Bihar Election Results 2025

ETV Bharat / state

অসম সাহিত্য সভাৰ বঁটা বিতৰ্ক : শিশু গ্ৰন্থ নোহোৱাকৈয়ে শিশু উপযোগী গ্ৰন্থৰ বঁটা !

কোনো বঁটাৰ বাবেই গ্ৰন্থ পঠিওৱা নাছিল লেখিকা-প্ৰকাশকে ৷ চকু কপালত উঠিল লেখিকাৰ ৷

PATHSALA ASSAM SAHITYA SABHA
অসম সাহিত্য সভাৰ বঁটা বিতৰ্ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 4, 2025 at 1:54 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী/বৰপেটা : বিতৰ্কই লগ নেৰা হৈছে অসম সাহিত্য সভাক । বিগত কেইবাবছৰ ধৰি বিভিন্ন ক্ষেত্ৰত বিতৰ্কৰ মাজত সোমাই পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনতো একেই ছবি প্ৰতিফলিত হৈছে । সাহিত্যক লৈ অসম সাহিত্য সভাৰ আচৰিত কাণ্ডই সচেতন ৰাইজৰ চকু কপালত তুলিছে । এইবাৰ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনত সভাই কৰিলে নাভূত নাশ্ৰুত কাণ্ড ।

গ্ৰন্থ নপঢ়াকৈ, গ্ৰন্থৰ বিষয়ে একো নজনাকৈ বঁটা ঘোষণা কৰিলে অসম সাহিত্য সভাই ৷ পাঠশালাত বৃহৎ পৰিসৰত আয়োজন কৰা অসম সাহিত্য সভাৰ অধিৱেশনৰ মাজতেই এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সভাৰ বিৰুদ্ধে । অসম সাহিত্য সভাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে আত্মোৎসৰ্গিতভাৱে সাহিত্যচৰ্চাত ব্ৰতী বুলি পৰিচিত সাহিত্যিক চন্দনা পাঠকে ।

শিশু গ্ৰন্থ নোহোৱাকৈয়ে শিশু উপযোগী গ্ৰন্থৰ বঁটা ! (ETV Bharat Assam)

পাঠশালা অধিৱেশনতো বিতৰ্কৰ পৰা আতৰি আহিব নোৱাৰিলে অসম সাহিত্য সভা ৷ অসম সাহিত্য সভাই সোমবাৰে ঘোষণা কৰিছিল সভাৰ এলানি বঁটাপ্ৰাপকৰ নাম । তাৰ ভিতৰত 'নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা' আগবঢ়োৱা হৈছে সাহিত্যিক চন্দনা পাঠকলৈ । শিশু উপযোগী গ্ৰন্থ হিচাপে চন্দনা পাঠকৰ 'পান্থশালা' গ্ৰন্থৰ বাবে এই বঁটা দিয়া হৈছে বুলি সাহিত্য সভাৰ ঘোষণা । এই বঁটা ঘোষণাৰ পিছতেই লেখিকা চন্দনা পাঠকে সামাজিক মাধ্যমযোগে সভাৰ এই কাণ্ড সন্দৰ্ভত নিজৰ স্পষ্টীকৰণ দাঙি ধৰে ।

সাহিত্য সাধনাৰ নামত আচলতে চলিছে কি ?

স্বাভাৱিকতেই চন্দনা পাঠকৰ এই স্পষ্টীকৰণৰ পিছত সমালোচনাৰ সন্মুখীন হৈছে অসম সাহিত্য সভা ৷ সাহিত্য সাধনাৰ নামত আচলতে চলিছে কি ? গ্ৰন্থখন শিশু গ্ৰন্থ নে আন কিবা গ্ৰন্থ সেয়া নজনাকৈয়ে 'পান্থশালা’লৈ নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা ঘোষণাৰ পিছতেই লেখিকাগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই দৰে—“#Its_a_big_joke_for_me *মোৰ লগতহে কিয় বাৰে বাৰে এনে হয় ? সাহিত্য সাধনাৰ নামত আচলতে চলিছে কি ? ডাঙৰকৈ মেলা পাতিলেই সাহিত্যৰ উত্তৰণ নুবুজায় । এখন কিতাপ পঢ়ি চোৱাৰ ধৈৰ্য নথকা বৰপণ্ডিতসকলে কেনেকৈ সাহিত্যৰ বিচাৰক হয় ? আজি দুপৰীয়া ফোন আহিল কেইবাটাও। মেছেজো আহিল। টিভি চেনেলত হেনো বাতৰিও ওলাল । চন্দনা পাঠকলৈ নকুল চন্দ্ৰ সোঁৱৰণী বঁটা ৷ ”

কোনো বঁটাৰ বাবে গ্ৰন্থই পঠিওৱা নাছিল লেখিকা-প্ৰকাশকে:

নিজৰ গ্ৰন্থই সাহিত্য সভাৰ বঁটা লাভ কৰাৰ খবৰ পাই আচৰিত হৈ পৰে সাহিত্যিক চন্দনা পাঠক । এই কথা পাঠকে ব্যক্ত কৰিছে এইদৰে, “মই আচৰিত ৷ মই কোনো কিতাপ কোনো বঁটাৰ বাবে পঠোৱা নাই । কোনে কি বঁটা দিলে মোক ? ভাবিলোঁ, হয়তো মই নহয়, আন কোনোবাহে । সামৰিলোঁ ।”

চকু কপালত উঠিল লেখিকাৰ :

এই ঘোষণাৰ অলপ পিছতেই ভুল ভাগিল লেখিকাৰ । এগৰাকী পৰিচিত সাংবাদিকে পঠিওৱা ফটোৰ পৰা চন্দনা পাঠক নিশ্চিত হ’ল লেখিকাগৰাকী তেওঁৱেই ৷ তেওঁ এই কথা লিখিছে এইদৰে, “অলপ আগেয়ে সাংবাদিক অৰূপ জ্যোতি মহন্ত দাই ফটো এখন দিলে । শিশু উপযোগী গ্ৰন্থ হিচাপে মোৰ পান্থশালাৰ বাবে মোক নকুল চন্দ্ৰ সোঁৱৰণী বঁটা' দিয়া হৈছে । মোৰ চকু কপালত উঠিল ।”

এনেকৈয়ে চলেনে অসম সাহিত্য সভা ?

'পান্থশালা’ গ্ৰন্থখন শিশু সাহিত্য নে উপন্যাস সেয়া নজনাকৈয়ে নপঢ়াকৈয়ে অসম সাহিত্য সভাই বঁটা দিয়া কাৰ্যত সভাৰ মূল উদ্দেশ্য সাহিত্যক লৈ প্ৰশ্ন তুলিছে লেখিকাগৰাকীয়ে । প্ৰশ্ন তুলিছে বিচাৰকক লৈয়ো ৷ লেখিকা চন্দনা পাঠকে ৰাজহুৱাভাৱে সাহিত্য সভালৈ প্ৰশ্ন তুলিছে, “পান্থশালা কোন ফালৰ পৰা শিশু গ্ৰন্থ ? কাৰ বিচাৰত এই উপন্যাসখন উক্ত বঁটাৰ বাবে নিৰ্বাচনত উঠিল ? এনেকৈয়ে বঁটাবোৰ দি থকা হৈছে নেকি ? এনেকৈয়ে চলেনে অসম সাহিত্য সভা ?“

লগতে লেখিকা চন্দনা পাঠকে আগবঢ়াইছে ৬ টাকৈ যুক্তি । “প্ৰথম কথা হ’ল, কোনো বঁটাৰ বাবে মই বা প্ৰকাশকে আৱেদন কৰা নাই । উক্ত বঁটাটোৰ বাবেও কৰা নাই । আগলৈয়ো নকৰো । দ্বিতীয় কথা হ’ল, পান্থশালা শিশু উপন্যাস নহয় । তৃতীয় কথা হ’ল, এই বঁটাটোৰ বাবে আৱেদন কৰা শিশু সাহিত্যিকসকলৰ মাজৰ পৰা কোনোবা এজন কিয় নিৰ্বাচিত নহ’ল ? সম্প্ৰতি অসমত ভালেকেইগৰাকী শিশু সাহিত্যিকে ভাল কিতাপ লিখি আছে ৷ তেওঁলোকক কিয় বঞ্চনা কৰা হ’ল ? চতুৰ্থ কথা, আৱেদন নকৰা কিতাপ এখন কেনেকৈ এই বঁটাৰ বিচাৰ প্ৰক্ৰিয়াত সোমাল ? পঞ্চম কথা, কিতাপখন পঢ়ি চোৱাহ’লে নিশ্চয় এই বঁটাটো নিদিলেহেঁতেন । তাৰমানে কিতাপ নপঢ়াকৈয়ে বঁটা দিয়া হয় নেকি ? ষষ্ঠ কথাটো, পান্থশালা ২০২২ চনতে পূৰ্বায়ণ প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা গ্ৰন্থ । ২০২৫ ত সেইখন পাণ্ডুলিপিলৈ ৰূপান্তৰিত হ’ল কেনেকৈ ?”

মই মৰি গ’লেও এই বঁটা গ্ৰহণ কৰিব নোৱাৰো:

সামজিক স্বীকৃতি পালে হয়তো সকলো ব্যক্তিয়েই কম-বেছি পৰিমাণে উৎসাহিত হয় ৷ কিন্তু অসম সাহিত্য সভাৰ কাণ্ড দেখি এগৰাকী লেখিকাই ক’বলগীয়া হ’ল, “মই মৰি গ’লেও এই বঁটা গ্ৰহণ কৰিব নোৱাৰো ৷ ডাঙৰ কমেডী হ’ল মোৰ জীৱনত ৷“ সামাজিক মাধ্যমত লেখিকাগৰাকীয়ে লগতে এইদৰে উল্লেখ কৰিছে, “ডাঙৰ কমেডী হ’ল মোৰ জীৱনত । কিন্তু, দুখ লাগিছে অসম সাহিত্য সভাৰ স্বৰূপ দেখি । শিশু সাহিত্যৰ সাধনাত নিমগ্ন হৈ থকা মোৰ ভাইটি-ভণ্টিহঁতৰ মুখবোৰ চকুৰ আগত ভাঁহি উঠিছে । এইবোৰ কাৰণতে মই কোনো বঁটাৰ বাবে আৱেদন নকৰো ৷ নালাগে মোক বঁটা । পাঠকে যে মোৰ লেখা পঢ়ি মন্তব্য কৰে, সেয়াই মোৰ জীৱনৰ প্ৰাপ্তি । মই মৰি গ’লেও এই বঁটা গ্ৰহণ কৰিব নোৱাৰো ৷ কৰাৰ কথাই নাহে । ক’বলৈ গ’লে, এনেকৈ এই বঁটা দি মোৰ কিতাপখনকো অপমান কৰা হৈছে ; মোকো । আৰু সন্ধিয়াৰে পৰা মই যি মানসিক কষ্ট পাইছো, তাৰ বাবেও তেওঁলোক জগৰীয়া ।”

মন কৰিবলগীয়া যে এই সময়লৈকে এই প্ৰসংগত অসম সাহিত্য সভাৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । অসম সাহিত্য সভাই ভুল স্বীকাৰ কৰেনে আত্মপক্ষ সমৰ্থনত কিবা কয় সেয়া হ’ব মন কৰিবলগীয়া ।

অসম সাহিত্য সভাই ঘোষণা কৰা বঁটাসমূহ:

PATHSALA ASSAM SAHITYA SABHA
অসম সাহিত্য সভাৰ বঁটা (ETV Bharat Assam)

নীলমণি সেন ডেকালৈ 'অম্বিকাগিৰী ৰায় চৌধুৰী বঁটা', নলিনীবালা হাজৰিকালৈ 'বাসন্তী বৰদলৈ বঁটা', পাচুগোপাল চক্ৰৱৰ্তীলৈ 'সীতানাথ ব্ৰহ্মচৌধুৰী সোঁৱৰণী বঁটা', জয়কান্ত শৰ্মালৈ 'ভৰত চন্দ্ৰ বৰুৱা স্মাৰক বঁটা', প্রমোদ কলিতালৈ 'কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা', সুমিত্রা হাজৰিকালৈ 'হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটা' আগবঢ়োৱা হৈছে ৷

PATHSALA ASSAM SAHITYA SABHA
অসম সাহিত্য সভাৰ বঁটা (ETV Bharat Assam)

একেদৰে, অপৰাজিতা পূজাৰীলৈ 'গিৰিধৰ শৰ্মা বঁটা', অদিতি খাউণ্ডলৈ 'প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা', চন্দনা পাঠকলৈ 'নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা', হৰিন্দ্ৰ মোহন নাথলৈ 'দুর্গাধৰ বৰকটকী সোঁৱৰণী বঁটা', শংকৰ কুমাৰ দাসলৈ 'গোপাল চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা' আৰু অৰ্কিড অৱ আছামলৈ 'হৰিপ্ৰসাদ নেওগ মুদ্রণ অলংকৰণ বঁটা' আগবঢ়াইছে ।

PATHSALA ASSAM SAHITYA SABHA
অসম সাহিত্য সভাৰ বঁটা (ETV Bharat Assam)

অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটাসমূহ:

ময়ূৰ বৰাক 'চিৰদিন অসমীয়া (সমালোচনা সাহিত্য)', ভৱানী প্রসাদ অধিকাৰীক 'অ' মোৰ সুৱদি মাত', শান্তনু কৌশিক বৰুৱাক 'অসমৰ ঐতিহ্য', ধীৰেন শর্মাক 'অসমৰ যাত্রা অভিনয়ৰ ইতিহাস (গৱেষণাধর্মী)', ড৹ সীমা বৰাক 'ভাষাৰ মৰণ যাত্রা ( প্রবন্ধ )' আৰু সোণমণি দাসক 'সোমদিৰি নৈ জীৱন ঘাট (উপন্যাস)' ৰ বাবে বঁটা আগবঢ়োৱা হৈছে ।

লগতে পঢ়ক:মৃণালিনী দেৱীক অসম সাহিত্য সভাৰ জীৱনজোৰা সাহিত্যপ্ৰাণ সন্মান - ASSAM SAHITYA SABHA

অহৰহ জ্বলিছে ১০০ টা চৌকা, ব্যস্ত ৩৬৫ ৰান্ধনি: পাঠশালা অধিৱেশন লোকাৰণ্য - ASAM SAHITYA SABHA