ETV Bharat / state

অসম আৰক্ষীৰ অপৰাধ বিৰোধী অভিযান: ৰাজ্যত গোচৰৰ সংখ্যা ১২৭.৬ শতাংশলৈ হ্ৰাস - ASSAM POLICE

অসম আৰক্ষীৰ অভিযোগনামা দাখিলৰ হাৰ ৭৭.৫৪ শতাংশলৈ বৃদ্ধি । দোষী সাব্যস্তৰ হাৰ ২৬.০৯ শতাংশলৈ বৃদ্ধি । অসম আৰক্ষীৰ মাহেকীয়া পর্যালোচনা বৈঠকৰ খতিয়ান ।

Assam Police anti crime operation going on and number of cases in the state has decreased by 128 percent
অসম আৰক্ষীৰ অপৰাধ বিৰোধী অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 22, 2025 at 2:42 PM IST

4 Min Read

গুৱাহাটী: ৰাজ্যত নিত্য-নতুন অপৰাধৰ ঘটনা সংঘটিত হৈ আহিছে আৰু সমান্তৰালকৈ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানো অব্যাহত আছে । অপৰাধৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা অসম আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত ৰাখিছে অপৰাধ বিৰোধী অভিযান ।

অসম আৰক্ষীৰ তথ্য মতে ৰাজ্যখনত ক্ৰমাৎ অপৰাধৰ হাৰ হ্ৰাস পাইছে । ইফালে অপৰাধ হ্ৰাসৰ সমান্তৰালকৈ বৃদ্ধি পাইছে গোচৰৰ অভিযোগনামা দাখিলৰ হাৰ । আনহাতে দোষী সাব্যস্তকৰণৰ সংখ্যাও বৃদ্ধি পাইছে । এই তথ্য প্ৰকাশ পাইছে অসম আৰক্ষীৰ মাহিলী অপৰাধ পৰ্যালোচনা বৈঠকত ।

Assam Police anti crime operation going on and number of cases in the state has decreased by 128 percent
অসম আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং (ETV Bharat Assam)

শেহতীয়াকৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সঞ্চালক প্ৰধান হৰমীত সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ৰাজ্যখনৰ শেহতীয়া খতিয়ান দাঙি ধৰা হয় । জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত হোৱা বৈঠকখনত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয় । সেই বৈঠকতেই ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি লাগে লাগে উন্নত হোৱাৰ কথা প্ৰকাশ কৰা হয় ।

পৰ্যালোচনা বৈঠকত প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ মে' মাহলৈ অসমৰ প্ৰতি লাখ লোকৰ বিপৰীতে গোচৰৰ সংখ্যা ১২৭.৬ শতাংশলৈ হ্ৰাস পাইছে । ২০১৯ বৰ্ষত প্রতি লাখ লোকৰ বিপৰীতে গোচৰৰ সংখ্যা আছিল ৩৮৫.৮ শতাংশ আৰু ২০২৪ চনত আছিল ১৩৯.৩ শতাংশ । আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত কৰি গোচৰসমূহৰ অভিযোগনামা খৰতকীয়াকৈ আদালতত দাখিল কৰাৰ ক্ষেত্রত সফল হৈছে ।

অসম আৰক্ষীৰ মাহেকীয়া পর্যালোচনা বৈঠক (ETV Bharat Assam)

চলিত বৰ্ষৰ মে' মাহলৈ ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ হাৰ ৭৭.৫৪ শতাংশলৈ বৃদ্ধি পাইছে বুলি পৰ্যালোচনা বৈঠকত প্ৰকাশ কৰা হয় । যিটো ২০২২ চনত ৩৪.৩ শতাংশ আছিল আৰু ২০২৪ চনত ৬৬.৭১ শতাংশ আছিল ।

আনহাতে অপৰাধীৰ বিৰুদ্ধে উপযুক্ত তথ্যপাতি আদালতত উপস্থাপন কৰিবলৈ সক্ষম হোৱাৰ বাবে আদালতত দোষী সাব্যস্ত হোৱাৰ হাৰো বৃদ্ধি পাইছে । ২০২০ বৰ্ষত মাত্র ৫.৫ শতাংশ গোচৰতহে অভিযুক্ত দোষী সাব্যস্ত হৈছিল । কিন্তু চলিত বৰ্ষত দোষী সাব্যস্তৰ হাৰ ২৬.০৯ শতাংশলৈ বৃদ্ধি পাইছে । ২০২৪ বৰ্ষত দোষী সাব্যস্তকৰণৰ হাৰ আছিল ২২.৯৫ শতাংশ ।

লক্ষণীয় বিষয় যে বিজেপি শাসনলৈ অহাৰ পাছত অপৰাধমূলক কাৰ্যকলাপৰ ক্ষেত্রত শূন্যসহনশীল স্থিতি গ্ৰহণ কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰক্ষীক অপৰাধৰ ক্ষেত্রত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছে । যাৰ ফলস্বৰূপে ৰাজ্যত অব্যাহত আছে অপৰাধ বিৰোধী অভিযান । বিজেপি শাসনলৈ অহাৰ পাছত ২০১৬ চনৰ মে' মাহৰ পৰা বিগত বৰ্ষলৈ ৰাজ্যখনত আৰক্ষীৰ গুলীত ১০৫ জন লোক নিহত হোৱাৰ লগতে ১৯৯ জন লোক আহত হৈছে ।

সেইদৰে এই সময়ছোৱাত অসম আৰক্ষীৰ জিম্মাত ৪৮ জন লোক নিহত হোৱাৰ লগতে ১৫২ জন লোক আহত হৈছে । এই তথ্য অসম চৰকাৰৰ । অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত গৃহ বিভাগৰ তৰফৰ পৰা এই তথ্য সদনত দাখিল কৰা হৈছিল । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদনত দিয়া তথ্য মতে ২০১৬ চনৰ মে' মাহৰ পৰা বিগত বৰ্ষলৈ অসমত আৰক্ষীৰ গুলীত ১০৫ জন লোক নিহত হৈছিল ।

ৰাজ্যত গোচৰৰ সংখ্যা ১২৭.৬ শতাংশলৈ হ্ৰাস (ETV Bharat Assam)

এই সময়ছোৱাত ১৫ জন সন্ত্রাসবাদী, ১১ জন চোৰ, ২০ জন ডকাইত, ৪ জন ধৰ্ষণকাৰী আৰু ৭৮ জন অন্যান্য অপৰাধী নিহত হৈছিল । আনহাতে উক্ত সময়ছোৱাত আৰক্ষীৰ জিম্মাত আহত অথবা নিহত লোকৰ মৃত্যুৰ ঘটনাক লৈ মুঠ ১৬৩টা গোচৰ পঞ্জীয়ন হৈছিল আৰু ইয়াৰে ১৩৫টা গোচৰ ইতিমধ্যে নিষ্পত্তি হৈছে আৰু ২৮টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে ।

লগতে পঢ়ক: দেশৰ ৩৬টা স্থানৰ ভিতৰত ৩৪ নম্বৰত শিক্ষাত অসমৰ স্থান : কংগ্ৰেছৰ কঠোৰ সমালোচনা - PERFORMANCE GRADING INDEX

ইউপিপিএলে আসন পাবনে নাই মোৰ সন্দেহ আছে : হাগ্ৰামা মহিলাৰী - BTC ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.