গুৱাহাটী : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত কেইবাগৰাকী কেবিনেট মন্ত্রীয়ে মুখ্যমন্ত্রীক সংগ দিয়ে ।
কেবিনেটৰ সিদ্ধান্তসমূহ :
১. সৰুসজাই ষ্টেডিয়ামক সৰুসজাই স্প'ৰ্টচ কমপ্লেক্স বুলি জনা যায় । এই ক্ৰীড়া প্ৰকল্পটো কাৰো নামত নামাকৰণ কৰা হোৱা নাছিল । আজিৰ কেবিনেটে সৰুসজাই স্প'ৰ্টচ কমপ্লেক্সটো ‘‘অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প'ৰ্টচ কমপ্লেক্স’’ হিচাপে নামাকৰণ কৰে । এতিয়াৰে পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্প অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প'ৰ্টচ কমপ্লেক্স হিচাপে জনাজাত হ'ব ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam) ২. এছ আই আৰ ডি অৰ্থাৎ ষ্টেট ইনষ্টিটিউট অব ৰুৰেল ডেভেলপমেণ্ট নামৰ প্ৰতিষ্ঠানটোক আজিৰ কেবিনেটে গোলাপ বৰবৰাৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এতিয়াৰে পৰা ষ্টেট ইনষ্টিটিউট অব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামৰ প্ৰতিষ্ঠানটো ‘‘গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট’’ নামেৰে জনাজাত হ'ব ।
৩. দৰং জিলাৰ মঙলদৈৰ জিলা ষ্টেডিয়াম প্ৰথমজন দৰঙী ৰজাৰ নামত নামাকৰণ কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় । ‘‘ৰজা ধৰ্ম নাৰায়ণ ষ্টেডিয়াম’’ হিচাপে মঙলদৈৰ জিলা ষ্টেডিয়ামৰ নামাকৰণ কৰা হয় ।
৪. কাৰ্বি আংলং জিলাৰ থাৰাকুচি গাঁৱত ৯০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ বাবে এটা প্ৰকল্পৰ বাবে আজিৰ কেবিনেট অনুমোদন জনায় । এডভাণ্টেজ অসমৰ যোগেদি গ্ৰীনকো এনাৰ্জীৰ লগত ইয়াৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল । আজিৰ কেবিনেটে ইয়াৰ বাবে অনুমোদন জনাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । এই প্ৰকল্পত তেওঁলোকে ছয় হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰিব ।
৫. কেবিনেটে অসমৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ মূল বাসিন্দাসকলক অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সেৱাৰ বাবে এখন বিশেষ আঁচনিত অনুমোদন জনায় । এই আঁচনিৰ দ্বাৰা ব্যক্তি তথা সম্প্রদায়ক আইনবহিঃর্ভূত ভাবুকিৰ পৰা ৰক্ষা কৰাৰ উপৰি এনে ব্যক্তিসকলৰ ব্যক্তিগত সুৰক্ষা আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব ।
৬. আজিৰ কেবিনেটে টাটা টেকন'লজী লিমিটেডৰ সহযোগত ৩৪ পলিটেকনিক আৰু ৪৩ চৰকাৰী আই টি আইক উৎকর্ষ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে ২৫০ কোটি টকা সাহায্যত অনুমোদন জনায় ।
অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (ETV Bharat Assam) ৭. তৈল খেজুৰ উৎপাদনত উৎসাহ প্রদানৰ বাবে কেবিনেটে ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল খেজুৰ অভিযানৰ অধীনত তৈল খেজুৰৰ উৎপাদনৰ বাবে উপযুক্ত শ্ৰেণীৰ ভূমিৰ শিথিলতাত অনুমোদন জনায় । কেবিনেটে উল্লিখিত অভিযানৰ অধীনত কৃষকসকলক ম্যাদী পট্টা ভূমি আৰু একচনীয়া পট্টা ভূমিৰ লগতে অন্যান্য শ্ৰেণীৰ ভূমিত তৈল খেজুৰ উৎপাদনত অনুমতি প্ৰদান কৰিছে । এই সিদ্ধান্তই ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল খেজুৰ অভিযানৰ অধীনত আৰু অধিক কৃষকক লাভান্বিত কৰিব ।