নগাঁও : পহলগামকাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক শুক্ৰবাৰে হাজিৰ কৰা হ'ব নগাঁও আদালতত । বুধবাৰে পহলগামৰ বৰ্বৰ ঘটনাক কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দি কেবাটাও বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে ।
বিধায়ক আমিনুল ইছলামৰ মন্তব্য বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই বিধায়কগৰাকীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি বৃহস্পপতিবাৰে গ্ৰেপ্তাৰ কৰে । বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত 347/25 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 152/196/197(1)/113(3)/352/353 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি বিধায়কগৰাকীৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । বৃহস্পপতিবাৰে সন্ধিয়া সংবাদমেলত এই তথ্য সদৰী কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।
বৃহস্পপতিবাৰে গ্ৰেপ্তাৰ কৰা বিধায়ক আমিনুল ইছলামক সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত সোধ-পোচ অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলামক শুক্ৰবাৰে নগাঁও আদালতত হাজিৰ কৰা হ’ব বুলিও জনাইছে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।
শুকুৰবাৰে আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে । পহলগামকাণ্ডক লৈ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্য উত্তেজিত বুলি অভিহিত কৰে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।
Assam will take the strongest possible action against anyone who dares to defend—directly or indirectly—the horrific, Pakistan-sponsored terror attack in Pahalgam. Let it be known clearly: those who attempt to justify, normalize, or dilute the brutal murder of innocent civilians… https://t.co/wL2ydaPbmy
— Himanta Biswa Sarma (@himantabiswa) April 24, 2025
ইপিনে এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে দেশ কঁপাই যোৱা এটা ঘটনাক লৈ কৰা মন্তব্যক সৰ্বত্ৰে জনাইছে ধিক্কাৰ । আনকি বিধায়ক আমিনুল ইছলামৰ মন্তব্য দলীয় কোনো মন্তব্য নহয় বুলিও স্পষ্ট কৰি দিছে খোদ দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে ।
বিতৰ্কিত মন্তব্য কৰা বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ লগতে বিধায়কগৰাকীৰ ব্যক্তিগত মোবাইল ফোনো জব্দ কৰি তদন্তৰ অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।