ETV Bharat / state

ফেচবুকত সাম্প্ৰদায়িক পোষ্ট কৰি আটক অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ - PAHALGAM TERROR ATTACK

পহলগামৰ বৰ্বৰ আক্ৰমণ সন্দৰ্ভত ফেচবুকত সাম্প্ৰদায়িক পোষ্ট কৰিছিল অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ এ কে বাহাউদ্দিন চৌধুৰীয়ে ৷

PAHALGAM TERROR ATTACK
অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ আটক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 1:44 PM IST

3 Min Read

শিলচৰ: পুনৰ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে ৷ কিছুদিন পূৰ্বে ব’হাগ বিহুৰ বন্ধ নিদিয়াক কেন্দ্ৰ কৰি সংবাদ শীৰ্ষ দখল কৰিছিল বিশ্ববিদ্যালয়খনে ৷ এইবাৰ এইখন বিশ্ববিদ্যালয়ৰে এজন ছাত্ৰই পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰি আটক হৈছে আৰক্ষীৰ হাতত ৷

জানিব পৰা মতে, পহলগামৰ বৰ্বৰ আক্ৰমণ সন্দৰ্ভত ফেচবুকত সাম্প্ৰদায়িক পোষ্ট কৰিছিল অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ এ কে বাহাউদ্দিন চৌধুৰীয়ে ৷ ছাত্ৰজনে ফেচবুকত কৰা পোষ্টটো আছিল এনেধৰণৰ ‘‘যেতিয়া মুছলমানক জয় শ্ৰীৰাম নকলে হত্যা কৰা হয়, গৰু খোৱাৰ অপৰাধত হত্যা কৰা হয়, তেতিয়া কিয় প্ৰতিবাদ নহয় ?’’

PAHALGAM TERROR ATTACK
ফেচবুকত সাম্প্ৰদায়িক পোষ্ট (ETV Bharat Assam)

ছাত্ৰজনৰ এনে পোষ্টৰ পাছত অখিল ভাৰত বিদ্যাৰ্থী পৰিষদে (ABVP) বিশ্ববিদ্যালয়ৰ আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷ আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিতে ভাৰতীয় ন্যায় সংহিতা ২০২৩ ৰ অধীনৰ ৩৫৬ অনুচ্ছেদত ৩৭৭ নম্বৰত এক গোচৰ ৰুজু কৰি ছাত্ৰজনক বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আটক কৰি থানালৈ নিয়ে । শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্স বিভাগৰ ছাত্ৰগৰাকীক সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, পহলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণক কেন্দ্ৰ কৰি সম্প্ৰতি দেশৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সন্ত্ৰাসবাদীয়ে ২৬ গৰাকীকৈ নিৰীহ পৰ্যটকক হত্যা কৰি পুলৱামাৰ পিছতে ইতিহাসৰ অন্যতম বৃহৎ আক্ৰমণ হিচাপে চিহ্নিত কৰিছে ৷

এই ঘটনাত অৱশ্যে কেইবাজনো পৰ্যটকে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ৷ প্ৰাণৰক্ষা পৰা পৰ্যটকসকলৰ ভিতৰত আছিল অসমৰো কেইগৰাকীমান লোক ৷ আন নহয়, বৰং অসম বিশ্ববিদ্যালয়ৰে এগৰাকী প্ৰবক্তাৰ প্ৰাণৰক্ষা পৰে এই ঘটনাত ৷ দেৱাশীষ ভট্টাচাৰ্য নামৰ প্ৰবক্তাগৰাকীয়ে পৰিয়ালৰ সৈতে গৈছিল পহলগামৰ সেউজ ভূমিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ৷ দুৰ্ভাগ্যবশতঃ সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ডৰ জীৱন্ত সাক্ষী হৈ ৰয় অসম বিশ্ববিদ্যালয়ত কৰ্মৰত প্ৰবক্তাগৰাকী ৷

PAHALGAM TERROR ATTACK
এ বি ভি পিৰ এজাহাৰ দাখিল (ETV Bharat Assam)

এতিয়া কথাটো হ’ল অসম বিশ্ববিদ্যালয়ত অধ্য়য়নৰত ছাত্ৰগৰাকীয়ে সাম্প্ৰদায়িক পোষ্টৰে বিষবাস্প বিয়পোৱাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ কিয়নো নিজৰ পোষ্টত তেওঁ মুছলমান লোকসকলে জয় শ্ৰীৰাম ধ্বনি নিদিলে হত্যা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ পহলগামত ধৰ্ম সুধি সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ কি প্ৰমাণ আছে বুলিও তেওঁ প্ৰশ্ন কৰিছে ৷

ইয়াৰ বিপৰীতে এই ঘটনাৰ চাক্ষুষ সাক্ষী, প্ৰবক্তা দেৱাশীষ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে যে সন্ত্ৰাসবাদীসকলে প্ৰথমে পৰ্যটকসকলক কোৰাণৰ কলিমা মাতিবলৈ দিছিল ৷ যিসকলে এই কলিমা মতাত অপাৰগ হৈছিল, তেওঁলোককহে হত্যা কৰিছিল ৷ কলিমা মাতিব জনাৰ বাবেই ৰক্ষা পৰিছিল ভট্টাচাৰ্য পৰিয়াল ৷ অৰ্থাৎ সন্ত্ৰাসবাদীসকলে একমাত্ৰ ধৰ্মৰ ভিত্তিতহে হত্যা কৰিছিল পহলগামৰ বৈছাৰণ সেউজ ভূমিত উপস্থিত থকা পৰ্যটকসকলক ৷

এই সন্দৰ্ভত দেৱাশীষ ভট্টাচাৰ্যই এনেদৰে কয়, ‘‘মোকো গান পইণ্টত ধৰিছিল । মোৰ ল'ৰাই লক্ষ্য কৰিছিল কথাটো । মোক আহি সুধি আছে । কিন্তু মই যে গান পইণ্টত আছোঁ মইতো দেখা নাই । তেতিয়া মোক সুধি আছে 'ক্যা বোল ৰহি হ' । মই তেতিয়া লাই ইলাহা… সেই একেই কথা জপি আছিলোঁ । লাহে লাহে মোক এৰি দিলে । কিন্তু তিনি চাৰিবাৰমান আমাৰ চাৰিওফালে ঘূৰিলে মানুহটো । তাৰ পিছত লাহে লাহে গছডালৰ পৰা অলপ আঁতৰি গ'ল ।’’

লগতে পঢ়ক: 'লা ইলাহা ইল্লালা'.... যমদূতৰ পৰা বাচিবলৈ কলিমা পঢ়িলে শিলচৰৰ হিন্দু পৰিয়ালে - PAHALGAM TERROR ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.