চৰকাৰে ৰাইজক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা দিব লাগে : ৰিপুণ বৰা - Ripun Bora on Medical Charge Hike
Medical charge hike : এক আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি পালে চিকিৎসা মাচুল । পঞ্জীয়নকে ধৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাচুল বৃদ্ধি হৈছে । এই মাচুল বৃদ্ধিৰ বিৰোধিতা কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ ।

Published : August 2, 2024 at 8:29 PM IST
গুৱাহাটী, ২ আগষ্ট : চৰকাৰে পহিলা আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ চিকিৎসা সেৱা মাচুল বৃদ্ধি কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । চৰকাৰী চিকিৎসা সেৱা ব্যয়বহুল কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয়," হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সিদ্ধান্ত অনুযায়ী ১ আগষ্টৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসা সেৱা মাচুল ১০০ শতাংশ বৃদ্ধি কৰিছে জি এম চি এইচ কৰ্তৃপক্ষই । পঞ্জীয়ন মাচুলকে ধৰি মুঠ ১০৭ টা বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি কৰাৰ দৰে এটা হঠকাৰী সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু অতিশীঘ্ৰেই বিজেপি চৰকাৰক এই বৰ্ধিত মাচুল প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছো ।"
দৰিদ্ৰ জনগণৰ ওপৰত মাধমাৰ :
বিজেপি চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দি ৰিপুণ বৰাই কয়," মেডিকেল কলেজত ৰোগীৰ পঞ্জীয়ন মাচুল ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি কৰা হৈছে । সেইদৰে বায়'কেমেষ্ট্ৰীৰ পৰীক্ষাসমূহৰ মাচুল ২০ শতাংশ বৃদ্ধি কৰা হৈছে । থাইৰয়ড পৰীক্ষা ৬০০ টকাৰ পৰা ৮০০ টকা কৰা হৈছে। 'ডি' ভিটামিনৰ পৰীক্ষা ১২০০ টকাৰ পৰা ১৫০০ টকা, পেয়িং কেবিনৰ ১০০০ টকাৰ পৰা ১২০০ টকালৈ বৃদ্ধি কৰা হৈছে । ঠিক এইদৰে ১০৭ বিধ বিভিন্ন পৰীক্ষাৰ মাচুল ১০০ শতাংশলৈ বৃদ্ধি কৰা হৈছে । ইয়াৰ দ্বাৰা চৰকাৰে দৰিদ্ৰ জনগণৰ ওপৰত মাধমাৰ শোধাইছে।"
অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়," স্বাস্থ্য সেৱাটো চৰকাৰ এখনৰ বাবে মূল সেৱা । নিয়ম মতে, চৰকাৰে ৰাইজক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা দিব লাগে । কিন্তু আজি বিনামূলীয়াতো দূৰৈৰ কথা, মাচুল বৃদ্ধিহে কৰা হৈছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ আমোলত স্বাস্থ্যমন্ত্রী থকাৰ দিনৰ পৰা আজিলৈকে কেৱল জধে-মধে নিৰ্মাণকাৰ্য কৰা হৈছে । কমিছনৰ আশাত কেৱল হাস্পতাল নিৰ্মাণ কৰিছে, সা-সজুলি ক্ৰয় কৰিছে । কিন্তু সেইবোৰ পৰিচালনা কৰাৰ বাবে মানুহ দিব পৰা নাই ।"
চৰকাৰে কাবুলীৰ দৰে তেজ শুহি খাবলৈ ধৰিছে :
তেওঁ পুনৰ কয়, " চিকিৎসক-নাৰ্ছৰ অভাৱত ৰাইজে সমস্যা ভোগ কৰি আহিছে । ইফালে, মূল্যবৃদ্ধিৰ প্ৰকোপত ৰাইজৰ হাহাকাৰ অৱস্থা হৈছে । তেনে এক অৱস্থাৰ মাজতে চৰকাৰে কাবুলীৰ দৰে ৰাইজৰ তেজ শুহি খাবলৈ ধৰিছে । আমি তৃণমূল কংগ্ৰেছে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছো । চৰকাৰক অতি শীঘ্ৰে বৃদ্ধি কৰা এই মাচুল প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাইছো ।"

