গুৱাহাটী: বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় কলা-সংস্কৃতিৰে মহিমামণ্ডিত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল । বৈচিত্রময় উত্তৰ-পূৰ্বাঞ্চলত এটা বিষয় প্ৰায়ে চৰ্চাত থাকে আৰু সেইটো হৈছে 'ধৰ্মান্তৰকৰণ' । এই বিষয়টো ক্ৰমাৎ এটা চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে । কাৰণ ইয়াৰ ফলত জনগোষ্ঠীসমূহৰ স্বকীয়তা লাহে লাহে বিঘ্নিত হৈ পৰিছে । বিশেষকৈ জনগোষ্ঠীয় লোকসকল খ্ৰীষ্টান ধৰ্মৰ দিশে ধাৱমান হোৱাৰ ফলত নিশেষ হোৱাৰ উপক্ৰম হৈছে সংশ্লিষ্ট জনগোষ্ঠীটোৰ নিজা কলা-কৃষ্টি তথা সংস্কৃতি ।
চৰকাৰী তথ্যয়ো অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰ হোৱাৰ দিশটোকে প্ৰতিফলিত কৰিছে । চৰকাৰী তথ্য বিশেষকৈ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় খ্ৰীষ্টান প্ৰধান ৰাজ্যলৈ ইতিমধ্যে পর্যবেশিত হৈছে । কিন্তু কেইটা দশক পূৰ্বে এই ৰাজ্য কেইখন প্ৰায় খ্ৰীষ্টান শূন্য আছিল । ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ মুঠ জনসংখ্যাৰ ৮৭.৯৩ শতাংশ, মিজোৰামৰ ৮৭.১৬ শতাংশ আৰু মেঘালয়ৰ ৭৪.৫৯ শতাংশ খ্ৰীষ্টান ।
বৰ্তমান সময়ত এই হাৰ যথেষ্ট বৃদ্ধি পাইছে । আনহাতে মণিপুৰ আৰু অৰুণাচল প্ৰদেশ ক্ৰমান্বয়ে খ্ৰীষ্টান প্ৰধান ৰাজ্য হোৱাৰ দিশে গতি কৰিছে । ২০১১ চনৰ লোকপিয়ল অনুসৰি মণিপুৰৰ মুঠ জনসংখ্যাৰ ৪১.২৯ শতাংশ আৰু অৰুণাচল প্ৰদেশৰ ৩০.২৬ শতাংশ খ্ৰীষ্টান । লক্ষণীয় বিষয় যে ১৯৬১ চনৰ লোকপিয়ল অনুসৰি মণিপুৰ আৰু অৰুণাচল প্ৰদেশত এজনো খ্ৰীষ্টান নাছিল । ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি যে ধৰ্মান্তকৰণৰ প্ৰভাৱ কিদৰে পৰিছে ।
বৰ্তমান সময়ত লাগে লাহে ছিকিম, ত্রিপুৰা আৰু অসমত খ্ৰীষ্টানৰ হাৰ বৃদ্ধি পাইছে । ২০১১ চনৰ লোকপিয়ল অনুসৰি ছিকিমৰ মুঠ জনসংখ্যাৰ প্ৰায় ১০ শতাংশ, ত্রিপুৰাৰ ৪.৩৫ শতাংশ আৰু অসমৰ প্ৰায় ৪ শতাংশ খ্ৰীষ্টান । এই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ । ধৰ্মান্তৰকৰণৰ এই বিষয়টোক অতি গুৰুত্ব সহকাৰে লৈ দীৰ্ঘদিন ধৰি এই ক্ষেত্রত কাম কৰি আহিছে উত্তৰ পূৰ্বাঞ্চল-জনজাতি সুৰক্ষা মঞ্চ আৰু জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই ।
স্পৰ্শকাতৰ এই বিষয়টোত ই টিভি ভাৰতৰ তৰফৰ পৰা এই সংগঠন দুটাৰ দুগৰাকী নেতৃত্বৰ আছুতীয়া সাক্ষাৎকাৰ লোৱা হৈছিল । তেওঁলোক হৈছে উত্তৰ পূৰ্বাঞ্চল-জনজাতি সুৰক্ষা মঞ্চৰ ক্ষেত্র সংযোজক তথা জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চৰ অসম প্ৰদেশৰ সহ-আহ্বায়ক বিনোদ কুম্বাং আৰু জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ অসম প্ৰদেশৰ আহ্বায়ক মণ্টুৰাম কহৰাম । তেওঁলোক দুয়োগৰাকীৰ সাক্ষাৎকাৰৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
অসমত ধৰ্মান্তৰকৰণৰ প্ৰভাৱ সন্দৰ্ভত বিনোদ কুম্বাঙে কয়, "অসমত প্ৰধানত জনজাতি অধ্যুষিত অঞ্চলত ধৰ্মান্তৰকৰণৰ প্ৰভাৱ বেছি । সহজ-সৰল আৰ্থিকভাৱে দুৰ্বল জনজাতীয় লোকসকল সহজতে প্ৰভাৱিত হয় । অসমৰ মাজুলীত মিছিং সম্প্ৰদায়ৰ প্ৰায় ২০ শতাংশ লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে । আর্থিকভাৱে অনগ্ৰসৰ লোকক লক্ষ্য কৰি প্রলোভনৰ জৰিয়তে ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । এই সকলোবিলাক আমি লক্ষ্য কৰিছো । অসমৰ সহজ সৰল জনজাতি লোকক নানা ধৰনৰ মিছা প্রলোভন দি অনৈতিকভাৱে ধৰ্মান্তকৰণ কৰা কাৰ্যই ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ।"
তেওঁ লগতে কয়, "কুৰিতকৈ অধিক বিদেশী ধর্মীয় সংগঠন আৰু কেইবাহাজাৰো আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সংস্থাই মানৱ সেৱাৰ আঁৰত অতি সংগোপনে সংগঠিত ৰূপত এই অনৈতিক ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে । এসময়ত স্বকীয় ধৰ্ম, সংস্কৃতি, পৰম্পৰাৰে জাতিষ্কাৰ হৈ থকা নাগালেণ্ড, মিজোৰাম, মেঘালয় আদি ৰাজ্যসমূহ বৰ্তমান খৃষ্টীয়ান ৰাজ্যলৈ পৰ্যবেশেত হৈছে । মণিপুৰ আৰু অৰুণাচল প্ৰদেশতো ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া তুংগত আছে । পৰৱৰ্তী লক্ষ্য অসম, চিকিম আৰু ত্ৰিপুৰা । এই প্ৰক্ৰিয়া উদ্দেশ্যপ্রণোদিত সেই কথা সহজেই অনুমেয় ।"
কুম্বাঙে উল্লেখ কৰে, "নিশ্চিতভাৱে এয়া Deep State Geo Political Nexus ৰ এটা সুপৰিকল্পিত এজেণ্ডা । সেৱা আৰু শিক্ষাৰ নামত ধৰ্মান্তৰকৰণ আৰু ধৰ্মান্তৰিত ব্যক্তিক ভাৰত বিৰোধী মন্ত্রনা দিয়া, প্রত্যেক জনগোষ্ঠীৰ বাবে উগ্ৰপন্থী গোট প্ৰস্তুত কৰা, উত্তৰ-পূৰ্ৱাঞ্চলক অস্থিৰ কৰি ৰখা অথবা বিচিন্ন কৰিবলৈ প্ৰয়াস কৰাই তেওঁলোকৰ মূল লক্ষ্য ।"
তেওঁ লগতে কয়, "খৃষ্টীয়ান মিছনেৰীৰ অনৈতিক ধর্মান্তকৰণৰ প্ৰচেষ্ঠা নতুন ঘটনা নহয় যাৰ বাবে এই অনৈতিক ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াৰ অধ্যয়ণ আৰু প্ৰতিৰোধৰ পৰামৰ্শ বিচাৰি ১৯৫৪ চনতে মধ্যপ্ৰদেশ চৰকাৰে 'নিয়োগি কমিটী' গঠন কৰিছিল । ১৯৫৬ চনত নিয়োগী কমিটীয়ে খৃষ্টীয়ান মিছনেৰীৰ অনৈতিক ধর্মান্তকৰণৰ বহু চাঞ্চল্যকৰ তথ্য সন্নিবিষ্ট কৰি প্ৰতিবেদন দাখিল কৰিছিল । লগতে খৃষ্টীয়ান মিছনেৰীৰ শিক্ষানুষ্ঠানৰ আঁৰত ধৰ্ম প্ৰচাৰৰ সকলো কামত প্রতিবন্ধক লগাবলৈ পৰামৰ্শ আগবঢ়াইছিল । কিন্তু সেই পৰামৰ্শ আজিও কাৰ্যকৰী নহ'ল ।"
ইয়াৰোপৰি কুম্বাঙে কয়, "১৯৬৭ চনত কংগ্ৰেছ সাংসদ কাৰ্তিক ওৰাঙে পুনৰ কংগ্ৰেছ চৰকাৰক ধৰ্মান্তৰকৰণে কি ধৰণে অনুসূচীত জনজাতিৰ অস্তিত্বৰ বাবে চৰম প্ৰত্যাহ্বান আনিছে আৰু ইয়াৰ পৰিণামৰ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটী গঠন কৰিবলৈ বাধ্য কৰাইছিল । ১৯৬৯ চনত প্ৰতিবেদন দাখিল কৰিছিল আৰু উক্ত প্ৰতিবেদনত যদি কোনো অনুসূচীত জনজাতিৰ ব্যক্তিয়ে বিদেশী ধৰ্ম গ্ৰহণ কৰে তেন্তে সেই ব্যক্তিক অনুসূচীত জনজাতি তালিকাৰ পৰা নাম কর্তন কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল । অনুসূচীত জাতিৰ ক্ষেত্ৰত (Article 341) এই ব্যৱস্থা ইতিমধ্যে আছেই । সংসদত প্রতিবেদনৰ ওপৰত চৰ্চা হৈছিল যদিও তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে খৃষ্টীয়ান মিছনেৰীৰ হেঁচাত সংসদীয় অধিৱেশন অতি কৌশলেৰে স্থগিত কৰি বিষয়টোক আঁতৰাই ৰাখে ।"
জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চৰ অসম প্ৰদেশৰ সহ-আহ্বায়কগৰাকীয়ে কয়, "১৯৭০ চনত পুনৰ কাৰ্তিক ওৰাঙে ৩৪৮ জন সাংসদৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীক দাখিল কৰিছিল যদিও কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে । যাৰ ফলস্বৰূপে অতি সহজ সৰল আৰু অতি পিছপৰা জনজাতি সমাজৰ ওপৰত এই অনৈতিক আৰু অসংবিধানিক ধর্মীয় আগ্রাসন আজিও চলি আছে । এই অবাধিত আগ্রাসনে বহু জনজাতীয় জনগোষ্ঠীৰ অস্তিত্বক বিপদাপন্ন কৰি পেলাইছে । সেয়েহে ২০০৬ চনত জনজাতি সুৰক্ষা মঞ্চৰ জন্ম হয় আৰু জন্ম লগ্নৰে পৰা যোৱা ১৯ বছৰ ধৰি অবিৰত ভাৱে খৃষ্টীয়ান মিছনেৰীৰ অনৈতিক আৰু মিছা প্ৰলোভনেৰে কৰা ধৰ্মান্তকৰণৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে ।"
আনহাতে জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ অসম প্ৰদেশৰ আহ্বায়ক মণ্টুৰাম কহৰামে কয়, "জনজাতি সমাজৰ সৰলতা আৰু দাৰিদ্ৰতাৰ সুযোগ লৈ অনৈতিক আৰু প্ৰলোভনৰ দ্বাৰা চলি থকা ধৰ্মান্তৰকৰণক প্ৰতিৰোধ কৰিবলৈ আমি উদ্যোগ গ্ৰহণ কৰি আহিছো । অসমৰ প্ৰত্যেকজন জনজাতি ব্যক্তিক নিজ নিজ জনজাতি সমাজৰ ধৰ্ম, সংস্কৃতি, পৰম্পৰা, অস্মিতা, পৰিচয়ক সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে অহা ২৬ আৰু ২৭ এপ্ৰিলত মাজুলীত এক বিশাল কৰ্মশালাৰ আয়োজন কৰা হৈছে ।"
তেওঁ কয়, "উক্ত কর্মশালাত অসমৰ প্ৰত্যেক জিলাৰ পৰা ৪০০ ৰো অধিক কাৰ্যকৰ্তা, আমন্ত্রিত গণ্যমান্য ব্যক্তি, জনজাতীয় ধৰ্মগুৰুৰ লগতে সৰ্বভাৰতীয় জনজাতীয় আন্দোলনৰ কৰ্ণধাৰ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকি মাৰ্গ দৰ্শন কৰিব । অনৈতিক আৰু অসাংবিধানিক ধর্মান্তৰকৰণক প্ৰতিৰোধ কৰিবৰ বাবে তৃণমূল পৰ্যায়ত জনজাতীয় জনসাধাৰণক সজাগ কৰিব লাগিব ।"