নতুন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা এন এফ ৰে'লৱেৰ জিএম চেতন কুমাৰ শ্ৰীবাস্তৱৰ
মালিগাঁৱত থকা এন এফ ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ ।

By ANI
Published : February 28, 2025 at 7:26 AM IST
গুৱাহাটী : শেহতীয়াকৈ অনুষ্ঠিত এডভাণ্টেজ আছাম ২.Oত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীজনে শিলচৰৰ ওচৰৰ মইনাৰবান্দ আৰু যোৰহাটৰ চিনামাৰাত ইতিমধ্যে থকা দুটা টাৰ্মিনেলৰ উপৰিও অসমত ৬ টা নতুন গতি শক্তি কাৰ্গো টাৰ্মিনেল স্থাপনৰ ঘোষণা কৰিছিল । এই ঘোষণাৰ পিছতে উত্তৰ পূব সীমান্ত ৰে'লৱে অধিক তৎপৰ হৈছে ।
- এন এফ ৰে'লৱেৰ পৰ্যালোচনা বৈঠক
বৃহস্পতিবাৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে গুৱাহাটীৰ মালিগাঁৱত থকা মুখ্য কাৰ্যালয়ত ৰে'লৱেৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বৈঠকত অঞ্চলটোত মালবাহী ৰে'ল বৃদ্ধি আৰু পিএম গতি শক্তি ফ্ৰেমৱৰ্কৰ অধীনত মালবাহী ৰে'লৰ আন্তঃগাঁথনি পৰিচালনাৰ বাবে এন এফ ৰে'লৱেৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে সমগ্ৰ অঞ্চলটোত নিৰ্মাণ কৰা নতুন গতি শক্তি কাৰ্গো টাৰ্মিনেলসমূহৰ অগ্ৰগতি মূল্যায়ন কৰা হয় । এন এফ ৰে'লৱেই এটা বিজ্ঞপ্তিযোগে এই কথা অৱগত কৰিছে ।
- গতি শক্তি কাৰ্গো টাৰ্মিনেল কি ?
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ চিপিআৰঅ' কপিঞ্জল কিশোৰ শৰ্মাই কয় যে গতি শক্তি কাৰ্গো টাৰ্মিনেল হৈছে দ্ৰুত আৰু অধিক দক্ষ কাৰ্গো সঞ্চালনৰ বাবে মুখ্য উদ্যোগ অংশীদাৰসকলৰ অংশগ্ৰহণেৰে নিৰ্মাণ কৰা অত্যাধুনিক লজিষ্টিক টাৰ্মিনেল ।
তেওঁ কয়, "এই টাৰ্মিনেলবোৰ আধুনিক সুবিধাৰে সজ্জিত, যি অঞ্চলটোত মালবাহী লজিষ্টিকৰ দক্ষতা উন্নত কৰিব আৰু লজিষ্টিক ব্যয় হ্ৰাস কৰিব, যাৰ ফলত ভাৰতে লজিষ্টিক প্ৰদৰ্শন সূচকত (এলপিআই) নিজৰ স্থিতি উন্নত কৰিব পাৰিব । ইয়াৰে এটা গটি শক্তি কাৰ্গো টাৰ্মিনেল অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটাত বিআৰ ট্ৰেন্সকন লিমিটেডে নিৰ্মাণ কৰিছে ।’’
‘‘টাৰ্মিনেলটোত তিনিটা নতুন মালবাহী লাইন, এটা ইলেক্ট্ৰনিক ইন-মোচন ওজন ব্ৰিজ, দুই মালবাহী প্লেটফৰ্মৰ সৈতে এক দীৰ্ঘম্যাদী মালবাহী সঞ্চালিত এলেকা, ২৪ ঘণ্টা কাৰ্যকলাপৰ বাবে উচ্চ মাষ্ট লাইটিং আৰু অন্যান্য সুবিধাৰ ভিতৰত অটোমোবাইলৰ দক্ষ পৰিচালনাৰ বাবে এক বিশেষ ৰেম্প থাকিব । আশা কৰা হৈছে যে প্ৰতি মাহে এই টাৰ্মিনেলত ২৫ তকৈও অধিক মালবাহী ৰেক পৰিচালনা কৰা হ'ব ।" তেওঁ কয় ৷
জিএম শ্ৰীবাস্তৱে সংশ্লিষ্ট বিষয়াসকলক পৰৱৰ্তী মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে । কপিঞ্জল কিশোৰ শৰ্মাই কয়, "একেদৰে, যোগীঘোপা মাল্টি মডেল লজিষ্টিক পাৰ্কত গতি শক্তি কাৰ্গো টাৰ্মিনেলৰ কামো এক শক্তিশালী পৰ্যায়ত আছে আৰু ২০২৫ চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।’’
‘‘এই কাৰ্গো টাৰ্মিনেল স্থাপনে ভাৰতীয় ৰে'লৱেৰ মালবাহী লজিষ্টিক আধুনিকীকৰণ আৰু মাল্টি মডেল সংযোগ বৃদ্ধিৰ লক্ষ্যক সমৰ্থন কৰিব । এনএফ ৰে'লৱেই আন্তঃগাঁথনি আৰু কাৰ্যকৰী দক্ষতা শক্তিশালী কৰা, অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰা আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলত লজিষ্টিক নেটৱৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছে ।" শৰ্মাই কয় ৷

