ETV Bharat / state

য়েছে দৰজে ঠংচিলৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা

'ধাৰ আৰু অন্যান্য গল্প'ৰ বাবে ২০২৪ বৰ্ষৰ সন্মানীয়-মৰ্যাদাপূৰ্ণ সাহিত্য বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সাহিত্যিকগৰাকীলৈ ।

'Assam Prakashan Parishad Sahitya Award' for the year 2024 to noted litterateur Yeshe Dorje Thongsi
'ধাৰ আৰু অন্যান্য গল্প'ৰ বাবে য়েছে দৰজে ঠংচিলৈ বিশেষ বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 26, 2024 at 8:56 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: বিশিষ্ট সাহিত্যিক আৰু প্ৰকাশকক প্ৰদান কৰি অহা সন্মানীয় ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ আজি ঘোষণা কৰা হয় । মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শুকুৰবাৰৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলাৰ বাকৰিত বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই এই কথা ঘোষণা কৰে ।

এই কথা প্ৰকাশ কৰি উপাধ্যক্ষগৰাকীয়ে কয়,"২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ৰে সন্মানিত হৈছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক । ‘ধাৰ আৰু অন্যান্য গল্প’ শীৰ্ষক গ্ৰন্থখনৰ বাবে ঠংচিলৈ এই বঁটা আগবঢ়োৱা হৈছে । এই বঁটাত আছে নগদ ৫ লাখ টকা, প্ৰশস্তি-পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ।"

য়েছে দৰজে ঠংচিলৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা (ETV Bharat Assam)

উল্লেখ্য যে ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ লাভ কৰা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘বনলতা’ই । সেয়েহে ‘বনলতা’লৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ । প্ৰকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা ।

উল্লেখ্য যে অসম প্ৰকাশন পৰিষদে ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ বিগত ২০২১ বৰ্ষত ড৹ নন্দিতা দেৱী আৰু ২০২২ বৰ্ষত ড৹ প্ৰণৱজ্যোতি ডেকা আৰু ২০২৩ বৰ্ষত ড৹ ধ্ৰুৱজ্যোতি বৰাক প্ৰদান কৰিছিল । সেইদৰে উক্ত তিনিটা বৰ্ষত প্ৰকাশকৰ বঁটা লাভ কৰা প্ৰকাশন প্ৰতিষ্ঠান তিনিটা হৈছে ‘জ্যোতি প্ৰকাশন’, ‘বান্ধৱ’ আৰু আসাম পাব্লিচিং কোম্পানী ।

এই বঁটাৰ বাবে বিবেচনা কৰাৰ ক্ষেত্ৰত বিচাৰক মণ্ডলীয়ে চূড়ান্ত পৰ্যায়ত নিৰ্বাচন কৰা ৬ খন গ্ৰন্থৰ অন্যান্য পাঁচখন গ্ৰন্থ হ’ল ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস ‘বুঢ়াদিয়াৰ পাৰে পাৰে’, দীপক কুমাৰ বৰকাকতিৰ উপন্যাস ‘ঐশ্বৰ্য্য’, সমীৰ তাঁতীৰ কাব্যগ্ৰন্থ ‘ফৰিংবোৰে বাটৰ কথা জানে’ আৰু দেৱব্ৰত দাসৰ উপন্যাস ‘কড়ি খেলাৰ সাধু’ । অৱশেষত মুঠ ৬ খন গ্ৰন্থৰ ভিতৰত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’ শীৰ্ষক গ্ৰন্থখনে ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: কলঙৰ বাকৰিত গ্ৰন্থৰ সুবাস বিচাৰি ভিৰ গ্ৰন্থ প্ৰেমীৰ - HISTORY OF NAGAON BOOK FAIR

তিনিচুকীয়া গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ব্যাপক উছাহ - TINSUKIA BOOK FAIR