গুৱাহাটী : ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদত ৩০০ আসনত জয়লাভেৰে ৭৮.২৬ শতাংশ আসন লাভ বিজেপি আৰু মিত্ৰজোঁটৰ ৷ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰতি দেখুওৱা মৰম-আশীৰ্বাদৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ ৷
ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপিয়ে জয়জয়কাৰ ফলাফল দেখুওৱাৰ পিছত স্বভাৱিকতেই উৎফুল্লিত হৈ পৰিছে অসম বিজেপি । উৎফুল্লিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, উৎফুল্লিত ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া ।
নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে সামগ্ৰিক ফলাফলৰ সবিশেষ বৰ্তমানলৈকে ঘোষণা কৰা নাই যদিও জিলা প্ৰশাসনৰ তথ্যৰ ভিত্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ ৩০০ খন আসনত জয়লাভ কৰি বিজেপিয়ে ৭৬.২৬ শতাংশ আসনত উৰুৱাইছে জয়ৰ নিচান ।
গুৱাহাটীৰ বাজপেয়ী ভৱনত এক সংবাদমেলযোগে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ জয়যাত্ৰাৰ সবিশেষ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অৱশ্যে বেলটত ভোটগ্ৰহণ হোৱাৰ বাবে যথেষ্ট বিলম্ব হৈছে নিৰ্বাচন আয়োগৰ দ্বাৰা অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ৷

মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰাৰ সময়লৈকে জিলা প্ৰশাসনৰ তথ্য অনুসৰি অসমৰ পঞ্চায়তৰ ফলাফল এনে ধৰণৰ :
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, জিলা আয়ুক্তই ঘোষণা কৰা মতে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল এনেধৰণৰ :
জিলা পৰিষদ
ৰাজ্যত জিলা পৰিষদত মুঠ আসনৰ সংখ্যা ৩৯৭ । ৩৯৭ আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটৰ ৩০০ জিলা পৰিষদত নিশ্চিত বিজয় ৷ বিজয়ী হোৱা ৩০০ আসনৰ ভিতৰত ২৭২ খন বিজেপিৰ আৰু ২৮ খন অগপৰ দখলত ।

অৱশ্যে বিজেপিৰ ২৭২ খনৰ ভিতৰত ৪ খন আসনত ৰাভা হাচং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থীসকলৰ নামো সন্নিৱিষ্ট হৈ আছে । জিলা পৰিষদত ৭৬.২২% আসনত বিজয়ী হৈছে এন ডি এ ।
আঞ্চলিক পঞ্চায়ত
ৰাজ্যত আঞ্চলিক পঞ্চায়তৰ মুঠ আসনৰ সংখ্যা ২,১৯২ খন । আঞ্চলিক পঞ্চায়তৰ মুঠ ১,৪৩৬ আসনত বিজয়ী এন ডি এ । ইয়াৰে ১,২৬৫ খন আসনত বিজেপি আৰু ১৭১ আসনত অগপ বিজয়ী হৈছে ।

আঞ্চলিক পঞ্চায়তত ৬৬ শতাংশ আসন দখল বিজেপি মিত্ৰজোঁটৰ ৷ যোৱাবাৰৰ নিৰ্বাচনত আঞ্চলিক পঞ্চায়তত এন ডি এয়ে লাভ কৰিছিল ৫৫ শতাংশ আসন ৷
কংগ্ৰেছ দলৰ ফলাফল
মুখ্যমন্ত্ৰীয়ে জনোৱা তথ্যমতে, জিলা পৰিষদত ৭২ আসনত জিকিছে কংগ্ৰেছ । জিলা পৰিষদত মাত্ৰ ১৮ শতাংশত জয়লাভ কংগ্ৰেছৰ । আনহাতে, আঞ্চলিক পঞ্চায়তৰ ২১% আসন পাইছে কংগ্ৰেছে ।
বিগত পঞ্চায়ততকৈ কিমান আসন বাঢ়িল বিজেপিৰ ?
বিগত পঞ্চায়ত নিৰ্বাচনত এন ডি এয়ে দখল কৰিছিল ৫৫ শতাংশ আসন ৷ বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ৫৫ শতাংশ আসন এইবাৰ হ’লগৈ ৭৬ শতাংশ । যোৱাবাৰ এন ডি এয়ে ২৩১ জিলা পৰিষদৰ আসনত বিজয়ী হৈছিল ৷ এইবাৰ এই সংখ্যা বাঢ়ি গৈ ৩০০ হ'ল ৷

কংগ্ৰেছৰ আধা হ’ল
বিগত পঞ্চায়ত নিৰ্বাচনৰ তুলনাত এইবাৰ জিলা পৰিষদত কংগ্ৰেছৰ আসনৰ সংখ্যা আধালৈ নামিল ।

যোৱাবাৰ কংগ্ৰেছে ৩৫ শতাংশ জিলা পৰিষদৰ আসন পাইছিল ৷ যোৱাবাৰৰ তুলনাত কংগ্ৰেছৰ আসন প্ৰায় আধা হৈ হ’লগৈ ১৮ শতাংশ ।
উজনিত ১০০ শতাংশ, সংখ্যালঘু এলেকাতো সফলতা
সংখ্যালঘু এলেকা বাদ দি সকলোতে জিলা পৰিষদৰ ১০০ শতাংশ আসনেই পাইছে বিজেপি মিত্ৰজোঁটে । সংবাদমেলত সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে । লগতে নামনিৰ সংখ্যালঘু এলেকাতো সাফল্যৰ দাবী মুখ্যমন্ত্ৰীৰ ৷
মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি :
জিলা পৰিষদ
বজালী জিলাত ৫ আসনৰ ৪ খন পাইছে বিজেপিয়ে । বৰপেটাত ১৯ আসনৰ ৭ খনত জিকিছে । বিলসীপাৰাত ৪ খনৰ ২খন । বিশ্বনাথৰ ১২ খন আসনৰ ১২ খনতেই বিজেপি মিত্ৰজোঁটৰ জয়লাভ । বঙাইগাঁৱত ১২ খন আসনৰ ৮ খনতেই বিজেপি-অগপৰ জয়লাভ । চৰাইদেউ জিলা পৰিষদৰ ৮ খন আসনৰ ৮ খনেই বিজেপি মিত্ৰজোঁটে পাইছে । গোৱালপাৰাত ১৬ জিলা পৰিষদৰ ১০ খন এন ডি এ ৰ হাতত । যোৰহাটত ১৬ খনৰ ১৬ খনেই এন ডি এয়ে পাইছে ।

ইফালে দৰঙত ১২ খন আসনৰ ৭ খন আসনত জয়লাভ বিজেপি মিত্ৰজোঁটৰ ৷ ধুবুৰীত ১২ খনৰ ৩ খনত জিকিছে বিজেপি মিত্ৰজোঁট । ধেমাজিত ১২ খনৰ ১২ খনতেই বিজেপি মিত্ৰজোঁটৰ জয় । ডিব্ৰুগড়ৰ ২২ খনৰ ২২ খনতেই জিকিছে বিজেপি মিত্ৰজোঁটে । ঢকুৱাখনাৰ ৪ খন আসনৰ ৪ খনতেই বিজেপি মিত্ৰজোঁট জিকিছে । গোৱালগাৰাত ১৬ খন জিলা পৰিষদৰ আসনৰ ভিতৰত ১০ খন আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিছে । গোলাঘাটত ২০ খন আসনৰ ২০ খনেই পাইছে বিজেপি মিত্ৰজোঁটে ৷
আনহাতে, গুৱাহাটীত ৬ খন জিলা পৰিষদৰ ৬ খনেই বিজেপি মিত্ৰজোঁটৰ দখলত ৷ হাইলাকান্দিত ৮ খনৰ ভিতৰত ৩ খন, হোজাইত ১২ খনৰ ভিতৰত ৭ খনত জয়লাভ ৷ কলিয়াবৰত ৮ খনৰ ৮ খনেই বিজেপি মিত্ৰজোঁটৰ দখলত । লখিমপুৰত ১৫ খনৰ ১৩ খনেই বিজেপি-অগপৰ দখলত । মাজুলীত ৪ খনৰ ভিতৰত ৪ খনেই লাভ ৷

মৰিগাঁৱত ১২ খনৰ ভিতৰত ৮ খন পাইছে বিজেপি মিত্ৰজোঁটে ৷ নগাঁৱত ১৯ খনৰ ভিতৰত ১১ খন পাইছে বিজেপি আৰু মিত্ৰজোঁটে । নলবাৰীত ১২ খনৰ ভিতৰত ১১ খন, উত্তৰ কামৰূপত ১২ খনৰ ১২ খনেই লাভ ৷ শ্ৰীভূমিত ১৬ খনৰ ১১ খন, শিৱসাগৰত ১২ খনৰ ১১ খন আসনেই লাভ ।
একেদৰে শোণিতপুৰত ২০ খনৰ ভিতৰত ২০ খনতেই জয়লাভ, দক্ষিণ কামৰূপত ১২ খনৰ ভিতৰত ৬ খন লাভ কৰিছে বিজেপি মিত্ৰজোঁটে ৷ তিনিচুকীয়াত ২২ খনৰ ২২ খনতেই জয়লাভ বিজেপি মিত্ৰজোঁটৰ ।
অৱশ্যে ইয়াৰ মাজতো কেৱল মানকাচাৰতহে জিলা পৰিষদত বিজেপি মিত্ৰজোঁটৰ খাটা নুখুলিল ৷ লাভ নকৰিলে এখনো আসন ।
ওপৰৰ পৰিসংখ্যা আগবঢ়াই মুখ্যমন্ত্ৰীৰ মন্তব্য, “সংখ্যালঘু এলেকাক বাদ দি সকলোতে ১০০ ভিতৰত ১০০ খন আসনেই লাভ কৰিছে বিজেপি মিত্ৰজোঁটে । কংগ্ৰেছে যিকেইখন আসন পাইছে সংখ্যালঘু অঞ্চলত পাইছে ৷ আনহাতে, আমি বিজেপিয়ে সংখ্যালঘু এলেকাতো আসন পাবলৈ সক্ষম হৈছো ।”