চিন্তনীয় ! বনাঞ্চলৰ ভূমি বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে অসম
ৰাজ্যৰ বনমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে অৰণ্য সুৰক্ষা সমিতিৰ সভাপতি দিলীপ নাথে৷ কিয়নো বেদখলকাৰীক উচ্ছেদ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বনবিভাগ ৷

Published : February 8, 2025 at 1:17 PM IST
তেজপুৰ : বনাঞ্চলৰ ভূমি বেদখল কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে অসমৰ নাম ৷ ৰাজ্যৰ ২ লাখ ১৩ হাজাৰ ২৫৪ হেক্টৰ অৰ্থাৎ প্ৰায় ১৬ হাজাৰ বিঘাতকৈ অধিক বনাঞ্চল আৰু অভয়াৰণ্যৰ ভূমি বেদখল হৈছে ৷ শেহতীয়াকৈ এক চৰকাৰী প্ৰতিবেদনত প্ৰকাশিত এই তথ্যই কিন্তু চৰকাৰ দাবীক একপ্ৰকাৰ নস্যাৎ কৰি ইয়াৰ বিপৰীত ছবি এখনহে দাঙি ধৰিছে ৷
লক্ষণীয়ভাৱে কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে লোকসভাত দেশৰ ভিতৰত অসমতে সৰ্বাধিক বনাঞ্চল থকা বুলি দাবী কৰাৰ পিছতে অসমৰ বনাঞ্চল ভূমি সংকটৰ বিষয়টো চৰ্চালৈ আহিছে। মন্ত্ৰী গৰাকীৰ এই তথ্যৰ বিপৰীতে কিন্তু চৰকাৰী তথ্যমতে বেলেগ অৰ্থাৎ তাৰ ওলোটাহে প্ৰকাশ পাইছে কাৰণ উক্ত ৰিপোৰ্টমতে বনাঞ্চলৰ ভূমি বেদখলৰ ক্ষেত্ৰত অসম শীৰ্ষ স্থানত থকাই নহয় বনাঞ্চল ধ্বংসৰ হাৰও অধিক হোৱা দেখিবলৈ পোৱা গৈছে ।
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অন্তৰ্গত ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট (আই এছ এফ আৰ) ISFR ৰ ২০২৩ (https://fsi.nic.in/uploads/isfr2023/isfr_book_eng-vol-2_2023.pdf) অনুসৰি অসমত বৰ্তমান ১৯,৬৯৯.৭৩ বৰ্গ কিলোমিটাৰ বনাঞ্চল আছে যদিও কেৱল ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰতে ৰাজ্যখনে ৮৬.৬৬ বৰ্গ কিলোমিটাৰ বনাঞ্চল হেৰুৱাইছে। প্ৰতিবেদনত লগতে প্ৰকাশ পাইছে যে অসমৰ ২,১৩,২৫৩.৯১ হেক্টৰ বনাঞ্চল বেদখল হৈছে— যি ভাৰতৰ ভিতৰতে সৰ্বাধিক, তাৰ পিছতে আছে মহাৰাষ্ট্ৰ (৫৭,৫৫৪.৮৭ হেক্টৰ) আৰু অৰুণাচল প্ৰদেশ (৫৩,৪৯৯.৯৬ হেক্টৰ)। ইফালে লক্ষদ্বীপ আৰু পুডুচেৰীয়ে বেদখলৰ ফলত ভূমি হেৰুওৱাৰ পৰিমাণ শূন্য হেক্টৰ ৷

অসমৰ প্ৰেক্ষাপটত চাবলৈ গ’লে ৰাজ্যৰ ভিতৰত সৰ্বাধিক বনাঞ্চল বেদখল হৈছে শোণিতপুৰ আৰু ওদালগুৰি জিলাত ৷ শোণিতপুৰৰ সোনাই ৰূপাই অভয়াৰণ্য, চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চল বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান ৷ অবাধ হাৰত হোৱা বেদখল সম্পৰ্কত অৰণ্য সুৰক্ষা সমিতিয়ে সেউজ ন্যায়ধীকৰণ আৰু উচ্চ ন্যায়ালয়ত পৃথকে পৃথকে গোচৰ তৰাৰ পিছত ৰাজ্য চৰকাৰক ভৰ্ৎসনা কৰিছে দুই ন্যায়ালয়ে ৷ তাৰ পিছতো ৰাজ্য চৰকাৰে এইসকল বেদখলকাৰীক উচ্ছেদ কৰিবলৈ সক্ষম হোৱা নাই ৷
অভিযোগ অনুসৰি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্যকালতেই এইসমূহ বনাঞ্চলত সৰ্বাধিক বেদখল হৈছে ৷ ৰাজ্য চৰকাৰে এই বেদখলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সাহস নকৰাৰ অভিযোগ তুলি ৰাজ্যৰ বনমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে অৰণ্য সুৰক্ষা সমিতিৰ সভাপতি দিলীপ নাথে ৷

তেওঁ কয়, "বনাঞ্চল সংকুচিত হোৱাৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷" প্ৰতিবেদনখনে বনবিভাগৰ এই দুৰ্বলতা উন্মোচন কৰাৰ পিছত ৫ তথা ৬ ফেব্ৰুৱাৰীৰ দিনটোক ক’লা দিৱস হিচাপে পালন কৰিবলৈ বনবিভাগক আহ্বান দিলীপ নাথৰ ৷ নাথে লগতে কয়, " অসমত ১৬ হাজাৰ বিঘা বনাঞ্চলৰ ভূমি বেদখল হৈছে ,এই তথ্য প্ৰমাণ হৈছে , ইয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ বন বিভাগৰ দায়িত্ব থকা অসমৰ বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক অপসাৰণ কৰিব লাগে আৰু এজন দক্ষ ব্যক্তিক বন বিভাগৰ দায়িত্ব অৰ্পণ কৰিব লাগে।" অসমৰ বন বিভাগৰ শীৰ্ষ বিষয়া সকলক ৫ -৬ ফেব্ৰুৱাৰীৰ দিনটো অসমৰ বন বিভাগৰ এক ক'লা দিৱস পালন কৰিবলৈয়ো আহ্বান জনায় নাথে ।

উল্লেখ্য যে, শোণিতপুৰ জিলাৰ সোনাই-ৰূপাই বনাঞ্চলৰ প্ৰকৃত এলেকা হৈছে ২২,০০০.০০ হেক্টৰ ৷ ইয়াৰে বেদখল হৈছে ১০,০০০.০০ হেক্টৰ ভূমি ৷ চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ২৪,০৭২.০০ হেক্টৰ ভূমিৰ ২২,০০০.০০ হেক্টৰ বেদখলৰ কবলত পৰিছে ৷ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ১৮,৯৭২.০০ হেক্টৰৰ ভিতৰত ১০,০০০.০০ হেক্টৰ ভূমি, চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চলৰ ৩৩৯.৮৬ হেক্টৰৰ ভিতৰত ২০০.০০ হেক্টৰ আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ৮,১৪১.০০ হেক্টৰৰ ভিতৰত ৮,০৪১.০০ হেক্টৰ ভূমি বেদখলৰ কৱলত পৰিছে ।
মুঠ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ ৭৩,৫২৪.৮৬ হেক্টৰ ভূমিৰ ভিতৰত ৫০,২৪১.০০ হেক্টৰ ভূমি বেদখলৰ কবলত আছে ৷ অৰ্থাৎ বনাঞ্চলৰ এক বুজন পৰিমাণৰ ভূমিত বিভিন্ন প্ৰকাৰে বেদখল হৈ থকাৰ তথ্য অসম চৰকাৰৰ শপতনামাত উল্লেখ আছে ।
লগতে পঢ়ক : ১৫ বছৰে কিয় বন্ধ হৈ আছিল কাজিৰঙাৰ পাণবাৰী ? লগতে পঢ়ক : তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমিত নগাই চলাইছে বেদখল |

