ETV Bharat / state

গৰম শাম কাটিব, আহি আছে বৰষুণ

পৰৱৰ্তী ২৪ ঘণ্টাত প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷

ASSAM WEATHER REPORT
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 7:56 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: গৰমৰ পৰা সাময়িকভাৱে সকাহ পাব ৰাজ্যবাসীয়ে ৷ কিয়নো ৰাজ্যত হ’ব বৰষুণ ৷ গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, পৰৱৰ্তী ২৪ ঘণ্টাত অসমৰ নামনি অঞ্চলৰ লগতে বৰাক উপত্যকাত প্ৰবল বৰষুণ আহিব ।

এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী সঞ্জয় শ্ব'নীলে কয়- ‘‘উত্তৰ-পূৱ অসম আৰু চুবুৰীয়া অঞ্চলৰ গড়ে সমুদ্রপৃষ্ঠত সম্প্ৰতি ঘূর্ণী বতাহ অহাৰ বাবে পৰৱৰ্তী ২৪ ঘণ্টাত অসমৰ নামনি আৰু বৰাক উপত্যকাত প্ৰবল বৰষুণ আহিব । ১২ এপ্ৰিলৈকে নামনি আৰু বৰাক উপত্যকাৰ কেইখনমান জিলাত বৰষুণ অব্যাহত থাকিব ৷’’

ASSAM WEATHER REPORT
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী (ETV Bharat Assam)

তেওঁ লগতে কয়- ‘‘অহা দুদিনলৈ ৰাজ্যৰ কোনো কোনো অঞ্চলত ধুমুহা, বিজুলী-গাজনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে । বৰষুণৰ ফলত অৱশ্যে সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমানৰ বিশেষ তাৰতম্য নহয় ৷’’

আনহাতে, এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ‘‘যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ নামনি অসমৰ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, তামুলপুৰ, বাক্সা, চিৰাং, নলবাৰী, বৰপেটা, কামৰূপ, কোকৰাঝাৰ আদি জিলাত মুষলধাৰ বৰষুণ হোৱাৰ লগতে ৩০ কিলোমিটাৰ গতিবেগত বতাহ বলিব । কামৰূপ মহানগৰ জিলাৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব । অহা তিনিদিনলৈকে বৰষুণৰ পৰিস্থিতি অব্যাহত থাকিব । অঞ্চল-বিশেষে ঘণ্টাত ৩০-৫০ কিলোমিটাৰ গতিবেগত ধুমুহা বতাহৰ লগতে বিজুলী গাজনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে।’’

ASSAM WEATHER REPORT
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী (ETV Bharat Assam)

গুৱাহাটীতো এই সময়ছোৱাত আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে । মঙলবাৰে নিশা মহানগৰীৰ কোনো কোনো অঞ্চলত বৰষুণ হয় ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, পৰৱৰ্তী সাদিনত মহানগৰখনৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমান ক্ৰমে ৩২ ডিগ্ৰী আৰু ১৮ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে ।

ASSAM WEATHER REPORT
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী (ETV Bharat Assam)

গুৱাহাটীত বায়ুৰ গড় গুণমান সূচকাংক সন্তোষজনক

বৰষুণৰ প্ৰভাৱত গুৱাহাটীৰ বায়ুৰ মান যথেষ্ট উন্নত হৈছে ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি, বুধবাৰৰ দিনটোত গুৱাহাটীত বায়ুৰ গড় গুণমান সূচকাংক হ'ল ৯১, যিটো সন্তোষজনক বুলি গণ্য কৰা হয় । অৱশ্যে নলবাৰী আৰু নগাঁৱত বায়ুৰ মান মধ্যমীয়া হৈ আছে । চহৰ দুখনত বুধবাৰে বায়ুৰ গড় সন্তোষজনক সূচকাংক আছিল ক্ৰমে ৯৮ আৰু ৯৬ ।

লগতে পঢ়ক: আমবাৰীৰ অগপৰ কাৰ্যালয়টোতো বুলড'জাৰ চলিব !