শিক্ষক সমাজৰ ডিজিটেল বিদ্ৰোহ: কাৰ বিৰুদ্ধে সোঁচ্চাৰ হ’ল এইসকল শিক্ষক
বৰ্তমানলৈ ৰাজ্যৰ প্ৰায় দুই লাখ শিক্ষকে শিক্ষা বিষয়া, সমল কেন্দ্র সমন্বয়ক আদিয়ে খোলা সকলো হোৱাটছএপ গ্ৰুপৰ পৰা ওলাই আহি বিদ্ৰোহ আৰম্ভ কৰিছে ।

Published : October 19, 2024 at 6:25 PM IST
গুৱাহাটী, ১৯ অক্টোবৰ: ৰাজ্যৰ শিক্ষক সমাজে শুকুৰবাৰৰ পৰা আৰম্ভ কৰিছে ডিজিটেল বিদ্ৰোহ । সদৌ অসম সম্মিলিত শিক্ষক মঞ্চৰ আহ্বানমর্মে শুকুৰবাৰে শিক্ষকসকলে শিক্ষা বিষয়া, সমল কেন্দ্র সমন্বয়কে খোলা বিভাগীয় হোৱাটছএপ গ্ৰুপৰ পৰা ওলাই আহে । ইয়াৰ সমান্তৰালকৈ পহিলা নৱেম্বৰৰ পৰা শৈক্ষিক দিনপঞ্জীত সন্নিবিষ্ট নথকা জাপি দিয়া নির্দেশনা পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল শিক্ষকে ।
এই সন্দৰ্ভত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ প্ৰচাৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয়, "অতি শেহতীয়াভাৱে সমগ্ৰ শিক্ষা অভিযান মিছনৰ এটা ৱাটছএপে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ সমগ্ৰ শিক্ষা অভিযান মিছনৰ বিভিন্ন পৰ্যায়ৰ বিষয়া, সমল কেন্দ্র সমন্বয়ক, গাণনিক আদি বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীসকলৰ বিভিন্ন ধৰণৰ ৱাটছএপ গ্রুপ আছে ৷ তদুপৰি ৰাজ্যৰ শিক্ষা বিষয়াসকলৰ ৱাটছএপ গ্রুপ আছে ৷ এই গ্রুপত যেতিয়াই-তেতিয়াই যিকোনো নিৰ্দেশনা দি আহিছে ৷"
তেওঁ লগতে কয়, " এই গ্রুপে এনেধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে যে, আজি যদি নিশা ১২ বজাত নিৰ্দেশনা দিয়ে আৰু আমি পুৱা ১০ বজাত সেয়া পালন কৰিবলগীয়া হয় । সেয়ে শিক্ষা বিষয়া, সমল কেন্দ্র সমন্বয়ক আদিয়ে খোলা সকলো হোৱাটছএপ গ্ৰুপৰ পৰা ওলাই অহাৰ লগতে পহিলা নৱেম্বৰৰ পৰা শৈক্ষিক দিনপঞ্জীত অন্তৰ্ভুক্ত নথকা শিক্ষা বিভাগৰ অনা শৈক্ষিক নির্দেশনা পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"
প্ৰচাৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে অনুমানিক প্ৰায় দুই লাখ শিক্ষক-কৰ্মচাৰীয়ে ৱাটছএপ গ্রুপৰ পৰা ওলাই আহিছে ৷ আন শিক্ষক-কৰ্মচাৰীসকলো পৰ্যায়ক্ৰমে এই গ্রুপৰ পৰা ওলাই আহিব বুলি তেওঁ আশা ব্যক্ত কৰে ৷
লগতে পঢ়ক: শৈক্ষিক দিনপঞ্জীৰ বৰ্হিভূত অতিৰিক্ত দায়িত্বৰ বোজা নোলোৱাৰ ঘোষণা ৰাজ্যৰ শিক্ষক সমাজৰ

