অবিনাশৰ দৰে যাতে কোনেও এনেদৰে কৰুণ মৃত্যুক সাবটি ল'ব লগা নহয় : ৰিপুণ বৰা - Minor boy drowns in drain
মহানগৰীৰ উন্মুক্ত নলাত পৰি প্ৰাণ হেৰুওৱা অবিনাশ সৰকাৰৰ বাসগৃহত উপস্থিত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দল । চৰকাৰক মহানগৰীৰ যিমানবোৰ উন্মুক্ত নলা আৰু বিপদজ্জনক পথ আছে সেইবোৰৰ নিৰাপদ ব্যৱস্থা কৰাৰ দাবী জনাই ৰিপুণ বৰাই ।

Published : July 10, 2024 at 10:06 PM IST
গুৱাহাটী,১০ জুলাই: মহানগৰীৰ উন্মুক্ত নলাত পৰি প্ৰাণ হেৰুওৱা অবিনাশ সৰকাৰৰ বাসগৃহত এতিয়া নেতা-মন্ত্ৰীৰ সোঁত । বিভিন্নজনে মৃত শিশুটিৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জনোৱাৰ সময়তে বুধবাৰে নুনমাটি ভবাণীপুৰ শ্যামনগৰৰ অবিনাশৰ বাসগৃহত উপস্থিত হয় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দল । অবিনাশৰ বাসগৃহত উপস্থিত হৈ সভাপতিগৰাকীয়ে কয়, "এয়ে যেন শেষ ঘটনা হওঁক । যেন অবিনাশৰ দৰে কোনেও এনেদৰে কৰুণ মৃত্যুক সাবটি ল'ব লগা নহয় ।"
তেওঁ লগতে কয়, "এই ঘটনাৰ পৰা চৰকাৰে এটা শিক্ষা লওঁক ।" লগতে মহানগৰী যিমানবোৰ উন্মুক্ত নলা আৰু বিপদজ্জনক পথ আছে সেইবোৰৰ নিৰাপদ ব্যৱস্থা কৰাৰ বাবে তেওঁ দাবী জনায় । অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বাসগৃহটোত উপস্থিত হৈ কণমানি অবিনাশ চৰকাৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰিপুণ বৰাই দুৰ্ভগীয়া অবিনাশৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালটোৰ সকলো সদস্যক সাক্ষাৎ কৰি সান্ত্বনা দিয়াৰ লগতে সমবেদনা জনায় ।
ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কয়, "ভগৱানৰ ওচৰত অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো । ইয়াত উপস্থিত হৈ দেখিছো অবিনাশৰ পিতৃৰ অৱস্থা সিমান ভাল নহয় । পেটে ভাতে খাই আছে । চৰকাৰলৈ আহ্বান জনাইছো অবিনাশৰ পিতৃক অনুদান দি এক সংস্থাপনৰ ব্যৱস্থা কৰক । গুৱাহাটীত এনে ঘটনা পূৰ্বতেও হৈছে চৰকাৰ ইয়াৰ পৰা শিক্ষা লোৱা উচিত । গুৱাহাটী পৌৰ নিগমে এইবোৰ বিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগে ।"
যিহেতু গুৱাহাটীবাসীয়ে পৌৰ নিগমক টেক্স দি আছে । পৌৰ নিগমে ইয়াৰ সঠিক ব্যৱস্থা কৰিব লাগে । আন আন দল-সংগঠনে আগবাঢ়ি আহি এক জনমত গঠন কৰি উন্মুক্ত নলাসমূহ নিৰাপদ কৰাৰ বাবে চৰকাৰ ওচৰত দাবী জনাব লাগে বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

