত 20ৰ পৰা 25 টা শিহু পোৱা গৈছে ।

save dolphin population
কুলশী নদী (Mrityunjay Rava)

নদীৰ ডলফিনৰ সংখ্যা গোটেই বছৰজুৰি নদীখনৰ 60 কিলোমিটাৰ প্ৰসাৰত পোৱা যায় । স্থানীয় বাসিন্দা পাখিৰাজ ৰাভাই কয়, "যিকোনো উন্নয়নমূলক কাৰ্যকলাপে নিশ্চিতভাৱে ডলফিনৰ জনসংখ্যাক প্ৰভাৱিত কৰিব । অনুসূচী 1 প্ৰজাতিৰ এই প্ৰজাতিটোক নদীত নিৰ্দিষ্ট গভীৰতা আৰু এলেকাৰ চলাচলৰ প্ৰয়োজন ।" মই বিশ্বাস কৰো যে চৰকাৰে জলবিদ্যুৎ উৎপাদন কৰাৰ পৰিৱৰ্তে ডলফিনৰ সংৰক্ষণৰ বিষয়টো বিবেচনা কৰা উচিত ।

তেওঁ কয়, "মেঘালয় আৰু অসম সীমান্তত উকীয়ামত কুলশী নদীৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ কাম 2023 চনতে আৰম্ভ কৰিছিল । কিন্তু এই প্ৰকল্পৰ জৰিয়তে ক্ষতিগ্ৰস্ত হ'বলগীয়া মেঘালয়ৰ 10 খন‌ গাঁও আৰু অসমৰ27 খন‌ গাঁৱৰ লোকে তীব্ৰ বিৰোধিতা কৰাত এই কাম বন্ধ হৈছিল । কিন্তু শেহতীয়াকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে মেঘালয়ত থকা 10 খন গাঁৱৰ ৰাইজক ক্ষতিপূৰণ দিয়াৰ আশ্বাস দি সৈমান কৰিছে । কিন্তু অসমৰ 27 খন গাঁৱৰ গঞা ৰাইজে জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি আছে ।"

save dolphin population
কুলশী নদী (Mrityunjay Rava)

বন্যবন্ধু সংগঠনৰ প্ৰসন্ন কলিতাই কয়, "অসম মেঘালয় সীমান্তত চৰকাৰে কুলশী নদীত 55 মেগাৱাট বিদ্যুৎ উপাদান বাবে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ হ'লে শিহু থাকিব নে ? কুলশী নদীৰ কাষতে থকা ঐতিহাসিক দৰাবিল গো চৰণীয়া পথাৰখন চৰকাৰে বণিয়াক গতাবলৈ লৈছে । ইয়াক লৈ অঞ্চলটোত প্ৰতিবাদ চলি আছে । আমাক উন্নয়ন লাগিব, কিন্তু বহনক্ষয়ম উন্নয়ন এনেকৈ সম্ভৱ হ'ব নে ?''

উল্লেখ্য যে, অসমৰ ৰাজ্যিক জলজ প্ৰাণী শিহুৰ গুৰুত্বপূৰ্ণ বাসস্থান কুলশী নদী । ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ (WII) প্ৰতিবেদনত কুলশী নদী 2020 চনৰ তুলনাত 2021 চনত 70% গভীৰতা হ্ৰাস পোৱাৰ কথা প্ৰকাশ পাইছে ।

কুলশী নদীৰ কাষৰ বাসিন্দা মৃতুঞ্জয় ৰাভাই কয়, ''ব্ৰহ্মপুত্ৰৰ দক্ষিণত কুলশি উপনৈখনৰ উৎপত্তি মেঘালয়ৰ পৰা উকিয়াম হৈ অসম-মেঘালয় আন্তঃৰাজ্যিক সীমাৰেখাৰে মুঠ 76 কিঃমিঃ । কুলশী বা কলাহী হিচাপে বৈ গৈ কামৰূপ জিলাৰ নগৰবেৰাত ব্ৰহ্মপুত্ৰৰ সৈতে সংগম হৈছে ।''

''নদীখনত চলি থকা অবৈধ খননৰ ফলত নদীখন শুকাই নদীখনৰ কাষত বাস কৰা লোকসকলৰ বিৰূপ প্ৰভাৱ পেলাইছে । নদীখন শুকাই যোৱা ফলত মাছ ধৰা জলাশয়ৰ ওপৰত নিৰ্ভৰশীল 2000ৰো অধিক মাছমৰীয়া পৰিয়াল আৰু কৃষক পৰিয়ালৰ জীৱিকাত বিৰূপ প্ৰভাৱ পৰিছে । এতিয়া জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ'লে মানুহৰ জীৱনলৈ অমানিশা নমাই আনিব ।'' ৰাভাই কয় ।

এই সন্দৰ্ভত স্থানীয় বাসিন্দা সঞ্জীৱ ৰাভাই কয় যে এই জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সকলো ৰাইজে বিৰোধীতা কৰি আছে । কিন্তু অসম চৰকাৰে গাৰ বলত এই‌ প্ৰকল্প নিৰ্মাণৰ বাবে আকোৰগোজ ‌হৈছে ।

ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ নেতা সুব্ৰত তালুকদাৰ কয়, ''আমাক উন্নয়ন লাগে ।‌ কিন্তু প্ৰকৃতি ধ্বংস কৰি মানুহৰ জীৱন জীৱিকা ধ্বংস কৰি কৰা উন্নয়ন নালাগে । সেয়েহে চৰকাৰে কুলশী নদীৰ ওপৰত নদী বান্ধ নিৰ্মাণ বন্ধ কৰক ।‌''

লগতে পঢ়ক : অসম-মেঘালয়ৰ সীমান্ত এলেকাত অসম চৰকাৰে ১৫ আগষ্টৰ পূৰ্বে স্থাপন কৰিব খুঁটা