তুলসীৰ ভেটি সজাত ব্যস্ত গাঁৱৰ কণমানি; পৰম্পৰা অনুসৰি কাতি বিহু পালনত ব্যস্ত ৰাজ্যবাসী
Assamese traditional: ডিব্ৰুগড়ৰ গ্ৰাম্যাঞ্চলত চলিছে কাতি বিহুৰ আয়োজন ৷ সাজু কৰি তোলা হৈছে আকাশবন্তি ৷ আপোন খেতিডৰা চাবলৈ পথাৰলৈ ঢাপলি মেলিছে চহা কৃষক ৷

Published : October 17, 2024 at 11:55 AM IST
ডিব্ৰুগড়, ১৭ অক্টোবৰ :
‘‘তুলসীৰ তলে-তলে মৃগ পহু চৰে,
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ।’’
তুলসী তলৰ চাকিগছিয়ে যাতে ৰাজ্যবাসীলৈ সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে, তাৰে কামনাৰে আজি প্ৰতিজন চহা অসমীয়াই পালন কৰিবলৈ সাজু হৈছে কাতি বিহু ৷
অসমীয়া সমাজ জীৱনত তিনিটি বিহুৰ ঐতিহ্য আৰু মাদকতাই বহন কৰি আহিছে এক সুকীয়া মাত্ৰা । ব'হাগ বিহু আৰু মাঘ বিহুৰ মাজতে কাতি বিহু । কাতি বিহুক কঙালী বুলি ক'লেও এই কাতি বিহু অসমীয়া সমাজ জীৱনত যুগ যুগ ধৰি পালিত হৈ আহিছে ।
কৃষি আৰু চহা জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কাতি বিহুত সেউজ ধাননি পথাৰত আকাশ বন্তি জ্বলাই কৃষকৰ সপোনৰ ধাননি ডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে তুলসী তলত বন্তি জ্বলাই সকলোৱে মংগল কামনা কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড়ত আঠাবাৰীত ঘৰে ঘৰে চলিছে বিহুৰ প্ৰস্তুতি ।
সন্ধিয়ালৈ যিহেতু বিহুৰ পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তি জ্বলোৱা হ'ব, সেয়ে পুৱাৰে পৰা তুলসী তল চাফা কৰাৰ লগতে বন্তিসমূহ সাজু কৰি তোলা হৈছে । কাতি বিহুক কঙালী বুলি ক'লেও কৃষিপ্ৰধান অঞ্চলটোৰ প্ৰতিগৰাকী জীয়াৰী-বোৱাৰীৰ মনত এতিয়া বিহুৰ আনন্দ ।
কাতি বিহুক কিয় কঙালী বুলি কোৱা হয় :
কাতি বিহুক কঙালী বুলি ক'লেও এই কাতি বিহু অসমীয়া সমাজ জীৱনত যুগ যুগ ধৰি পালিত হৈ আহিছে । শাওনৰ বোকা পথাৰত দেহৰ ঘাম পেলাই কৃষকে সপোনৰ খেতিডৰা কৰে বছৰটোৰ বাবে । কাতি মাহত সপোন হৈ পৰা ধাননিডৰাত ধানবোৰ গাখীৰতী হয় । কিন্তু কিছু লোকৰ ভঁৰাল উদং হৈ পৰে ।
তথাপি সপোনৰ খেতিডৰা দেখি আনন্দত আত্মহাৰা হয় কৃষক । সেয়ে আজিৰ দিনটোত নিজৰ খেতিডৰাত বন্তি, আকাশ বন্তি জ্বলাই শ্ৰীবৃদ্ধি কামনা কৰে । এই আকাশ বন্তি জ্বলোৱাৰ কিছু বৈজ্ঞানিক ভিত্তিও আছে ।

