ETV Bharat / state

অসম আৰক্ষীৰ কনিষ্টবলৰ লিখিত পৰীক্ষাৰ দিন সলনি - ASSAM POLICE CONSTABLE WRITTEN EXAM

অসম আৰক্ষী কনিষ্টবল (AB & UB) পদৰ লিখিত পৰীক্ষা পূৰ্বে ২৩ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব ।

ASSAM POLICE CONSTABLE WRITTEN EXAM
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 17, 2025 at 7:29 AM IST

2 Min Read

হায়দৰাবাদ: অসম আৰক্ষী কনিষ্টবল (AB & UB) পদৰ লিখিত পৰীক্ষাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছে । শেহতীয়া ঘোষণা অনুসৰি, পূৰ্বে এই পৰীক্ষা ২৩ মাৰ্চত অনুষ্ঠিত হ’ব লাগিছিল যদিও এতিয়া ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব । অসম আৰক্ষীয়ে সামাজিক মাধ্যম X ত পোষ্ট কৰি এই তথ্য সদৰী কৰে ৷

অসম আৰক্ষীয়ে সামাজিক মাধ্যম X ত কয়, "কনিষ্টবল (AB & UB) আৰু সমতুল্য পদৰ বাবে লিখিত পৰীক্ষা ২০২৫ চনৰ ৬ এপ্ৰিললৈ (আগতে ২৩ মাৰ্চ ২০২৫) পুনৰ নিৰ্ধাৰণ কৰা হৈছে । ১ এপ্ৰিল ২০২৫ তাৰিখে পুৱা ১১ বজাৰ পৰা https://slprbassam.in ৰ পৰা Admit Card ডাউনলোড কৰিব পাৰিব ৷"

ফলাফলত অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়ৰ বাহিৰত একাংশ অসন্তুষ্ট প্ৰাৰ্থীয়ে স্পষ্টীকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ পাছতেই অসম আৰক্ষী কনিষ্টবল (AB & UB) পদৰ লিখিত পৰীক্ষাৰ দিন সলনি কৰা হয় ।

কাট অফ মাৰ্কক লৈ হোৱা বিতৰ্কক লৈও একাংশ প্ৰাৰ্থীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

যোগ্য প্ৰাৰ্থীসকলে আবেদন নম্বৰ, নাম আৰু জন্ম তাৰিখ লিখি ১ এপ্ৰিলৰ পৰা অনলাইনযোগে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ।

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে জোৰ দি কয় যে পৰীক্ষাৰ দিনা প্ৰৱেশৰ অনুমতি পাবলৈ প্ৰাৰ্থীসকলে চৰকাৰীভাৱে প্ৰদান কৰা বৈধ ফটো পৰিচয় পত্ৰ - যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স বা ভোটাৰ আইডি -ৰ লগতে এডমিট কাৰ্ডৰ ছপা কপি লৈ আহিব লাগিব ।

লগতে পঢ়ক: পলিটেকনিকৰ ৭৩ শিক্ষকক অব্যাহতি; নিয়মীয়া নিযুক্তিৰ বাবে দিবই লাগিব পৰীক্ষা : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.