ETV Bharat / state

অসমত বৃদ্ধি হৈয়ে আছে ৰাষ্ট্ৰবিৰোধীৰ সংখ্যা, এতিয়ালৈ গ্ৰেপ্তাৰ ৯০

পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰাৰ অভিযোগত অসমত আৰু দুজনক গ্ৰেপ্তাৰ ।

Chief Minister's statement regarding the arrest of anti national elements
দেশবিৰোধীক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 5:20 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত অসমত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১০০ৰ ঘৰ স্পৰ্শ কৰাৰ উপক্ৰম হৈছে । যোৱা শুকুৰবাৰে গোৱালপাৰা আৰু কামৰূপ জিলাত দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছত অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৯০ জন হ’লগৈ ।

শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত এতিয়ালৈ ৯০ জন গ্ৰেপ্তাৰ হোৱাৰ কথা সদৰী কৰিছে । সামাজিক মাধ্যম X ত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, "দেশবিৰোধীৰ বিৰুদ্ধে চলা অভিযানত কালি গোৱালপাৰা আৰক্ষীয়ে চানিদুল ইছলাম আৰু কামৰূপ আৰক্ষীয়ে চানিউৰ ৰহমান ওৰফে চানী ভাইক গ্রেপ্তাৰ কৰে । অসম আৰক্ষীৰ এই অভিযানত এতিয়ালৈকে ৯০ জনক কাৰাগাৰৰ বাট দেখুৱাইছে । সকলো মাধ্যমৰ নিৰন্তৰ নিৰীক্ষণেৰে এই অভিযান আগন্তুক সময়তো একে ধৰণে চলি থাকিব ।"

উল্লেখ্য় যে, যোৱা ২২ এপ্ৰিলত বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত পহলগামৰ নৃশংস হত্যাকাণ্ডৰ পিছতে অসম চৰকাৰে পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰা সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল । ২৪ এপ্ৰিলত এআইইউডিএফ দলৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰেৰে এই অভিযান আৰম্ভ হৈছিল । পাকিস্তানৰ সমৰ্থনত ৰাজহুৱা সভাত মন্তব্য কৰাৰ পিছত আৰক্ষীৰ জালত পৰা আমিনুল ইছলাম আজিও ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ অধীনত কাৰাগাৰৰ আলহী হৈ আছে ।

যোৱা ২৬ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, "যিয়ে পাকিস্তানক সমৰ্থন কৰিব তাকে এৰেষ্ট কৰিম, প্ৰয়োজন হ’লে ৰাষ্টীয় নিৰাপত্তা আইনো (NSA) জাপি দিম ৷” তাৰ পিছৰে পৰাই আৰক্ষীয়ে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িতসকলৰ বিৰূদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে । সামাজিক মাধ্যমৰ ওপৰতো অসম চৰকাৰে ৰাখি আহিছে চোকা নজৰ ৷ বিশ্ব কঁপোৱা পহলগামকাণ্ডৰ পিছত অসমত গ্ৰেপ্তাৰ হোৱা ৰাষ্ট্ৰবিৰোধী লোকৰ সংখ্যাই ৯০ জন হোৱাৰ সময়তে শনিবাৰে পুনৰ মুখ্যমন্ত্ৰীয়ে সকলো মাধ্যমৰ নিৰন্তৰ নিৰীক্ষণেৰে এই অভিযান আগন্তুক সময়তো একে ধৰণে চলি থাকিব বুলি কৰা ঘোষণাই এই সংখ্যা যে বৃদ্ধি পাব তাৰ স্পষ্ট ইংগিত বহন কৰিছে ।

লগতে পঢ়ক:ৰাষ্ট্ৰবিৰোধী ! পাকিস্তানক সমৰ্থন কৰি অসমত এতিয়ালৈ ৩৬ জন জে’ললৈ - PAHALGAM TERROR ATTACK

এইবাৰ এন এছ এত আটক বহুবল্কী বিধায়ক আমিনুলক - MLA AMINUL ISLAM