ETV Bharat / state

জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ দাবী ৰাজ্যিক সাংবাদিক সন্থাৰ

জুবিন গাৰ্গক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন মৰোণোত্তৰভাৱে প্ৰদান কৰিবলৈ অসম ৰাজ্যিক সাংবাদিক সন্থাই আহ‌বান জনাইছে ।

Bharat Ratna demands to Zubeen
স্মাৰক-পত্ৰ প্ৰদানৰ সময়ত ৰাজ্যিক সাংবাদিক সন্থাৰ বিষয়ববীয়াসকল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 25, 2025 at 2:34 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: ছিংগাপুৰত জুবিন গাৰ্গে ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লোৱাৰ পাছত সমগ্ৰ অসমতে উচিত তদন্তৰ দাবীত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ গুণমুগ্ধ । ইয়াৰ মাজতে অসম ৰাজ্যিক সাংবাদিক সন্থাই এই শিল্পীগৰাকীক ভাৰতৰত্ন প্ৰদান কৰাৰ দাবী জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

অকালতে হেৰাই যোৱা শিল্পী জুবিন গাৰ্গক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন মৰোণোত্তৰভাৱে প্ৰদান কৰিবলৈ অসম ৰাজ্যিক সাংবাদিক সন্থাই আহ‌বান জনাইছে । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছে । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সম্পাদক প্ৰদীপ কুমাৰ ডেকা স্বাক্ষৰিত স্মাৰক-পত্ৰত জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিলে দেশো ধন্য হ'ব বুলি উল্লেখ কৰিছে ।

জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ দাবী ৰাজ্যিক সাংবাদিক সন্থাৰ (ETV Bharat Assam)

বোকাখাত সমজিলা আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সম্পাদক প্ৰদীপ কুমাৰ ডেকা আৰু বিষয়ববীয়াসকলে ।

এই সম্পৰ্কে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই কয়, "আমাৰ অতিকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৱে অসমৰ লগতে সমগ্ৰ দেশ শোকস্তব্ধ হৈছে । তেওঁৰ যি জনপ্ৰিয়তা আৰু সৃষ্টিশীল কৰ্মৰাজি সেই কথা সকলোৱে স্বীকাৰ কৰিব লাগিব । লক্ষ লক্ষ লোক তেখেতৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰা এইটো অদ্বিতীয় বুলি ক'ব পাৰি ।"

তেওঁ লগতে কয়, "ভাৰতবৰ্ষত আজিলৈকে মৃতদেহ লৈ এনেধৰণৰ শোভাযাত্ৰা হোৱা নাই । পৃথিৱীৰ শিল্পী হিচাপে চতুৰ্থ নম্বৰত তেখেত আছে । গতিকে এনে এজন ব্যক্তি যিজন গীতিকাৰ, সুৰকাৰ, কবি, চলচ্চিত্ৰ পৰিচালক, অভিনেতা সকলো দিশতে পাৰ্গত এজন শিল্পী আছিল জুবিন গাৰ্গ ।"

Bharat Ratna demands to Zubeen
স্মাৰক-পত্ৰ প্ৰদানৰ সময়ত ৰাজ্যিক সাংবাদিক সন্থাৰ বিষয়ববীয়াসকল (ETV Bharat Assam)

আনহাতে, জুবিনৰ মৃত্যু সন্দৰ্ভত তেওঁ কয়, "তেওঁৰ মৃত্যুক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে । আমি চৰকাৰক দাবী জনাইছোঁ যে তেখেতৰ মৃত্যুৰ প্ৰকৃত তদন্ত হওক । যদি কাৰোবাৰ অৱহেলাৰ বাবে তেখেতৰ মৃত্যু হৈছে তাক উচিত শাস্তি প্ৰদান কৰক ।"

তেওঁ আৰু কয়, "আজি আমি অসমৰ বিভিন্ন ঠাইৰ সাংবাদিকৰ হৈ অসম ৰাজ্যিক সাংবাদিক সন্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এই কথা উল্লেখ কৰিছোঁ । ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকলে কাম-কাজ কৰে তেখেতসকলক ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰা হয় । আৰু আমি প্ৰধানমন্ত্ৰীক অনুৰোধ জনালোঁ যে জুবিন গাৰ্গক এই সন্মান মৰোণোত্তৰভাৱে প্ৰদান কৰিব লাগে ।"

লগতে কয়, "ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীসভাত আমাৰ দুজন মন্ত্ৰী আছে সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা । উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদসকলে এই দিনটোতে গুৰুত্ব আৰোপ কৰে । আনহাতে, এইকেইদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে কষ্ট কৰিছে তাৰ বাবে শলাগ ল'ব লাগিব আৰু অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ লগতে অসমৰ সকলো দল-সংগঠনে এই সম্পৰ্কে মাত মাতিবলৈ আহ্বান জনালোঁ আৰু তেখেতৰ মৃত্যুৰ সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনালোঁ ।"

লগতে পঢ়ক :অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীৰ চিতাভস্মক সাক্ষী কৰি ৩০ সহস্ৰাধিকে গালে 'মায়াবিনী'
লগতে পঢ়ক :শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পানী নসৰকা তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবী : মুখ্যমন্ত্ৰীলৈ আছুৰ জৰুৰী পত্র