গুৱাহাটী : পহলগামত নাৰকীয় গণ সংহাৰ চলোৱা প্ৰসংগত পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগত অসমত ইজনৰ পিছত সিজন পৰিছে আৰক্ষীৰ জালত । ৰাজ্যৰ বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাত বিধায়কৰ পৰা আৰম্ভ কৰি অধিবক্তা, ছাত্ৰ সংগঠনৰ নেতালৈ পৰিছে আৰক্ষীৰ জালত ৷
ৰাজ্যজুৰি এতিয়ালৈ মুঠ ৭ জন পৰিছে আৰক্ষীৰ জালত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ইয়াৰে ৫ জনৰ নাম সদৰী কৰিছে ।
A terrorist is a terrorist, no matter what he says,
— Himanta Biswa Sarma (@himantabiswa) April 25, 2025
But when his faith becomes his gun and hate becomes his way,
When he believes his religion tells him who to fight,
He turns his cruelty into a cause — and calls it faith and right.
ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ৰূপত ঘোষণা কৰিছিল যে পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত মন্তব্য কৰা যিকোনো দেশবিৰোধী চক্ৰৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্য চৰকাৰ । কথা মতেই কাম ৷
As part of its intensified crackdown on individuals promoting anti-national sentiments, the @assampolice has made two additional arrests:
— Himanta Biswa Sarma (@himantabiswa) April 25, 2025
•Barpeta: Md. Jarif Ali (25), also known as Sharif Sing,
•Biswanath: Anil Bania, District Secretary of the Satra Mukti Sangram Parishad https://t.co/hwLlu2XfJm
ৰাজ্যজুৰি অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ ।
Assam will not tolerate any individual who, directly or indirectly, supports or defends Pakistan in connection with the heinous attack in Pahalgam.
— Himanta Biswa Sarma (@himantabiswa) April 25, 2025
So far, the following individuals have been arrested by @assampolice for directly or indirectly promoting the cause of Pakistan in…
শুকুৰবাৰলৈ ৰাজ্যত ভাৰত বিৰোধী কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ আৰু আটক কৰা সকলৰ ভিতৰত নগাঁৱৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম, হাইলাকান্দিৰ অধিবক্তা মঃ জাবিৰ হুছেইন, শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ মঃ এ কে বাহাউদ্দিন আৰু অধিবক্তা মঃ জাভেদ মজুমদাৰ, মৰিগাঁৱৰ মঃ মাজাহাৰ মিয়া ওৰফে মঃ মুজিহিৰুল ইছলাম, শিৱসাগৰত মঃ চাহিল আলী অন্যতম ৷



এই প্ৰংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামজিক মাধ্যমত উল্লেখ কৰিছে এইদৰে...
পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ সন্দৰ্ভত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে । এয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা হিচাপে বিবেচিত । এই বিষয়ত জড়িত নিম্নলিখিত লোকসকলক এতিয়ালৈকে অসম আৰক্ষীয়ে আটক কৰিছে । এওঁলোকে সামাজিক মাধ্যমত পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন আগবঢ়োৱাৰ তথ্য লাভ কৰা হৈছে ।


- হাইলাকান্দি – মঃ জাবিৰ হুছেইন
- শিলচৰ – মঃ এ কে বাহাউদ্দিন, মঃ জাভেদ মজুমদাৰ
- মৰিগাঁও – মঃ মাজাহাৰ মিয়া ওৰফে মঃ মুজিহিৰুল ইছলাম
- নগাঁও – মঃ আমিনুল ইছলাম
- শিৱসাগৰ – মঃ চাহিল আলী