ETV Bharat / state

আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ বাইক চোৰ

বাইক চোৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান । আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ চোৰ ।

Assam Police encounter
যোৰাবাটত আৰক্ষীৰ এনকাউণ্টাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 5, 2025 at 5:06 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অপৰাধীৰ বিৰুদ্ধে পুনৰ চলিল আৰক্ষীৰ বন্দুক । এইবাৰ স্থান যোৰাবাট । দুৰ্ধৰ্ষ বাইক চোৰক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে । বশিষ্ঠ আৰক্ষীৰ গুলীত আহত বাইক চোৰ । নিশা যোৰাবাটত চলা এক অভিযানৰ মাজতে সংঘটিত হ'ল এই ঘটনা । আৰক্ষীৰ গুলীত আহত বাইক চোৰটো দিব্যজোতি শইকীয়া বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ এনকাউণ্টাৰ

ঘটনা সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয় , "গুৱাহাটীৰ ছয়মাইলৰ পৰা নিশা বশিষ্ঠ আৰক্ষীয়ে তিনিটা দুৰ্ধৰ্ষ গাড়ী চোৰক আটক কৰিছিল । চোৰকেইটা হৈছে ক্ৰমে অজয় সিং, দিপু টেৰণ, দিব্যজোতি শইকীয়া । দিব্যজোতি শইকীয়া আৰু অজয় সিঙে আৰু অধিক বাইক উদ্ধাৰ কৰি দিম বুলি কৈছিল । সেই সূত্ৰে বশিষ্ঠ আৰক্ষীয়ে নিশা যোৰাবাটৰ তেৰ মাইলত চোৰৰ গেংটোক লৈ অভিযানলৈ গৈছিল ৷ কিন্তু ১৩ মাইলত জংঘলৰ পৰা হঠাৎ একাংশ দুর্বত্তই আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিবলৈ ধৰে । তাৰ সুযোগ লৈ আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰিছিল বাইক চোৰ দিব্যজ্যোতি শইকীয়াই ৷ অৱশ্যে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ দিব্যজ্যোতি শইকীয়াৰ ভৰিত লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হৈ পৰে দিব্যজ্যোতি শইকীয়া ।"

উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকা (ETV Bharat)

আৰক্ষী আৰু বাইক চোৰৰ গেঙৰ সংঘৰ্ষৰ কথা উল্লেখ কৰি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, "এই ঘটনাত অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল আহত হয় । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আৰক্ষী কনিষ্টবল আৰু আহত চোৰ দিব্যজ্যোতি ৷"

তেওঁ লগতে কয়, "নিশাৰ অভিযানৰ সময়ত দিব্যজ্যোতি আৰু বাইক চোৰ গেঙৰ পৰা জব্দ কৰো দুখন বাইক আৰু বিশেষ চাবি ৷ মহানগৰীৰ কেইবা স্থানতো বাইক চুৰি ঘটনাৰে জড়িত আছিল গেংটো ৷ এই গেংটোৱে মহানগৰীৰ পৰা বাইক চুৰি কৰি বিভিন্ন স্থানত বিক্ৰী কৰি আহিছিল । এই গেংটোৰ বিৰুদ্ধে মহানগৰীৰ কেইবাখনো থানাত বহু গোচৰ ৰুজু হৈ আছে ।"

লগতে পঢ়ক :অমনক হত্যা কৰি কোনে কাঢ়ি নিলে ৩ লাখ ? - BODY OF YOUTH RECOVERED