ETV Bharat / state

অৱশেষত জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ ৷ গোৱাৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দীপাংকৰক ৷ প্ৰায় দুমাহ ধৰি পলাতক হৈ আছিল বৰ্মন ৷

DIPANKAR BARMAN ARRESTED
অৱশেষত ৰঙাঘৰত ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 27, 2024 at 9:28 PM IST

|

Updated : October 27, 2024 at 9:35 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত দীপাংকৰ বৰ্মন । মহানগৰ আৰক্ষীয়ে গোৱা ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দীপাংকৰ বৰ্মনক ৷ ডি বি ষ্টক জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰি পলাতক হৈ আছিল দীপাংকৰ । অৱশেষত মহানগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অমিত মহাতোৰ নেতৃত্বত যোৱা এটা দলে দেওবাৰে সন্ধিয়া গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সামাজিক মাধ্যমত জানিবলৈ দিয়ে এই কথা ৷

লগতে পঢ়ক: অনলাইন ট্ৰেডিঙৰ নামত আত্মীয়কো এৰা নাছিল দীপাংকৰে; তথ্য বিচাৰি নলবাৰীত মহানগৰ আৰক্ষীৰ অভিযান - Online trading

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ তেতেলিয়াৰ বাসিন্দা দীপাংকৰ বৰ্মনে মহানগৰীৰ জি এছ ৰোডৰ বৰা ছাৰ্ভিচত বিগত তিনি বছৰ ধৰি ডি বি ষ্টক কনচাল্টটেন্সি নামৰ বিত্তীয় প্রতিষ্ঠান খুলি সমগ্র ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছিল । প্ৰৱঞ্চনাৰ বলি হৈ সৰ্বস্বান্ত হোৱা ভুক্তভোগী বিনিয়োগকাৰীয়ে পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ পাছৰে পৰা প্ৰায় দুমাহ ধৰি পলাতক হৈ আছিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন ৷

বৰ্মনে বিনিয়োগকাৰীৰ পৰা প্রায় ৭০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল ৷ পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃৰ লগতে প্রেয়সী মনালিছা দাসক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছিল ।

DIPANKAR BARMAN ARRESTED
অৱশেষত ৰঙাঘৰত ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন (Etv Bharat Assam)

লগতে পঢ়ক: অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্ত আৰম্ভ চি বি আইৰ

জানিব পৰা মতে, সর্বসাধাৰণ নাগৰিকক তেওঁৰ প্ৰতিষ্ঠানত ধন জমা ৰাখিলে এমাহত ৭ শতাংশ, দুই মাহত শতকৰা ১৪ শতাংশ, ছয় মাহত শতকৰা ৫১ আৰু এবছৰত শতকৰা ১২০ শতাংশ ধন দিয়াৰ প্রলোভন দিয়ে ৷ ইয়াতে প্রলোভিত হৈ বহু লোকে ডি বি ষ্টক কনচাল্টটেন্সিত ধন বিনিয়োগ কৰে ৷ একাংশ বিনিয়োগকাৰীয়ে ৫০ হাজাৰ টকাৰ পৰা ১০ লাখ টকা বিনিয়োগ কৰে । প্ৰাৰম্ভিক অৱস্থাত দীপাংকৰ বৰ্মনে প্রতিশ্রুতি মতে গ্রাহকক ধন দিছিল যদিও পৰৱৰ্তী সময়ত দীপাংকৰে প্রতিষ্ঠানটোৰ জৰিয়তে লুণ্ঠন চলাই প্ৰায় দুমাহ ধৰি আত্মগোপন কৰি আছিল ।

Last Updated : October 27, 2024 at 9:35 PM IST