ETV Bharat / state

শুকুৰবাৰে ঘোষণা হ'ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ ফলাফল

আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমানখিনি কৰিছে কংগ্ৰেছ থাকিলে তাৰ ১০ শতাংশও নহ'লহেঁতেন ৷ ক'লে মুখ্যমন্ত্ৰীয়ে ৷

CM HIMANTA BISWA SARMA
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 8:44 PM IST

3 Min Read
Choose ETV Bharat

ধেমাজি: কাইলৈ অৰ্থাৎ শুকুৰবাৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ ফলাফল ঘোষণা হ'ব । জোনাইত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰে সদৰী কৰে এই তথ্য । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, "কালি পুলিচৰ ছাব-ইনপেক্টৰৰ ৰিজাল্ট দিব আৰু এ ডি আৰ ই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব ।"

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "এ ডি আৰ ই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছো । আৰু মই ভাবো যে এ ডি আৰ ইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাব । এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পাছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবো যে প্ৰায় ১০ হেজাৰ দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব ।"

জোনাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

জুবিনৰ কাৰণে বিজেপিয়ে যিমান কৰিছে সিমানতো ভাৰততো উদাহৰণ নাই

ইফালে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "আমি ইমান ন্যায় কাৰণে কিমান কষ্ট কৰিছো । আজি মানুহে কয় জুবিনক ন্যায় দিয়ক । ন্যায়টো আমিয়েই দি আছো । ৰাইজে যাক যাক সন্দেহ কৰিছে সবকেতো আমি গ্ৰেপ্তাৰ কৰিছো । গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে, বিজেপি চৰকাৰখনে পাব লাগে । আমাক ধন্যবাদ দিব লাগে ।"

তেওঁ বিৰোধী কংগ্ৰেছক সমালোচনা কৰি কয়, "আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমানখিনি কৰিছে কংগ্ৰেছ থাকিলে তাৰ ১০ শতাংশও নহ'লহেঁতেন ৷ ড° ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটিখিনি বিচাৰি উলিয়াবলৈ তেওঁলোকেতো তিনিদিন লগাইছিল ৷ ভূপেন হাজৰিকাক শেষকৃত্যত সন্মান জনাবলৈ এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল ৷ জুবিনৰ কাৰণে বিজেপিয়ে যিমান কৰিছে সিমানতো ভাৰততো উদাহৰণ নাই ।"

জনজাতিকৰণৰ প্ৰসংগ

"যোৱাকালিও মই মৰাণ ৰাইজৰ লগতে বহিছিলো । ১২ তাৰিখে মই মটক ৰাইজৰ লগত বহিম । আৰু অন্যান্য চুতীয়া জাতিসকলকো মই আলোচনাৰ বাবে মাতিছো । টাই আহোমকো আলোচনাৰ বাবে মাতিছো । চাহ বাগিচাৰ লোককো আলোচনাৰ বাবে মাতিছো । সমস্যাটো সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো । ২৫ নৱেম্বৰ তাৰিখে মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন আমি বিধানসভাত প্ৰস্তুত কৰিম ।" মুখ্যমন্ত্ৰীয়ে কয় ৷

অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধান

অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধান সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়,"আমি কেইবাটাও পইণ্টত সমাধান কৰিছো অসম আৰু অৰুণাচল । তিনিটা জেগাত সমাধান হোৱা নাই ৷ গতিকে বাকী তিনিটাৰ কাৰণে আমি আৰু দুই লানি আলোচনা কৰিব লাগিব । আলোচনাৰ প্ৰক্ৰিয়াও চলি আছে । কিন্তু আমি একেবাৰে একমতত আহিব পৰা নাই, কাৰণ অৰুণাচলে বেছি গাঁও দাবী কৰি আছে যিটো আমি দিব নোৱাৰো । সেইকাৰণে আলোচনাটো অকণমান এই তিনিটা জেগাত অকণমান বিলম্ব হৈছে ।"

লগতে পঢ়ক : কেতিয়া ঘোষণা হ'ব ADRE ৰ ফলাফল ? ক'লে মুখ্যমন্ত্ৰীয়ে

শ্যামকানু মহন্তৰ লগত কাৰ সনা-পিটিকা, বুন্দিয়া-ভুজিয়া সম্পৰ্ক : ক'লে মুখ্যমন্ত্রীয়ে

দাদাৰ লগত কি হ'ল, সঁচা ঘটনাটো আমাক লাগে: পামী বৰঠাকুৰ