ETV Bharat / state

মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰি মহিলা কংগ্ৰেছৰ প্ৰতিবাদ - CONGRESS PROTEST

অসমৰ মহিলাৰ ওপৰত অশালীন মন্তব্য কৰাৰ অভিযোগত বৃহস্পতিবাৰে জিলাই জিলাই প্ৰতিবাদৰ আহ্বান কংগ্ৰেছৰ ।

Congress Protest
মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰি মহিলা কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 30, 2025 at 6:13 PM IST

3 Min Read

গুৱাহাটী: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত 'নকৰিবলগীয়া কাম কৰি' ছোৱালীবোৰে চাকৰি পাইছিল বুলি কৰা মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সোমবাৰে মুখ্যমন্ত্রীয়ে তেজপুৰত এখন নিৰ্বাচনী সভাত বিপ্লৱ শৰ্মা আয়োগৰ উদ্ধৃতি দি কংগ্ৰেছৰ দিনত চাকৰি ল'বৰ বাবে টকা দিয়াৰ উপৰিও ছোৱালীবোৰে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছিল বুলি মন্তব্য কৰিছিল । অৰ্থাৎ কংগ্ৰেছৰ দিনত 'বেয়া ৰাস্তা'ৰে চাকৰি ল'বলগীয়া হৈছিল ।

মুখ্যমন্ত্রীৰ এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছ । মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা কৰি বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ মহিলা কংগ্ৰেছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে মহিলা কংগ্ৰেছে । প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে ।

মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰি মহিলা কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat)

তেওঁ কয়, "মুখ্যমন্ত্রীয়ে এখন নিৰ্বাচনী সভাত কংগ্ৰেছৰ দিনত মহিলাসকলে বেয়া ৰাস্তাৰে গৈ চাকৰি লোৱা বুলি কৈ মহিলাসকলক অসন্মান কৰিছে । ইয়াক সকলোৱে গৰিহণা দিয়াৰ লগতে ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষমা খুজিবৰ বাবে দাবী জনাব লাগে । আমি ইতিমধ্যে এই গোটেই বিষয়টো ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ প্ৰেৰণ কৰিছো । আনহাতে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছেও এই বিষয়টো মহিলা আয়োগৰ দৃষ্টিগোচৰ কৰিছে । মুখ্যমন্ত্রীয়ে যিটো সময়ৰ কথা কৈছে সেইটো সময়ত তেওঁ কংগ্ৰেছৰ এজন প্ৰভাৱশালী মন্ত্রী আছিল । তেওঁ কৈছে যে কংগ্ৰেছৰ সময়ত টকা-পইচাই নহয় চাকৰি পোৱাৰ ক্ষেত্রত মহিলাসকলৰ সতীত্ব হৰণ হৈছিল । যদি এই কথাটো প্ৰতিবেদনত আছে তেন্তে ইয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব । যদি চাকৰি পোৱাৰ ক্ষেত্রত মহিলাই নকৰিবলগীয়া কাম কৰিবলগীয়া হৈছিল তেন্তে ইয়াৰ চি বি আই তদন্ত হ'ব লাগিব আৰু দোষীয়ে উচিত শাস্তি পাব লাগিব ।"

তেওঁ লগতে কয়, "আমাৰ বিশ্বাস নহয় যে অসমৰ মহিলাই নিজৰ সতীত্বক বন্ধকত দি চাকৰি ল'ব । মুখ্যমন্ত্রীয়ে মানসিক সন্তুলন হেৰুৱাই নিৰ্বাচনী বৈতৰণী পাৰ কৰিবৰ কাৰণে কেতিয়াবা মিঞা-লুঙিৰ কথা ক'ব আৰু কেতিয়াবা মহিলাক এনেকুৱা কথা ক'ব । বিশ্বগুৰুৰ কথা কোৱা বিজেপিয়ে অসমৰ মহিলাৰ বিষয়ে এনেদৰে কথা কৈ বিশ্ব দৰবাৰত অসমৰ মহিলাক অপমানিত কৰিছে । এইটো কেতিয়াও সহ্য কৰা নহ'ব । মুখ্যমন্ত্রীয়ে এই কথা উঠাই লৈ ক্ষমা খোজাৰ বাবে আমি দাবী জনাইছো ।" তেওঁ মুখ্যমন্ত্রীক তীব্ৰ ভাষাৰে ভৰ্ৎসনা আৰু গৰিহণা দি কয় যে বৃহস্পতিবাৰে ৰাজ্যজুৰি ইয়াৰ প্ৰতিবাদ হ'ব ।

কি কৈছিল মুখ্যমন্ত্রীয়ে ?

সোমবাৰে মুখ্যমন্ত্রীয়ে শোণিতপুৰ জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত বক্তব্য আগবঢ়াইছিল । মুখ্যমন্ত্রীয়ে কৈছিল যে কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰিৰ নামত ছোৱালীয়ে নকৰিবলগীয়া কামো কৰিছিল । ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এই কথা উল্লেখ আছে বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰিছিল । আনহাতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কৈছিল, "বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দিছে যে অকল টকা-পইচা নহয়, চৰকাৰী চাকৰিৰ নামত ছোৱালীৰ সতীত্বও হৰণ হৈছিল ।"

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে অসমীয়া নাৰী সমাজৰ ওচৰত ক্ষমা বিচাৰক: ভূপেন বৰা - APCC PRESIDENT BHUPEN BORA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.