ETV Bharat / state

উগ্ৰপন্থী গোট গঠনৰ চেষ্টা কৰা দলক মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰালে কোকৰাঝাৰ আৰক্ষীয়ে - new militant outfit

New Militant Outfit: কোকৰাঝাৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ নতুনকৈ উগ্ৰপন্থী গোট গঠনৰ চেষ্টা চলোৱা দলক অস্ত্ৰসহিতে মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰালে ৷

new militant outfit
উগ্ৰপন্থী গোট গঠনৰ চেষ্টা কৰা দলক মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কোকৰাঝাৰ আৰক্ষীৰ (Kokrajhar Police X Account)
author img

By ETV Bharat Assamese Team

Published : August 13, 2024 at 9:42 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৩ আগষ্ট: কোকৰাঝাৰ-চিৰাং জিলাৰ সীমান্তত নতুনকৈ উগ্ৰপন্থী গোট গঠন কৰিবলৈ চেষ্টা চলোৱা এটা দলক অস্ত্ৰসহিতে মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰাবলৈ সক্ষম হৈছে কোকৰাঝাৰ আৰক্ষী ৷ অসম আৰক্ষীৰ বাবে এয়া এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে । বিগত তিনি-চাৰি মাহৰ পৰা নতুন উগ্ৰপন্থী গোট গঠন কৰিবলৈ চেষ্টা কৰি আছিল ২০ জনীয়া যুৱকৰ দলটোৱে । কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই আজি এক সংবাদমেল আয়োজন কৰি এই কথা ব্যক্ত কৰে ৷

উগ্ৰপন্থী গোট গঠনৰ চেষ্টা কৰা দলক মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰালে কোকৰাঝাৰ আৰক্ষীয়ে (ETV Bharat Assam)

অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই সংবাদমেলত কয়, "কেইজনমান কেডাৰে নতুন উগ্ৰপন্থী গোট গঠন কৰিবলৈ চেষ্টা কৰি কেইবাদিনৰ পৰা চেষ্টা কৰি আছিল বুলি আমি সোমবাৰে নিশা তথ্য লাভ কৰো ৷ গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আমি তেওঁলোকক অনুসৰণ কৰো আৰু আমি অস্ত্ৰসহিতে দলটোক উলিয়াই আনিবলৈ সক্ষম হও । দলটোত ২০ জন সদস্য আছিল ৷"

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, "কালি গভীৰ নিশা তেওঁলোকক অনা হৈছিল ৷ তেওঁলোকক সোধাপোছা কৰা হ’ব ৷ তেওঁলোকে আমাক কেইবাটাও অস্ত্ৰ-শস্ত্ৰ জমা দিছে । নতুনকৈ উগ্ৰপন্থী সংগঠন খোলাৰ আঁৰত কাৰোবাৰ সমৰ্থন আছে নেকি সেয়া সোধাপোছা কৰা হ'ব । কোনোবাই আৰ্থিকভাৱে সহায় কৰিছিল নেকি সেয়াও তদন্তৰ আওঁতালৈ অনা হ'ব । এজন এজনকৈ সোধাপোছা কৰা হ'ব ।"

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, কোকৰাঝাৰ-চিৰাং সীমান্তৱৰ্তী জংঘলৰ পৰা কৌশলেৰে অস্ত্ৰসহিতে দলটোক উলিয়াই অনা হৈছে । নতুনকৈ উগ্ৰপন্থী সংগঠন খুলিব বিচৰা দলটোত ২০ জন সদস্যৰ বাহিৰেও আৰু কোনোবা জড়িত আছে নেকি সেয়াও তদন্ত কৰা হ'ব ।

কেডাৰকেইজনে জমা দিয়া অস্ত্ৰ-শস্ত্ৰসমূহ হ'ল ক্ৰমে অটোমেটিক ৰাইফল ৬ টা, একক শ্ব’টৰ ৰাইফল ৪ টা, মেগজিনৰ সৈতে ৩ টা পিষ্টল, এইচ ই গ্ৰেনেড ৫ টা, এ কে ৰাইফলৰ সজীৱ গুলী ৫৪ জাঁই, পিষ্টলৰ সজীৱ গুলী ৯ জাঁই । সদ্যহতে মূলসুঁতিলৈ অহা ২০ সদস্যক কোকৰাঝাৰ গৌৰাং নদীৰ পাৰত চান্দামাৰীস্থিত অস্থায়ী শিবিৰত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে ।

লগতে পঢ়ক: অসম-অৰুণাচল সীমান্তত বাহৰ পাতিছে আলফা(স্বাঃ)ৰ দলে : জনালে জি পি সিঙে - Preparation for Independence day