গুৱাহাটী : অসমৰ শিক্ষা ব্যৱস্থা বিজেপিয়ে ধ্বংস কৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন পৰিচালনা কমিটীৰ সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই ৷ দেশৰ ৩৬ খন ৰাজ্যৰ ভিতৰত অসমৰ শিক্ষাৰ স্থান ৩৪ নং স্থানলৈ অৱনমিত হোৱা ঘটনাক হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ ৰিপুণ বৰাৰ ।
শিক্ষাত শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ দহ বছৰ লাগে নেকি ?
অসমৰ শিক্ষা ব্যৱস্থাৰ সূচাংক তালিকাত একেবাৰে তলত স্থান পোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক দায়ী বুলি দাবী কৰি ৰিপুণ বৰাই কয়, “আজি দহ বছৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰীৰ পৰা শুনি থাকিলো যে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৫ খন ৰাজ্যৰ ভিতৰত কৰিব ৷ শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ দহ বছৰ লাগে নেকি ?"
লগতে ৰিপুণ বৰাই কয়, “ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ২০২৪-২৫ বৰ্ষৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যৰ যি সূচাংক প্ৰকাশ কৰিলে তাত ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান একেবাৰে তলৰ পৰা দুই নম্বৰত ৷ ৩৬ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ৩৪ নং স্থানত ৷ পাৰ্ফমেন্সত আমি ৩৪ নং স্থানত আহিছোঁ ৷ এয়া অসমৰ বাবে লজ্জাজনক কথা ৷ বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল আৰু ৫ বছৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত ফেইল হৈছে ৷ যদি সুদীৰ্ঘ ১০ বছৰ শাসন কৰাৰ পিছতো এনে অৱস্থা তেন্তে ৫ খন ৰাজ্য কৰাৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল ? ৩৪ নম্বৰত আহি পৰিলো ৷ এয়া অসমৰ বাবে লজ্জাজনক আৰু হতাশাজনক অৱস্থা ৷ এনে অৱস্থাৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা ৷”
গো-মাংস-গাহৰি মাংসৰ বিতৰ্ক এৰক:
মুখ্যমন্ত্ৰীলৈ ৰিপুণ বৰাৰ পৰামৰ্শ, “২৪ ঘণ্টাই কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ পিছত লাগি থকাটো এৰক ৷ গো-মাংস, গাহৰি মাংসৰ বিতৰ্ক এৰক ৷ কোন দল লেতেৰা, কোন দল চাফা এইবিলাক এৰক ৷ ইয়াৰ আন এটা কাৰণ হৈছে শিক্ষামন্ত্ৰী এটা পুতলা মন্ত্ৰী ৷ শিক্ষামন্ত্ৰীৰ কোনো অস্তিত্ব নাই ৷ মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ কোনে কিমান শতাংশ নম্বৰ পালে সেয়া ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷"
স্কুল এৰাৰ ক্ষেত্ৰত অসমৰ হাৰ সকলোতকৈ বেছি:
অসমত সৰ্বভাৰতীয় হাৰত আধাতে স্কুল এৰা ছাত্ৰৰ হাৰ সবাটোকৈ বেছি । কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ইউ ডি আই এছ ইৰ তথ্যৰে চৰকাৰক কঠোৰ সমালোচনা ৰিপুণ বৰাৰ । বৰাই কয়, “ভাৰত চৰকাৰৰ শিক্ষা বিভাগে ১০ টা গ্ৰেড প্ৰকাশ কৰিছে ৷ ১০ টা গ্ৰেডত অসম ক’তো নাই৷ শিক্ষাৰ এনে অৱস্থা কৰি বিজেপিয়ে ভৱিষ্যৎ প্ৰজন্মৰ মাজত অন্ধকাৰ অনাৰ প্ৰয়াস কৰিছে ৷ সকলো ক্ষেত্ৰত অসমৰ বিধ্বস্ত অৱস্থা ৷ স্কুল আধাতে এৰাৰ ক্ষেত্ৰত তথ্য দাখিল কৰি ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছিল ৷ ২০২৩ চনলৈ অসমত নিম্ন প্ৰাথমিক পৰ্যায়ত স্কুল এৰাৰ হাৰ হৈছে ৬ শতাংশ ৷ সৰ্বভাৰতীয় হাৰ হৈছে ১.৫ শতাংশ ৷ উচ্চ প্ৰাথমিক পৰ্যায়ত স্কুল এৰাৰ হাৰ হৈছে ৮.৮ শতাংশ ৷ সৰ্বভাৰতীয় হাৰ হৈছে ৩ শতাংশ ৷ উচ্চতম মাধ্যমিক পৰ্যায়ত শিক্ষা এৰাৰ হাৰ হৈছে ২০.৩ শতাংশ ৷ সৰ্বভাৰতীয় হাৰ হৈছে ১২.৬ শতাংশ ৷ এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ইউ ডি আই এছ ইৰ ৷ এই তথ্যই প্ৰমাণ কৰে যে স্কুল এৰাৰ হাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ হাৰ সকলোতকৈ বেছি ৷''
১০ বছৰত ৭ বাৰ প্ৰশ্নকাকত ফাদিল:
বিগত ১০ বছৰত অসমত ৭ বাৰ প্ৰশ্নকাকত ফাদিল হৈছে ৷ মেট্ৰিক, উচ্চতৰ মাধ্যমিক মিলি ১০ বছৰত ৭ বাৰ প্ৰশ্নকাকত ফাদিল হৈছে, যিটো খুব লজ্জাজনক কথা ৷ এবাৰ কাকত ফাদিল হোৱাৰ পিছত দ্বিতীয়বাৰ ফাদিল নহ’বলৈ চৰকাৰে ব্যৱস্থা ল’ব নোৱাৰিলে ৷ ৰাজ্যৰ চৰকাৰী স্কুল বন্ধ হোৱাৰ প্ৰসংগ উল্লেখ কৰি ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক আক্ৰমণ কৰি কয়, “মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বাবে অসমত ৭ হাজাৰ স্কুল বন্ধ হৈছে ৷ বিজেপিৰ দিনত স্কুল একত্ৰিকৰণৰ নামত ৭ হাজাৰ স্কুল বন্ধ কৰা হৈছে ৷ এল পি, এম ই, হাইস্কুল, উচ্চতৰ মাধ্যমিক স্কুল একত্ৰিকৰণ কৰি ৭ হাজাৰ স্কুল বন্ধ কৰা হৈছে ৷ এয়া ভয়ংকৰ কণ্ডিচন ৷”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কেতবোৰ মন্তব্যক লৈয়ো সমালোচনা ৰিপুণ বৰাৰ ৷ ৰিপুণ বৰাৰ মন্তব্য, “মুখ্যমন্ত্ৰীয়ে হিন্দুৰ মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাৰ পিছত সিহঁতৰ ঠাইত আমি গাহৰি মাংস পেলাব লাগে, তেতিয়া বৰাবৰ হৈ যাব ৷ ---ভাষা শুনক অসমৰ মুখ্যমন্ত্ৰীৰ ৷ ৰক্ষকে ভক্ষক হৈছে ৷ যাৰ হাতত আইন আছে, সংবিধানৰ শপত লৈছে ৷ সংবিধানত উল্লেখ আছে কোনো জাতি, ধৰ্ম, বৰ্ণৰ বিৰুদ্ধে তেনেকৈ ক’ব নোৱাৰে ৷ আমি কোনোবাই ক’লে জে’ললৈ যাবলগীয়া হ’লহেঁতেন ৷”
লগতে পঢ়ক : গঁড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱাটো ভাল: মুখ্যমন্ত্ৰী