ETV Bharat / state

পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ ৰাজ্যিক নিৰ্বাচন আয়োগৰ - ASEC DRAFT ELECTORAL ROLLS

খচৰা ভোটাৰ তালিকাত মুঠ ১,৭৫,৫৪,৫৮৯ গৰাকী ভোটাৰ আছে । ইয়াৰে ভিতৰত ৮৮,২৯,৯২৭ গৰাকী পুৰুষ, ৮৭,২৪,২৭৪ গৰাকী মহিলা আৰু ৩৮৮ গৰাকী অন্যান্য শ্ৰেণীৰ ভোটাৰ ।

Assam State Election Commission
প্ৰতিনিধিত্বমূলক ছবি (ANI)
author img

By ANI

Published : December 14, 2024 at 11:29 AM IST

2 Min Read

গুৱাহাটী : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৷ ৰাজ্য চৰকাৰে ২০২৪ চনত ষষ্ঠ অনুসূচী এলেকা আৰু পৌৰ নিগমৰ এলেকাবোৰ বাদ দি ২৭ খন জিলাৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণৰ ওপৰত নিৰ্ভৰ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে ।

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা অনুসৰি এই খচৰা ভোটাৰ তালিকাত মুঠ ১,৭৫,৫৪,৫৮৯ গৰাকী ভোটাৰ আছে । ইয়াৰে ভিতৰত ৮৮,২৯,৯২৭ গৰাকী পুৰুষ, ৮৭,২৪,২৭৪ গৰাকী মহিলা আৰু ৩৮৮ গৰাকী অন্যান্য শ্ৰেণীৰ ভোটাৰ আছে । আনহাতে, ৰাজ্যখনৰ ২৭ খন জিলাত ৩৯৭ খন জিলা পৰিষদ, ১৮১ খন আঞ্চলিক পঞ্চায়ত, ২,১৯৩ খন গাঁও পঞ্চায়ত আৰু ২১,৯৩০ টা ৱাৰ্ডৰ বাবে মুঠ ২৩,৭৮১ টা ভোটকেন্দ্ৰ আছে ।

"খচৰা ভোটাৰ তালিকাখন গাঁও পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটত (https://ermssec.assam.gov.in) ৰাইজ/ভোটাৰসকলৰ বাবে উপলব্ধ হ'ব । ভোটাৰসকলে খচৰা ভোটাৰ তালিকাত তেওঁলোকৰ নাম ভাৰতীয় নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰদান কৰা নিজৰ ই পি আই চি নম্বৰৰ জৰিয়তে বা উক্ত ৱেবছাইটত চিটিজেন কৰ্ণাৰৰ পৰা তেওঁলোকৰ ভোটকেন্দ্ৰৰ খচৰা তালিকা ডাউনলোড কৰি পৰীক্ষা কৰিব পাৰে ।" অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এক সংবাদমেলত কয় ।

"খচৰা ভোটাৰ তালিকাত নাম সন্নিৱিষ্টৰ ওপৰত যদি কিবা দাবী আৰু আপত্তি থাকে, তেন্তে ডিচেম্বৰৰ 14 তাৰিখৰ পৰা 21 তাৰিখলৈ ইয়াক দাখিল কৰিব পাৰিব । দাবী আৰু আপত্তি দাখিল কৰাৰ প্ৰক্ৰিয়াটো সংশ্লিষ্ট ই আৰ অ'/এ ই আৰ অ'/জিলা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি জানিব পাৰিব । দাবী আৰু আপত্তি দাখিলৰ ফৰ্মেট ই আৰ অ'/এ ই আৰ অ' আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ ।" অসম ৰাজ্যিক নিৰ্বাচন আয়োগে কয় ।

লগতে পঢ়ক :জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন - BORAGAON MARTYRS MEMORIAL PARK
লগতে পঢ়ক :এক লাখ EVM যোগাৰ কৰাটো সহজসাধ্য নহয়; বেলটতে হ’ব পঞ্চায়ত নিৰ্বাচন - ASSAM PANCHAYAT ELECTION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.