কোন কোন অন্তৰ্ভুক্ত হ'ল বিজেপিৰ নতুন ৰাজ্যিক সমিতিত ?
২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিলীপ শইকীয়াৰ নেতৃত্বত টীম বিজেপি অসম ঘোষণা । ন-পুৰণি নেতাই পাইছে সমিতিত স্থান ।

Published : June 19, 2025 at 5:57 PM IST
গুৱাহাটী : ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অনুমোদন মৰ্মে বুধবাৰে অসম প্ৰদেশৰ ৰাজ্যিক সমিতি ঘোষণা কৰা হয় । ভৱেশ কলিতাৰ স্থানত সাংসদ দিলীপ শইকীয়াক কেইমাহমান পূৰ্বে ৰাজ্যিক সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল যদিও পূৰ্ণাংগ সমিতিখন গঠন কৰা হোৱা নাছিল । অৱশেষত সভাপতি দিলীপ শইকীয়াই দলৰ ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰে ।
ভাৰতীয় জনতা পাৰ্টীৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত বিজেপিৰ অসম প্ৰদেশৰ ৩১ জনীয়া বিষয়ববীয়াৰ নাম ঘোষণা কৰা হয় । তালিকাখনত আছে ১০ গৰাকী উপ-সভাপতি, ৪ গৰাকী সাধাৰণ সম্পাদক, ১০ গৰাকী সম্পাদক, কোষাধ্যক্ষ আৰু কার্যালয় সম্পাদকৰ লগতে ছ'চিয়েল মিডিয়া তত্বাৱধায়ক, আই টি তত্বাৱধায়ক, মুখ্য মুখপাত্র, মিডিয়া আহ্বায়ক আৰু কাৰ্যালয় তত্বাৱধায়ক ।
১০ গৰাকী উপ-সভাপতি :
- পুলক গোহাঁই
- পৰিমল শুক্লবৈদ্য
- তপন কুমাৰ গগৈ
- ৰেখাৰাণী দাস বড়ো
- অপৰাজিতা ভূঞা
- মুন স্বৰ্ণকাৰ
- অশোক ভট্টৰায়
- ড৹ জুৰী শৰ্মা বৰদলৈ
- মনোজ বৰুৱা
- ৰত্না সিং
৪ গৰাকী সাধাৰণ সম্পাদক

- দিপ্লু ৰঞ্জন শৰ্মা
- পল্লৱ লোচন দাস
- ঋতুপৰ্ণ বৰুৱা
- অনুপ বৰ্মন
১০ গৰাকী সম্পাদক
- লক্ষ্য কোঁৱৰ
- লক্ষীনাথ তাছা
- বিস্মিতা গগৈ
- মনালিছা কোঁচ
- অভিজিত কুমাৰ নাথ
- ৰাতুল শৰ্মা
- মহেশ দেউৰী
- সিদ্ধাংকু অংকুৰ বৰুৱা
- নৱাৰুণ বুঢ়াগোঁহাই
- বিতুপন দলে
কোষাধ্যক্ষ

- ৰাজকুমাৰ শৰ্মা
যুটীয়া কোষাধ্যক্ষ
- নাৰায়ণ ডেকা
কাৰ্যালয় সম্পাদক
- সুশান্ত বিশ্বাস
ছ'চিয়েল মিডিয়া তত্বাৱধায়ক
- বিশ্বজিৎ খাউণ্ড
আই টি তত্বাৱধায়ক
- ডাঃ মৃগাংক তালুকদাৰ
মুখ্য মুখপাত্ৰ
- কিশোৰ উপাধ্যায়
মিডিয়া আহ্বায়ক
- ৰূপম গোস্বামী
কাৰ্যালয় তত্বাৱধায়ক
- অনিৰ্বাণ গোস্বামী
সংবাদমেলত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰি বিভিন্ন ক্ষেত্রত দক্ষতা সম্পন্ন আৰু অভিজ্ঞ কার্যকর্তাক দায়িত্ব অর্পণ কৰা হৈছে বুলি উল্লেখ কৰি অসমৰ ভৌগোলিক উপস্থিতি আৰু জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্বক গুৰুত্ব আৰোপ কৰা হৈছে বুলি দাবী কৰে । ইফালে অহা ১০ দিনৰ ভিতৰত দলৰ ৮ টা মৰ্চাৰ সভাপতিসকলৰ নামো ঘোষণা কৰা হ'ব বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে ।
তেওঁ লগতে নতুন বিষয়ববীয়াসকলক উদ্দেশ্যি কয়,"যিসকল আহিলে তেওঁলোকে দলটোৰ নীতি-নিৰ্দেশনা অনুসৰি বেছি সময় দলৰ পৰিকল্পনা মতে আগবাঢ়িব লাগিব । সকলোৱে বেছিতকৈ বেছি সময় সংগঠনৰ হকে নিয়োজন কৰিব লাগিব...। দলে যি সিদ্ধান্ত দিব এই টীমে মূৰ পাতি ল'ব ।"

