শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰা হ'ব বিধায়ক আমিনুল ইছলামক
মহাবিপদত বিধায়ক আমিনুল ইছলাম, বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা আমিনুল ইছলামক আদালতত হাজিৰ কৰি পুনৰ জিম্মাত বিচাৰিব নগাঁও আৰক্ষীয়ে। জব্দ মোবাইল, সংগ এৰিলে বদৰুদ্দিন আজমলেও।

Published : April 24, 2025 at 10:40 PM IST
নগাঁও : পহলগামকাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক শুক্ৰবাৰে হাজিৰ কৰা হ'ব নগাঁও আদালতত । বুধবাৰে পহলগামৰ বৰ্বৰ ঘটনাক কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দি কেবাটাও বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে ।
বিধায়ক আমিনুল ইছলামৰ মন্তব্য বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই বিধায়কগৰাকীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি বৃহস্পপতিবাৰে গ্ৰেপ্তাৰ কৰে । বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত 347/25 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 152/196/197(1)/113(3)/352/353 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি বিধায়কগৰাকীৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । বৃহস্পপতিবাৰে সন্ধিয়া সংবাদমেলত এই তথ্য সদৰী কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।
বৃহস্পপতিবাৰে গ্ৰেপ্তাৰ কৰা বিধায়ক আমিনুল ইছলামক সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত সোধ-পোচ অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলামক শুক্ৰবাৰে নগাঁও আদালতত হাজিৰ কৰা হ’ব বুলিও জনাইছে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।
শুকুৰবাৰে আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে । পহলগামকাণ্ডক লৈ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্য উত্তেজিত বুলি অভিহিত কৰে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।
Assam will take the strongest possible action against anyone who dares to defend—directly or indirectly—the horrific, Pakistan-sponsored terror attack in Pahalgam. Let it be known clearly: those who attempt to justify, normalize, or dilute the brutal murder of innocent civilians… https://t.co/wL2ydaPbmy
— Himanta Biswa Sarma (@himantabiswa) April 24, 2025
ইপিনে এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে দেশ কঁপাই যোৱা এটা ঘটনাক লৈ কৰা মন্তব্যক সৰ্বত্ৰে জনাইছে ধিক্কাৰ । আনকি বিধায়ক আমিনুল ইছলামৰ মন্তব্য দলীয় কোনো মন্তব্য নহয় বুলিও স্পষ্ট কৰি দিছে খোদ দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে ।
বিতৰ্কিত মন্তব্য কৰা বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ লগতে বিধায়কগৰাকীৰ ব্যক্তিগত মোবাইল ফোনো জব্দ কৰি তদন্তৰ অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

