গুৱাহাটী : কেন্দ্ৰীয় চৰকাৰৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী দিয়াৰ অভিলাষী আঁচনি ‘‘জল জীৱন মিছন’’ৰ কাম অসমত অতি লেহেমীয়া গতিত চলি আছে । অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই আঁচনিখনৰ ৮১.৪৫ শতাংশ কামহে সম্পূৰ্ণ হৈছে । ইয়াৰ বিপৰীতে দেশৰ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই আঁচনিখনৰ কাম কেতিয়াবাই এশ শতাংশ সম্পূৰ্ণ হৈছে ।
ইফালে অসমত নিৰ্ধাৰিত সময়ৰ ভিতৰত জল জীৱন মিছনৰ কামসমূহ সম্পূৰ্ণ কৰিব নোৱৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে । শেহতীয়াকৈ কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে অনুষ্ঠিত কৰা জল জীৱন মিছনৰ এক পৰ্যালোচনা বৈঠকত অসমৰ শোচনীয় প্ৰদৰ্শনৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয় । কেন্দ্ৰীয় চৰকাৰে অসমসহ কেইবাখনো ৰাজ্যক অতি শীঘ্ৰে আধৰুৱা হৈ থকা প্ৰকল্পসমূহৰ কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে ।
- অসমত জলজীৱন মিছনৰ স্বৰূপ :
দেশৰ মুঠ ৩৫ খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত জল জীৱন মিছনৰ আঁচনি ৰূপায়ণৰ তালিকাত অসমৰ স্থান হৈছে ২৪ । অসমৰ এই শোচনীয় অৱস্থাৰ বিপৰীতে গোৱা, আন্দামান নিকোবৰ, দমন আৰু ডিউ, হাৰিয়ানা, তেলেংগানা, পুডুচেৰী, গুজৰাট, পঞ্জাব, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ আৰু মিজোৰামত ইতিমধ্যে জল জীৱন মিছনৰ এশ শতাংশ কাম সম্পূৰ্ণ হৈছে ।
আনহাতে অসমত এতিয়ালৈকে এখন জিলাতো জল জীৱন আঁচনিৰ কাম এশ শতাংশ সম্পূৰ্ণ হোৱা নাই । অসমত জল জীৱন মিছনৰ সৰ্বাধিক কাম হৈছে মাজুলী জিলাত ।
ক’ত কিমান শতাংশ কাম সম্পূৰ্ণ হৈছে তালিকাৰ সহায়ত তলত উল্লেখ কৰা হ’ল -
জিলা | সম্পূৰ্ণ হোৱা কামৰ পৰিমাণ |
মাজুলী | ৯২.৭৯ শতাংশ |
পশ্চিম কাৰ্বি আংলং | ৫৬.৮৬ শতাংশ |
কাৰ্বি আংলং | ৫২.৮৬ শতাংশ |
শিৱসাগৰ | ৯১.১৪ শতাংশ |
বজালী | ৯০.৭০ শতাংশ |
কৰিমগঞ্জ | ৮৮.৮৯ শতাংশ |
নলবাৰী | ৮৮.৩০ শতাংশ |
কোকৰাঝাৰ | ৮৭.৯৬ শতাংশ |
বৰপেটা | ৮৭.৫৫ শতাংশ |
কামৰূপ মহানগৰ | ৮৭.২০ শতাংশ |
কাছাৰ | ৮৬.৭৪ শতাংশ |
বঙাইগাঁও | ৮৬.৭২ শতাংশ |
ডিমা হাছাও | ৮৬.২৫ শতাংশ |
দক্ষিণ শালমাৰা-মানকাচৰ | ৮৫.১৯ শতাংশ |
লখিমপুৰ | ৮৫.০৬ শতাংশ |
গোৱালপাৰা | ৮৪.৮২ শতাংশ |
তামুলপুৰ | ৮৪.৬৫ শতাংশ |
দৰং | ৮৪.২৮ শতাংশ |
হোজাই | ৮৩.২৫ শতাংশ |
তিনিচুকীয়া | ৮২.৭৯ শতাংশ |
বাক্সা | ৮২.৪৭ শতাংশ |
ওদালগুৰি | ৮২.১২ শতাংশ |
গোলাঘাট | ৮১.৯১ শতাংশ |
বিশ্বনাথ | ৮১.৪৫ শতাংশ |
ডিব্ৰুগড় | ৮১.৩৮ শতাংশ |
চৰাইদেউ | ৮০.৬৪ শতাংশ |
হাইলাকান্দি | ৮০.৬১ শতাংশ |
শোণিতপুৰ | ৭৯.৮২ শতাংশ |
ধেমাজি | ৭৯.৬৩ শতাংশ |
নগাঁও | ৭৯.৩৮ শতাংশ |
কামৰূপ | ৭৯.০৯ শতাংশ |
ধুবুৰী | ৭৫.৬১ শতাংশ |
মৰিগাঁও | ৭১.০০ শতাংশ |
যোৰহাট | ৭০.৮৭ শতাংশ |
চিৰাং | ৬৯.০১ শতাংশ |
- লেহেমীয়া গতিত জলজীৱন মিছনৰ কাম :
ৰাজ্য চৰকাৰখনে ৰাজ্যৰ মুঠ ৭২,২৫,১৩৭ টা গৃহত পানীৰ সংযোগ দিয়াৰ লক্ষ্য স্থিৰ কৰিছিল । ইয়াৰে এতিয়ালৈকে ৫৮,৮৫,৫৭৫ টা গৃহত পানীৰ সংযোগ দিবলৈ সক্ষম হৈছে । ইফালে জল জীৱন আঁচনিৰ নামত বহু ঠাইত বৃহৎ দুৰ্নীতি হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে । আনকি প্ৰকল্পৰ পৰা দূৰতৈ থকা বহু লোকে পানীৰ সংযোগ থকাৰ পাছতো পানী লাভ কৰা নাই ।
সেইদৰে বহু প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া বিদ্যুৎ বিল আদায় নিদিয়াৰ বাবেও বন্ধ হৈ থকাৰ কথা জানিব পৰা গৈছে । মাজতে ৰাজ্য চৰকাৰে জল জীৱন আঁচনিৰ কাম বন্ধ কৰি দিছিল যদিও শেহতীয়াকৈ পুনৰ কাম আৰম্ভ হৈছে । কিন্তু যি গতিত ৰাজ্যখনত এই আঁচনিখন ৰূপায়ণৰ কাম চলি আছে সেয়া সকলোৰে বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে ।
- অসম বিধানসভাত জলজীৱন মিছনৰ চৰ্চা :
ইফালে বিধানসভাৰ চলিত বাজেট অধিৱেশনতো জল জীৱন মিছনৰ প্ৰসংগটো চৰ্চালৈ আহে । বিশেষকৈ বিধায়ক অখিল গগৈয়ে জল জীৱন আঁচনিৰ প্ৰসংগটো চৰ্চালৈ আনে । আনকি বিধায়ক অখিল গগৈয়ে জল জীৱন আঁচনিত কেলংকাৰী আৰু আঁচনিখন বিফল হোৱা বুলি অভিযোগ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে বিধানসভাত বিতৰ্কত লিপ্ত হৈছিল । যাৰ বাবে আনকি বিধায়কগৰাকী সদনৰ পৰা নিলম্বিত হ'বলগীয়া হৈছিল ।
বিধায়ক অখিল গগৈয়ে কৰা অভিযোগ অনুসৰি, "জল জীৱন মিছনৰ আঁচনি একেবাৰে বেয়া হৈছে । এইবোৰ ভালুকৰ সাঙী হৈ পৰিব দুদিনমানৰ পাছত । মানুহে পানী নাপায়, পালেও অকণমান পায়, লেতেৰা পানী পায় ।"
উল্লেখ্য যে, সদনত চৰকাৰীভাৱে দিয়া তথ্য অনুসৰি, অসমত ৫৭,৬৫,২৫৫ টা পৰিয়ালক পানী দিয়া হৈছে আৰু ৮১ শতাংশৰো অধিক লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিছে । আনহাতে সদনত দিয়া তথ্য অনুসৰি, জল জীৱন মিছনৰ ঠিকাদাৰক ১৬,৬৬৬ কোটি টকা দিয়া হৈছে আৰু দিবলৈ বাকী আছে ১১,২৪৬.৬৯ কোটি টকা ।