নতুন কমিটীক লৈ অসন্তুষ্টি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ : চৰ্চাত গৌৰৱ গগৈলৈ লিখা এখন পত্ৰ !
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ লিখা পত্রখন বিশেষভাৱে চৰ্চালৈ আহিছে যদিও পত্রখনৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে মীৰা বৰঠাকুৰে ।

Published : October 7, 2025 at 11:22 PM IST
গুৱাহাটী : প্ৰদেশ মহিলা কংগ্ৰেছত এইবাৰ অন্তঃকলহ । মহিলা কংগ্ৰেছৰ পুৰণি সমিতি ভংগক লৈ অসন্তুষ্ট প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ । নতুন সমিতি গঠনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে মীৰা বৰঠাকুৰে । ইয়াৰ মাজতে ওলাইছে এখন পত্র । যিখন পত্রত মীৰা বৰঠাকুৰে নিজৰ অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ লিখিছে ।
গৌৰৱ গগৈলৈ লিখা পত্রখন বিশেষভাৱে চৰ্চালৈ আহিছে যদিও পত্রখনৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে মীৰা বৰঠাকুৰে । অৱশ্যে মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই নতুনকৈ গঠন কৰা কমিটীকলৈ সন্তুষ্ট বুলি একমুখে স্বীকাৰ কৰা নাই মীৰা বৰঠাকুৰে । এই সন্দৰ্ভত তেওঁ কয়, "কালি মোক নতুন কমিটী দিছে । মই আমাৰ কিছু পুৰণি সদস্যক ল'ব লাগে বুলি অনুৰোধ কৰিছো । দলৰ পৰ্যায়ত বিভিন্ন কথা হৈ থাকিব পাৰে । কিন্তু কি চিঠি ওলাইছে মই গম পোৱা নাই । মই কি চিঠি দিছো মই দেখা নাই । মই চিঠি লিখিলো নে নিলিখিলো সেইটো বাতৰি হ'ব নোৱাৰে । মই অসন্তুষ্ট হোৱাৰ কথা ক'ত আছে । মোক পুনৰ বাৰৰ বাবে সভানেত্রীৰ দায়িত্ব দিছে । নতুন কমিটিখনত আৰু কিছু মানুহৰ নাম ভৰাবলৈ ক'ব পাৰো । তাত অসন্তুষ্টিৰ কথা নাই ।"

লক্ষণীয় বিষয় যে মীৰা বৰঠাকুৰে মুকলিকৈ অসন্তুষ্টিৰ কথা ব্যক্ত নকৰিলেও কিন্তু গৌৰৱ গগৈলৈ দিয়া পত্রখন বিশেষভাৱে চৰ্চালৈ আহিছে । যিখন পত্রৰ বিষয়ে মীৰা বৰঠাকুৰে একো নজনাৰ কথা কৈছে । অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ প্ৰায় ৫ মাহ থকাৰ সময়তে হঠাৎ সোমবাৰে সলনি কৰা হয় প্ৰদেশ মহিলা কংগ্ৰেছৰ কমিটী । সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বাই এক নিৰ্দেশনাৰ জৰিয়তে নতুনকৈ গঠন কৰা প্ৰদেশ মহিলা কংগ্ৰেছৰ ৪৪ জনীয়া পূৰ্ণাংগ কমিটীৰ সভানেত্ৰী হিচাপে পুনৰ মীৰা বৰঠাকুৰকে দায়িত্ব দিছে যদিও অসন্তুষ্টি দেখা দিছে ।
মহিলা কংগ্ৰেছৰ নতুন কমিটী গঠনৰ গোটেই প্ৰক্ৰিয়াই কংগ্ৰেছৰ আভ্যন্তৰীণ বিশৃংখলতা আৰু নেতৃত্বৰ দূৰদৰ্শিতাৰ সন্দৰ্ভত বহু বিষয়েই স্পষ্ট কৰিছে । মীৰা বৰঠাকুৰে অস্বীকাৰ কৰিলেও চৰ্চালৈ অহা পত্রখনৰ যোগেদি নতুন কমিটী গঠনৰ বিৰোধিতা কৰাৰ লগতে এই বিষয়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰা হৈছে ।
পত্রখনত মীৰা বৰঠাকুৰৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ, কোনো পৰামৰ্শ গ্ৰহণ নকৰাকৈ একপক্ষীয়ভাৱে এই নতুন কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি অভিযোগ কৰা হৈছে । গৌৰৱ গগৈলৈ লিখা পত্ৰখনত কোৱা হৈছে যে নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচ মাহ বাকী থকা সময়ত এনে একপক্ষীয় সিদ্ধান্তই মনোবল ভংগ কৰাৰ লগতে কৌশলগত দিশটোৰ বাবেও ই ক্ষতিকাৰক । কেৱল সদস্য ভৰ্তিৰ আধাৰত প্ৰদেশ মহিলা কংগ্ৰেছ কমিটী পুনৰ গঠন কৰা হৈছে, যি কোনো ক্ষেত্ৰতে ন্যায়সংগত নহয় । কেৱল সংখ্যাই নেতৃত্বৰ শক্তি বা ৰাজনৈতিক সক্ষমতাক প্ৰতিফলিত নকৰে ।
পত্রখনত লগতে কোৱা হয় যে নিম্ন পৰ্যায়ত অক্লান্ত পৰিশ্ৰম কৰা কৰ্মীসকলক সন্মান জনাই নতুন কমিটী গঠনৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি পূৰ্বৰ কমিটীকে পুনৰ বাহাল ৰাখিব লাগে । এই সিদ্ধান্তই মহিলা কংগ্ৰেছৰ নেতৃত্বসকলৰ মাজত গভীৰ অসন্তুষ্টি সৃষ্টি কৰিব পাৰে আৰু তাৰ ফলত পদত্যাগৰ ঢৌ উঠাৰ সম্ভাৱনা আছে বা কৰ্মীসকলৰ মনোবল হ্ৰাস পাব পাৰে । এনে হ'লে ইয়াৰ দায়িত্ব যিসকলে আলোচনা নকৰাকৈ এই নতুন কমিটী গঠনৰ সিদ্ধান্ত লৈছিল তেওঁলোকৰ ওপৰতে পৰিব বুলিও পত্রখনত সকীয়াই দিয়া হয় ।
পত্ৰখনত আৰু উল্লেখ কৰা হয় যে যিসময়ত বিজেপিয়ে বিভিন্ন কল্যাণমূলক আঁচনিৰে মহিলাসকলক আকৰ্ষণ কৰাৰ বাবে সক্ৰিয়ভাৱে চেষ্টা কৰি আছে, সেই সময়ত আমাৰ সংগঠনৰ মহিলা শাখাত এনে ভিতৰুৱা বিভ্ৰান্তি সৃষ্টিৰে দলটোক দুর্বল কৰাৰ বাৰ্তা দিয়াৰ বিষয়টো একেবাৰেই অনুচিত । এই সংকটৰ সময়ছোৱাত দলটোৰ ঐক্য আৰু সমন্বয় অতি গুৰুত্বপূৰ্ণ বুলি পত্রখনত কোৱা হৈছে । গৌৰৱ গগৈলৈ দিয়া এই পত্রখন মীৰা বৰঠাকুৰৰ নামত আছে যদিও তেওঁ ইয়াক নাকচ কৰিছে । কিন্তু এই পত্রখনে লাভ কৰিছে ব্যাপক চৰ্চা ।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ প্ৰিয় হাতুৰী আৰু বুলড'জাৰ : কিয় ক'লে মীৰা বৰঠাকুৰ গোস্বামীয়ে
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ হৈছে কি: প্ৰশ্ন মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ
প্ৰদেশ কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ পত্নীৰ মানহানিৰ গোচৰ : কিন্তু কিয় ?

