ETV Bharat / state

বিজেপি বিধায়কৰ বিৰুদ্ধে টুইট: গৌৰৱ গগৈৰ সন্মুখতে কংগ্ৰেছৰ মুখপাত্ৰক চোঁচৰাই ধৰি নিলে আৰক্ষীয়ে

সামাজিক মাধ্যমত চৰকাৰ আৰু বিজেপি নেতাৰ বিৰুদ্ধে সৰৱ হোৱা বাবেই আটক কংগ্ৰেছ নেতা ।

APCC Spokesperson Detained
প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক আটক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 15, 2025 at 8:26 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটীৰ নিজা বাসগৃহৰ পৰাই আৰক্ষীয়ে চোঁচৰাই নিলে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰক । লোকসভাৰ উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সন্মুখতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক চোঁচৰাই গাড়ীত উঠাই নিলে লখিমপুৰ আৰক্ষীয়ে ।

এফালে হোলীৰ আনন্দ আৰু আনফালে দেৰগাঁৱত গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আৰক্ষীৰ উচ্চ প্ৰশংসা ৷ তাৰ মাজতেই শনিবাৰে গুৱাহাটীত উত্তেজনাপূৰ্ণ পৰিৱেশৰ মাজত আটক কৰি নিলে কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক । সাংসদ গৌৰৱ গগৈৰ উপস্থিতিতে লখিমপুৰ আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ সহায়ত আটক কৰি নিয়ে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক ৷ সামাজিক মাধ্যমত বিজেপি চৰকাৰ আৰু নেতাসকলৰ বিৰুদ্ধে লোৱা সৰৱ ভূমিকাৰ বাবে পৰিচিত ৰিতম সিঙক ইয়াৰ পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক আটক (ETV Bharat Assam)

ইপিনে, আৰক্ষীৰ এনে কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ । এই পৰ্যন্ত অসম আৰক্ষীয়ে ঘটনা প্ৰসংগত কোনোধৰণৰ কাৰণ আগবঢ়োৱা নাই যদিও লখিমপুৰ আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা বিজেপিৰ বিধায়ক মানৱ ডেকা, ৰাজ্য়িক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা, প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইক সাঙুৰি সামাজিক মাধ্যমত পোষ্ট দিছিল ৰিতম সিঙে । তাৰ আধাৰতে বিধায়ক মানৱ ডেকাৰ পত্নীৰ অভিযোগৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে নিজৰ জিম্মালৈ নিয়ে ৰিতম সিঙক ।

APCC Spokesperson Detained
প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক আটক (ETV Bharat Assam)

গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীৰ সহযোগত উলুবাৰীৰ নিজা বাসগৃহৰ পৰা ৰিতম সিঙক শনিবাৰে বল প্ৰয়োগ কৰি লখিমপুৰ আৰক্ষীয়ে ধৰি লৈ যায় । নিশাৰ ভাগলৈ লখিমপুৰত ৰিতম সিঙক লৈ উপস্থিত হোৱাৰ সম্ভাৱনা আছে । বৰ্তমানলৈ কোনো গোচৰ ৰুজু হোৱা নাই । সাংসদ গৌৰৱ গগৈয়েও নিজৰ ভাষ্যত এটা টুইটৰ বাবেই আৰক্ষীয়ে ৰিতম সিঙক নিজৰ জিম্মালৈ বল প্ৰয়োগ কৰি লৈ যোৱা বুলি ইতিমধ্যে সদৰী কৰিছে ।

অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা অনুসৰি আজি পুৱাৰ ভাগতে আৰক্ষী ৰিতম সিঙৰ বাসগৃহত উপস্থিত হয় যদিও আৰক্ষীৰ তৰফৰ পৰা ৱাৰেণ্ট নাইবা কোনো ধৰণৰ জাননী নেদেখুওৱাত ৰিতম সিং ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিল । কংগ্ৰেছৰ আন নেতৃত্বৰ লগতে সাংসদ গৌৰৱ গগৈয়ো উপস্থিত হয়গৈ ৰিতম সিঙৰ বাসগৃহত ৷

ভগৱানৰ বিৰুদ্ধে মাত মাতিলেই গ্ৰেপ্তাৰ:

সাংসদ গৌৰৱ গগৈয়ে ৰিতম সিঙৰ সৈতে কথা পাতিব বিচাৰিছিল যদিও অসম আৰক্ষীয়ে সাংসদগৰাকীক অনুমতি নিদিলে । দুপৰীয়াৰ ভাগলৈ সাংসদ গৌৰৱ গগৈৰ উপস্থিতিতে আৰক্ষীয়ে চোঁচৰাই টনা-আজোৰা কৰি ৰিতম সিঙক লৈ যোৱাৰ পিছতেই গৌৰৱ গগৈ ক্ষুব্ধ হৈ পৰে । অসম আৰক্ষী আৰু মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, "ভগৱানৰ বিৰুদ্ধে মাত মাতিলেই গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে । আজি বিধায়ক মানৱ ডেকা ভগৱান নেকি ? পীযুষ হাজৰীকা ভগবান নেকি ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভগৱান নেকি ? আজি অসম আৰক্ষীক মাৰিব পাৰে ৷ কিন্তু ভগৱান মানৱ ডেকাৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে । ভগৱান হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে । কিন্তু বিজেপিৰ মানুহ হ’লেই অসম আৰক্ষীক মাৰিব পাৰে ৷ এয়া কি বাৰ্তা দিব বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে ?”

চকুৰ সন্মুখতেই ৰিতম সিঙক বল প্ৰয়োগ কৰি আৰক্ষীয়ে লৈ যোৱা প্ৰসংগত গৌৰৱ গগৈয়ে কয়, “কিদৰে লখিমপুৰ আৰক্ষীৰ এটা দল গুৱাহাটীলৈ আহি কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক নিজৰ জিম্মালৈ নিলে সেয়া সকলোৱে দেখিছে । কেনেকৈ তেওঁক নিৰ্মমভাৱে টানি লৈ যোৱা হৈছিল সেয়া আমি দেখিলো ৷ আনকি মোৰ লগত কথা পাতিবলৈ দিয়া হোৱা নাছিল । এজন সাংসদৰ সৈতে মানিবলগীয়া প্ৰট’কলো তেওঁলোকে মনা নাছিল ।”

অসম ভ্ৰমণৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশ্য়ি গৌৰৱ গগৈৰ প্ৰশ্ন, “অমিত শ্বাহে আজি অসমত আৰক্ষী একাডেমী উদ্বোধন কৰিছে । আজি এটা টুইটৰ কাৰণে এজন মুখপাত্ৰক ধৰিবৰ কাৰণে লখিমপুৰৰ পৰা ইমান বৃহৎসংখ্যক আৰক্ষী আহিছে গুৱাহাটীলৈ । কিন্তু মই তেওঁক সুধিব বিচাৰিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ বিষয়ে তেওঁ অৱগত নে ? গৃহমন্ত্ৰী অমিত শ্বাহে জানেনে যে কিছুদিন পূৰ্বে বিজেপিৰ গুণ্ডাবাহিনীয়ে দুজন অসম আৰক্ষীৰ কনিষ্টবলক দিনৰ পোহৰত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰু তথাপি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।”

কেৱল সেয়ে নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৃষ্ঠপোষকতাত অসম আৰক্ষীৰ সুনামত দাগ লগা বুলিও গৌৰৱ গগৈয়ে মন্তব্য় কৰে । গৌৰৱ গগৈয়ে এই প্ৰসংগত কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষীক আইন বিৰুদ্ধ অবৈধ কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে । ছুপ্ৰিম ক'ৰ্টে বাৰম্বাৰ অসম আৰক্ষীক সকীয়নি দিছে যে আপোনালোকে আইন বিৰুদ্ধ কাম নকৰিব । কিন্তু অসম আৰক্ষীক হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক উদ্দেশ্য সাধনৰ বাবে ব্যৱহাৰ কৰি আহিছে । নষ্ট হৈছে আৰক্ষী বিষয়াৰ ট্ৰেক ৰেকৰ্ড।” ৰিতম সিঙক লৈ নিশালৈ লখিমপুৰত আৰক্ষী উপস্থিত হোৱাৰ পিছতেই হয়তো আৰক্ষীৰ সবিশেষ ভাষ্য জানিব পৰা যাব ৷ বৰ্তমানলৈ এই প্ৰসংগত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ।

লগতে পঢ়ক:দেৰগাঁৱৰ কাৰ্যসূচী সামৰি মিজোৰামলৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ - AMIT SHAH LEAVES FOR MIZORAM