ETV Bharat / state

এশৰো অধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণৰে চলিছে ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ প্ৰস্তুতি

চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ পৰম্পৰাগত ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িব অসমে ! তীব্ৰ গতিত চলিছে প্ৰস্তুতি ।

Jhumur dance world record underway with the participation of more than a hundred trainees in Dergaon
ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ প্ৰস্তুতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 26, 2025 at 10:09 AM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট: অসম চৰকাৰৰ উদ্যোগত ঝুমুৰক বিশ্ব দৰবাৰলৈ নিয়াৰ উদেশ্য দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিচাৰ লগতে ৪ খন চাহ বাগিচাৰ যুৱক-যুৱতীসকলক লৈ বুধুৱা নায়ক বিদ্যালয়ৰ খেল পথাৰত ঝুমুৰৰ নৃত্য কৰ্মশালা অনুষ্ঠিত হয় । দেৰগাঁও সম জিলা ভিত্তিত তিনিদিনীয়াকৈ ঝুমুৰ নৃত্য কৰ্মশালাত ১০০ জনৰো অধিক যুৱক-যুৱতীক মাষ্টাৰ ট্ৰেইনাৰৰ জৰিয়তে ঝুমুৰ নৃত্য কৰ্মশালা প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

তিনিদিনীয়া কৰ্মশালাৰ পিছত ২৮ জানুৱাৰী তাৰিখে গোলাঘাট হাতীয়েখোৱা খেলপথাৰত যুৱক-যুৱতীক শেষ কৰ্মশালাৰ যোগেদি নিৰ্বাচিত কৰা হ'ব আৰু ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মেগা ঝুমুৰ জৰিয়তে বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰিব ।

ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ প্ৰস্তুতি (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী প্ৰশিক্ষকে কয়, "এই প্ৰশিক্ষণত এশৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে । ২৮ জানুৱাৰীত নিৰ্বাচিত হ'ব তাৰ পূৰ্বে আমি অলপ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছো । যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা তিনিটা দিন মাষ্টাৰ প্ৰশিক্ষকসকলে কিছু প্ৰশিক্ষণ দিব আৰু ২৮ জানুৱাৰীত হাতীয়েখোৱাত সমষ্টি ভিত্তিত নিৰ্বাচনত আগবেলা নৃত্য চাম আৰু পাছবেলা নিৰ্বাচন কৰিম আৰু ফ্ৰেব্ৰুৱাৰীত জিলা ভিত্তিত নিৰ্বাচিত হ'ব ।"

আনহাতে এই সম্পৰ্কে আন এজন প্ৰশিক্ষকে কয়, "চৰকাৰৰ নিৰ্দেশ মৰ্মে সমষ্টি ভিত্তিত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ । যিহেতু ২৮ তাৰিখে নিৰ্বাচন কৰা হ'ব ৷ কিন্তু তাৰ আগতে জিলা আয়ুক্তৰ নিৰ্দেশত আমি এই বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ । আজি চক্ললিটিং, বাঁহ বাৰী, নেঘেৰিটিং, কৰাইখোৱা আৰু বালিজান এই পাঁচখন বাগিচাৰ নাচনী আৰু ঢুলীয়াসকলক একগোট কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ । ইয়াৰ উপৰিও মই আশাবাদী আজি প্ৰশিক্ষণ গ্ৰহণ কৰা এই নাচনীসকলৰ মাজৰ প্ৰায় ৯০ গৰাকীয়ে সুন্দৰকৈ ঝুমুৰ প্ৰদৰ্শন কৰিছে ।"

লগতে পঢ়ক: লক্ষ্য ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ; প্ৰস্তুতি আৰম্ভ - JHUMUR WORLD RECORD

এডভাণ্টেজ আছাম ২.O : ঝুমুৰ নৃত্যই পাব বিশেষ স্থান - ADVANTAGE ASSAM SUMMIT