গুৱাহাটী : অৱশেষত এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হ'ল অসম আৰক্ষী । গীতিকা ভট্টাচাৰ্য নামৰ এগৰাকী মহিলাই তৰা গোচৰ আৰু আদালতৰ নিৰ্দেশৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ৩০৯/২৫ নম্বৰত গোচৰ ৰুজু কৰে ।
গীতিকা ভট্টাচার্যই ২০২৩ চনতে এন আৰ চিক লৈ প্রতীক হাজেলাই সংঘটিত কৰা কেলেংকাৰী সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল । কিন্তু আৰক্ষীয়ে গোচৰটো ৰুজু নকৰাত তেওঁ বিশেষ ন্যায়াধীশৰ আদালতৰ শৰণাপন্ন হৈছিল ।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত গীতিকা ভট্টাচাৰ্য কয়, "২০২৩ ৰ ১৫ জুলাইত দিছপুৰ থানাত এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ত প্ৰতীক হাজেইলাৰ এজাহাৰ দাখিল কৰিছিলো। কিন্তু গোচৰটো পঞ্জীয়ন কৰা নাছিল । বহুবাৰ দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীক লগ কৰাৰ লগত SP লগ কৰিছিলো । তেওঁলোকে এইফালে যাওক সেই ফালে যাওক কৈছিল । আমি নিয়ম মতে গৈ ন্যায়ালয়ৰ কাষ চাপিছিলো । কালি দিছপুৰ আৰক্ষীয়ে মোৰ লগত যোগাযোগ কৰোতে গম পাইছিলো যে দিছপুৰ থানাত গোচৰ এটা ৰুজু হৈছে । ভাষ্য গ্ৰহণৰ বাবে মোক মাতিছিলে নৱৰাত্ৰি চলি আছে কাৰণে মই যোৱা নাই । নৱৰাত্ৰি শেষ হ’লে যাম ।"

তেওঁ লগতে কয়, "কেগৰ প্ৰতিবেদন অনুসৰি এন আৰ চি ৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত ১৮৮ কোটি টকাৰ অপব্যৱহাৰৰ কথা উল্লেখ হৈছিল । এই কেগৰ প্ৰতিবেদনৰ ভিত্তিত এই গোচৰটো তৰিছিলো । পৰৱৰ্তী পৰ্যায়ত আন আন বিষয়বোৰ চোৱা হ'ব ।"
লগতে তেওঁ কয়, "কোনোবাই কোনোবাই কৈছে প্ৰতীক হাজেলাই জামিন লৈ সাৰি যাব বুলি । কিন্তু ইতিমধ্যে চৰকাৰে তেওঁক স্বেচ্ছামূলক অৱসৰ দি পঠিয়াই দিছে বুলি মন্তব্য কৰে ।"

উল্লেখ্য যে, প্রায় ১,৬০০ কোটি টকা ব্যয় সাপেক্ষে এন আৰ চি উন্নীতকৰণৰ নামত শ শ কোটি টকাৰ কেলেংকাৰী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । কেগৰ প্ৰতিবেদনতো খেলিমেলিৰ কথা উল্লেখ আছিল । এ পি ডব্লিউৰ হৈ অভিজিৎ শর্মা, ব্যৱসায়ী লুইত কুমাৰ বৰ্মনকে ধৰি কেইবাজনেও এই কেলেংকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও গোচৰে কোনো গতি লোৱা নাছিল । এতিয়া ন্যায়ালয়ৰ নিৰ্দেশতহে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে আৰক্ষী ।