অসম সৌৰভ বঁটা: অভিভূত বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড৹ পূৰৱী শইকীয়া
অসম সৌৰভ বঁটা প্ৰাপকসকলৰ ভিতৰত আছে লখিমপুৰৰ জীয়ৰী ড৹ পূৰৱী শইকীয়াৰ নাম ।

Published : March 10, 2025 at 4:56 PM IST
লখিমপুৰ: এগৰাকী লখিমপুৰীয়া জীয়ৰী । নিজৰ কৃতিত্বৰে তেওঁ বিভিন্ন বঁটা-বাহনেৰে সমাদৃত হৈছে । তেওঁ হ’ল ড৹ পূৰৱী শইকীয়া । বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা, লখিমপুৰৰ জীয়ৰী তথা ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক ড৹ পূৰৱী শইকীয়াক দেওবাৰে অসম চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰে ৷ এই বাতৰি লাভ কৰাৰ পাছতে তেওঁৰ জন্মস্থান লখিমপুৰত বৈছে আনন্দৰ জোঁৱাৰ ।
উল্লেখ্য যে পূৰৱীয়ে যোৱা বৰ্ষৰ ২২ আগষ্টত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা বিজ্ঞানৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা লাভ কৰিছিল । ইয়াৰ সমান্তৰালভাৱে অসম চৰকাৰৰ কেবিনেটে তেওঁলৈ ৰাজ্যৰ সৰ্বোচ্চ দ্বিতীয় অসামৰিক সন্মান অসম সৌৰভ বঁটা ঘোষণা কৰে । এই লৈ ড৹ পূৰৱী শইকীয়াই অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক ড৹ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ৷
তেওঁ সংবাদ মাধ্যমলৈ এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি কয়, ‘‘কালি অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম সৌৰভৰ বাবে মোৰ নামটো ঘোষণা কৰে । মোৰ নামটো এই বঁটাৰ বাবে মনোনীত কৰাত মই অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।’’

‘‘এগৰাকী অসমীয়া জীয়ৰী হিচাপে মোৰ এই বঁটাপ্ৰাপ্তিত বন্ধু-বান্ধব, পৰিয়ালবৰ্গ, চুবুৰীয়া আদি সকলো নথৈ আনন্দিত হৈছে । অসমৰ নাম বিশ্ব দৰবাৰত জিলিকাই ৰাখিবৰ বাবে মই মোৰ প্ৰচেষ্টা জাৰি ৰাখিম । এই বঁটাপ্ৰাপ্তিৰ বাবে সমগ্ৰ অসমবাসীক মই ধন্যবাদ জনাইছো ।’’ ড৹ পূৰৱী শইকীয়াই কয় ৷
উল্লেখ্য যে, লখিমপুৰ জিলাৰ চিয়াজুলি বাগান গাঁও নিৱাসী কৃষক প্ৰয়াত চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কনিষ্ঠ কন্যা পূৰৱী শইকীয়াই ‘‘Plant ecology, biodiversity conservation and soil ecology’’ ৰ ওপৰত গৱেষণা কৰি শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

এইবাৰ অহা ৩০ মাৰ্চত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ড৹ পূৰৱী শইকীয়াক প্ৰদান কৰিব অসম সৌৰভ বঁটা । এই অসম সৌৰভ বঁটাত থাকিব মানপত্ৰ তথা মেডেলৰ লগতে নগদ ৪ লাখ টকা ।
- পূৰৱী শইকীয়াৰ শিক্ষা জীৱনত এক আলোকপাত :
সৰুৰে পৰা মেধাসম্পন্ন পূৰৱী শইকীয়াই চিয়াজুলিস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল । উক্ত মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পূৰৱীয়ে পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ নিৰিজুলিস্থিত নেৰিষ্টত ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে ।
- কৰ্ম জীৱন :
২০১১ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আগবঢ়োৱা ফেল'শ্বিপ লৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেল ৰিছাৰ্চাৰৰূপে যোগদান কৰিছিল । এই বিশ্ববিদ্যালয়ত কেইমাহমান কৰ্ম সম্পাদন কৰি তেওঁ ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰেগৈ ।

বৰ্তমান বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড৹ পূৰৱী শইকীয়াৰ স্বামী ড৹ অমিত কুমাৰ বানাৰস হিন্দু বিশ্ববিদ্যালয়তে অধ্যাপকৰূপে কৰ্মৰত যদিও বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ অনুৰোধমৰ্মে তেওঁ আমেৰিকাৰ পাৰ্ডিউ বিশ্ববিদ্যালয়ত ইণ্ডো-ইউ এছ ফুল ব্ৰাইট ফেল'শ্বিপৰ বাবে এক গৱেষণাত ব্যস্ত আছে ।
উল্লেখ্য যে ভাৰতবৰ্ষৰ বিজ্ঞানৰ ক্ষেত্ৰখনৰ বিপৰীতে সৰ্বোচ্চ সন্মান লাভ কৰা ড৹ পূৰৱী শইকীয়াই হ'ল অসমৰ প্ৰথম গৰাকী মহিলা । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিষয়ক বিভিন্ন প্ৰতিবেদন সফলতাৰে উপস্থাপন কৰাৰ সুবাদত ড৹ পূৰবী শইকীয়াক লক্ষ্ণৌত অৱস্থিত ‘‘প্ৰফেছৰ এইচ এছ শ্ৰীবাস্তৱ ফাউণ্ডেচন ফৰ ছায়েন্স এণ্ড ছ'চাইটি’’য়ে ২০১৮-১৯ বৰ্ষৰ যুৱ মহিলা নেতৃত্ব বঁটা প্ৰদান কৰিছিল । শেহতীয়াকৈ অসম সৌৰভ বঁটাৰে তেওঁ সন্মানিত হোৱাত সকলোৱে শুভেচ্ছা আৰু অভিনন্দন জনাইছে ।

