অনলাইন ট্ৰেডিং জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ চি আই ডিৰ লেন্সনায়ক - online trading scam
Police personnel arrested: অনলাইন ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীত কৰ্মৰত এগৰাকী ব্যক্তি ৷ শোণিতপুৰৰ এজন যুৱকৰ পৰা সংগ্ৰহ কৰিছিল কেবা লক্ষাধিক টকা ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

Published : September 6, 2024 at 7:51 PM IST
তেজপুৰ/ৰঙাপৰা, ৬ ছেপ্টেম্বৰ: এইকেইদিন ৰাজ্যত ব্যাপকভাৱে চৰ্চা হোৱা এটা বিষয় হৈছে অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা ৷ কি সংবাদ মাধ্যম, সি সামাজিক মাধ্যম, সৰ্বত্ৰে চৰ্চা চলিছে এই প্ৰৱঞ্চনাক লৈ ৷ ৰাজ্যত ইতিমধ্যে এই অনলাইন ট্ৰেডিঙৰ নামত জালিয়াতি কৰা বহু কেইগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ এইবাৰ অন্য এক ট্ৰেডিংকাণ্ডত জড়িত থকাৰ অভিযোগত আটক হৈছে অসম আৰক্ষীত কৰ্মৰত এগৰাকী ব্যক্তি ।
বিশাল ফুকন-চুমী বৰাক লৈ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ চি আই ডিত কৰ্মৰত এজন লোকক ৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষীয়ে বাইহাটা চাৰিআলিৰ সৰোজ ডেকাক যোৱানিশা গ্ৰেপ্তাৰ কৰে ৷ চাৰিদুৱাৰৰ অঞ্জন সুপ্ৰিয়ম দাসৰ ভাষ্য আৰু অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে সৰোজ ডেকাক ৷ আৰক্ষীয়ে ইতিমধ্যে অঞ্জন সুপ্ৰিয়ম দাসকো গ্ৰেপ্তাৰ কৰিছে ।
ট্ৰেডিঙৰ নামত ধন সংগ্ৰহৰ অভিযোগ: সুদীৰ্ঘ ৯ বছৰ ধৰি ধনৰ লেনদেন আছিল অঞ্জন আৰু সৰোজৰ মাজত । সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে চিনাকি হৈ ট্ৰেডিঙত ধন বিনিয়োগ কৰি দুগুণ উপাৰ্জনৰ লোভ দেখুৱাই সৰোজে ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে অঞ্জন সুপ্ৰিয়ম দাসৰ মাতৃয়ে । অঞ্জন সুপ্ৰিয়ম দাসৰ মাতৃয়ে সৰোজ ডেকাই অঞ্জন সুপ্ৰিয়ম দাসৰ পৰা প্ৰায় ১৮ লাখ টকা ট্ৰেডিঙৰ কাৰণে লোৱা বুলি অভিযোগ কৰিছে ।
অভিযোগ অনুসৰি চাৰিদুৱাৰ আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিলে চি আই ডিত কৰ্মৰত ধৃত সৰোজ ডেকাক । ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে ধৃত সৰোজ ডেকাক সোধাপোছা অব্যাহত ৰাখিছে ।
কেনেকৈ লৈছিল ধন: অঞ্জন সুপ্ৰিয়ম দাসৰ মাতৃয়ে সাংবাদিকৰ আগত কয়, ‘‘২০১৫ চনত অঞ্জন সুপ্ৰিয়ম দাসৰ লগত সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল সৰোজ ডেকাৰ ৷ প্ৰথম অৱস্থাত ৫ লাখ টকা ট্ৰেডিঙৰ বাবে লৈছিল আৰু চাকৰিতকৈ অধিক উপাৰ্জনৰ পথ দেখুৱাইছিল অঞ্জনক ৷ ইয়াৰ পিছত চাৰ্ভাৰ কিনিব লাগে বুলি কৈ পুনৰ ৩ লাখ টকা লৈ যায় ৷ পৰৱৰ্তী সময়ত পুনৰ ১.৫ লাখ, ৫০ হাজাৰ এনেকৈ ধন সংগ্ৰহ কৰিছিল ৷’’ অঞ্জন সুপ্ৰিয়ম দাসৰ জড়িয়তে অন্য লোকৰ পৰাও সৰোজে ধন সংগ্ৰহ কৰিছিল বুলি মাতৃয়ে জানিবলৈ দিয়ে ।
সৰোজ ডেকাৰ ভাষ্য: চাৰিদুৱাৰ আৰক্ষী থানাত সাংবাদিকে সৰোজ ডেকাক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ এই সকলোবোৰ মিছা বুলি সাংবাদিকৰ আগত কোৱাৰ বিপৰীতে অঞ্জন সুপ্ৰিয়ম দাসৰ মাতৃয়ে সৰোজ ডেকাই অঞ্জন সুপ্ৰিয়ম দাসৰ পৰা ১৮ লাখ টকা ট্ৰেডিঙৰ কাৰণে লোৱা বুলি অভিযোগ কৰিছে । অসম আৰক্ষীৰ চি আই ডিৰ লেন্সনায়ক হিচাপে কৰ্মৰত সৰোজ ডেকাক বৃহস্পতিবাৰে চাৰিদুৱাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । সৰোজ ডেকাৰ ঘৰ বাইহাটা চাৰিআলিত । ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
অঞ্জন সুপ্ৰিয়ম দাসৰ ভাষ্য: ‘‘মই ডি জি পি অফিচত কৰ্মৰত হৈ থকা সৰোজ ডেকাৰ লগত চিনাকি হৈছিলো ৷ তেওঁ মোক ট্ৰেডিঙত ধন বিনিয়োগ কৰিবলৈ কয় ৷ মই নিজাববীয়াকৈ ১৮ লাখ টকা বিনিয়োগ কৰিছিলো । মই নিজেই ইয়াৰ বলি হৈছো । তেওঁ টকাৰ খেলিমেলিৰ বাবে ডি জি পি অফিচৰ পৰা চি আই ডিলৈ বদলি হৈছিল বুলি মই জানিব পাৰিছিলো ৷’’
আৰক্ষীৰ মন্তব্য: চাৰিদুৱাৰ আৰক্ষীয়ে সাংবাদিকক কয় যে সৰোজ ডেকা অসম আৰক্ষীৰ চি আই ডিত লেন্সনায়ক হিচাবে কৰ্মৰত আৰু তেওঁৰ ঘৰ বাইহাটা চাৰিআলিত । গুৱাহাটীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে আৰক্ষীয়ে অঞ্জন সুপ্ৰিয়ম দাসক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰি পুনৰ তদন্তৰ বাবে আৰক্ষীৰ জিম্মালৈ আনে । বৰ্তমান তদন্তৰ খাতিৰত আৰক্ষীয়ে এই বিষয়ে বিস্তৃত তথ্য প্ৰকাশ কৰিব বিচৰা নাই বুলিও জানিবলৈ দিয়ে ।

