পেঞ্চনপ্ৰাপ্ত সাংবাদিক বৃদ্ধি কৰাৰ দাবী অসম ৰাজ্যিক সাংবাদিক সন্থাৰ - Assam State Journalists Association
Assam State Journalists' Association: গোলাঘাটত অনুষ্ঠিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ বঁটা বিতৰণী সভা । উক্ত কাৰ্যনিৰ্বাহক সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে অসমৰ সমাজ জীৱনত বিশেষ বৰঙণি আগবঢ়োৱা সাংবাদিক, সাহিত্যিক আৰু চৰকাৰী বিষয়াক বিশেষ সম্বৰ্ধনা ।

Published : September 28, 2024 at 8:07 PM IST
গোলাঘাট,২৮ ছেপ্টেম্বৰ: শনিবাৰে গোলাঘাট জিলা সমিতিৰ আতিথ্যত পৌৰসভাৰ সভাগৃহত অনুষ্ঠিত হয় অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ বঁটা বিতৰণী সভা । সমবেত সংগীতৰে আৰম্ভ হোৱা এই কাৰ্যনিৰ্বাহক সভাত প্ৰথমে অসম ৰাজ্যিক সাংবাদিক সন্থা গোলাঘাট জিলা সমিতিৰ সভাপতি পৰাগ বৰুৱাৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় ।
জিলা সম্পাদক পবন কামানে আঁত ধৰা উক্ত বঁটা বিতৰণী সভাত উদ্বোধন কৰে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । সভা উদ্বোধনৰ পাছত অসমৰ সমাজ জীৱনত বিশেষ বৰঙনি আগবঢ়োৱা জিলাখনৰ বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, গোলাঘাটৰ দিগন্ত কুমাৰ ভূঞা, দিগন্ত কুমাৰ বৰা, কাজিৰঙাৰ ৰঞ্জিত ৰজক, মেৰাপানীৰ আলী হুছেইন, দেৰগাঁৱৰ ইন্দু ভুষণ, খুমটাইৰ নবীন গোঁহাই, বিশিষ্ট সাহিত্যিক সুৰেন্দ্ৰমোহন হাজৰিকা আদিকে ধৰি ১৩ জন ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয় ।
তাৰ পাছতে কেন্দ্ৰীয় সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । অসমৰ প্ৰায় ২০ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা উক্ত কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সভাপতি জিতু শৰ্মা ৰাজখোৱাই জানিবলৈ দিয়ে । তেওঁ কয়,"অসম চৰকাৰে সাংবাদিকক যি পেঞ্চন দিয়াৰ ব্যৱস্থা আছে সেয়া বন্ধ হৈ আছিল আৰু পুনৰ দিবলৈ আৰম্ভ কৰিছে যদিও সমগ্ৰ অসমৰ মাত্ৰ ২০ জন সাংবাদিকক এই পেঞ্চন প্ৰদান কৰি আহিছে ৷ গতিকে ইয়াৰ সংখ্যা বৃদ্ধি কৰিব লাগে ।"
ইয়াৰোপৰি তেওঁ কয়,"সাংবাদিকৰ স্বাস্থ্য বীমা আঁচনি সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হোৱা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মধ্যকালীন অধিবেশন ডিমা হাছাও জিলাত অনুষ্ঠিত কৰা, সাংবাদিকৰ ওপৰত নিগ্ৰহ, নিৰ্যাতন, অব্যাহত আছে এই বিষয়ে চৰকাৰে দোষীক কঠোৰ শাস্তি প্ৰদান কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।" উল্লেখ্য যে আজিৰ এই কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সম্পাদক প্ৰদীপ ডেকাকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

