ETV Bharat / state

সলনি হ’ল সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ নাম, এইজন বিখ্যাত ক্ৰীড়াবিদলৈ সন্মান যাচিলে ৰাজ্য চৰকাৰে

অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ সিদ্ধান্তসমূহ...

Assam Cabinet Decision
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 7:49 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত কেইবাগৰাকী কেবিনেট মন্ত্রীয়ে মুখ্যমন্ত্রীক সংগ দিয়ে ।

কেবিনেটৰ সিদ্ধান্তসমূহ :

১. সৰুসজাই ষ্টেডিয়ামক সৰুসজাই স্প'ৰ্টচ কমপ্লেক্স বুলি জনা যায় । এই ক্ৰীড়া প্ৰকল্পটো কাৰো নামত নামাকৰণ কৰা হোৱা নাছিল । আজিৰ কেবিনেটে সৰুসজাই স্প'ৰ্টচ কমপ্লেক্সটো ‘‘অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প'ৰ্টচ কমপ্লেক্স’’ হিচাপে নামাকৰণ কৰে । এতিয়াৰে পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্প অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প'ৰ্টচ কমপ্লেক্স হিচাপে জনাজাত হ'ব ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
২. এছ আই আৰ ডি অৰ্থাৎ ষ্টেট ইনষ্টিটিউট অব ৰুৰেল ডেভেলপমেণ্ট নামৰ প্ৰতিষ্ঠানটোক আজিৰ কেবিনেটে গোলাপ বৰবৰাৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এতিয়াৰে পৰা ষ্টেট ইনষ্টিটিউট অব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামৰ প্ৰতিষ্ঠানটো ‘‘গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট’’ নামেৰে জনাজাত হ'ব ।৩. দৰং জিলাৰ মঙলদৈৰ জিলা ষ্টেডিয়াম প্ৰথমজন দৰঙী ৰজাৰ নামত নামাকৰণ কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় । ‘‘ৰজা ধৰ্ম নাৰায়ণ ষ্টেডিয়াম’’ হিচাপে মঙলদৈৰ জিলা ষ্টেডিয়ামৰ নামাকৰণ কৰা হয় ।৪. কাৰ্বি আংলং জিলাৰ থাৰাকুচি গাঁৱত ৯০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ বাবে এটা প্ৰকল্পৰ বাবে আজিৰ কেবিনেট অনুমোদন জনায় । এডভাণ্টেজ অসমৰ যোগেদি গ্ৰীনকো এনাৰ্জীৰ লগত ইয়াৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল । আজিৰ কেবিনেটে ইয়াৰ বাবে অনুমোদন জনাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । এই প্ৰকল্পত তেওঁলোকে ছয় হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰিব ।
৫. কেবিনেটে অসমৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ মূল বাসিন্দাসকলক অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সেৱাৰ বাবে এখন বিশেষ আঁচনিত অনুমোদন জনায় । এই আঁচনিৰ দ্বাৰা ব্যক্তি তথা সম্প্রদায়ক আইনবহিঃর্ভূত ভাবুকিৰ পৰা ৰক্ষা কৰাৰ উপৰি এনে ব্যক্তিসকলৰ ব্যক্তিগত সুৰক্ষা আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব ।৬. আজিৰ কেবিনেটে টাটা টেকন'লজী লিমিটেডৰ সহযোগত ৩৪ পলিটেকনিক আৰু ৪৩ চৰকাৰী আই টি আইক উৎকর্ষ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে ২৫০ কোটি টকা সাহায্যত অনুমোদন জনায় ।
Assam Cabinet Decision
অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (ETV Bharat Assam)
৭. তৈল খেজুৰ উৎপাদনত উৎসাহ প্রদানৰ বাবে কেবিনেটে ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল খেজুৰ অভিযানৰ অধীনত তৈল খেজুৰৰ উৎপাদনৰ বাবে উপযুক্ত শ্ৰেণীৰ ভূমিৰ শিথিলতাত অনুমোদন জনায় । কেবিনেটে উল্লিখিত অভিযানৰ অধীনত কৃষকসকলক ম্যাদী পট্টা ভূমি আৰু একচনীয়া পট্টা ভূমিৰ লগতে অন্যান্য শ্ৰেণীৰ ভূমিত তৈল খেজুৰ উৎপাদনত অনুমতি প্ৰদান কৰিছে । এই সিদ্ধান্তই ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল খেজুৰ অভিযানৰ অধীনত আৰু অধিক কৃষকক লাভান্বিত কৰিব ।

লগতে পঢ়ক : স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়া লোকক দিয়া হ'ব মাৰণাস্ত্ৰৰ লাইচেন্স

লগতে পঢ়ক :এই মানুহজন 'খুল্লম-খুল্লা' পাকিস্তানৰ এজেণ্ট: মুখ্যমন্ত্ৰী