ETV Bharat / state

এডভাণ্টেজ আছাম ২.০ : বিনিয়োগকাৰী বিচাৰি দেশে-দেশে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী

ডুবাইত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ ৰোড শ্ব', মালয়েছিয়াৰ ৪ মন্ত্ৰীক সাক্ষাৎ কেশৱ মহন্তৰ ৷ এডভাণ্টেজ আছাম-২.০ৰ বাবে বিদেশী বিনিয়োগকাৰীক আমন্ত্ৰণ ৷

Advantage Assam 2
এডভাণ্টেজ আছাম-২.০ : বিনিয়োগকাৰী বিচাৰি দেশে-দেশে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী (@BimalBorah119)
author img

By ETV Bharat Assamese Team

Published : January 16, 2025 at 9:07 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : এডভাণ্টেজ আছাম-২.০ ৰ বাবে বিদেশত বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী ৷ অসমৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগকাৰীৰ সন্ধানত জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই কুৱলা লামপুৰত ৩ দিনীয়া কাৰ্যসূচীৰে এডভাণ্টেজ আছাম-২.০ৰ প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে মন্ত্ৰী বিমল বড়াই প্ৰচাৰ চলালে ডুবাইত ।

অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ‘‘এডভাণ্টেজ আছাম-২.০’’ৰ প্ৰচাৰৰ বাবে মঙলবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত উপস্থিত হৈ দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই চলালে প্ৰচাৰ ৷

এডভাণ্টেজ আছাম ২.০ ৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দ্যেশ্যে ডুবাইৰ হিলটন হোটেলত বুধবাৰে আয়োজিত এক ৰোড শ্ব'ত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই অংশগ্ৰহণ কৰে । এই ৰোড শ্ব'ত ডুবাইৰ বিনিয়োগকাৰীৰে হোৱা বৈঠকত মুখ্য অতিথি ৰূপে উপস্থিত থাকে উদ্যোগ মন্ত্ৰীগৰাকী ৷

Advantage Assam 2
ডুবাইত মন্ত্ৰী বিমল বড়াৰ ৰোড শ্ব' (@BimalBorah119)

মন্ত্ৰী বড়াই অসমৰ সমৃদ্ধিশালী খণ্ডসমূহত বিনিয়োগ, সহযোগিতা আৰু বিকাশৰ অপৰিসীম সুযোগসমূহত গুৰুত্ব প্ৰদান কৰি সমূহ বিনিয়োগকাৰী তথা প্ৰতিনিধিবৃন্দক এডভাণ্টেজ আছাম ২.০ত ভাগ ল'বলৈ অসমলৈ আমন্ত্ৰণ জনায় ।

Advantage Assam 2
ডুবাইত মন্ত্ৰী বিমল বড়াৰ ৰোড শ্ব’ (@BimalBorah119)

ইয়াৰ উপৰিও মন্ত্ৰী বড়াই সংবাদ মাধ্যমৰ লোকসকলৰ সৈতেও মত-বিনিময় কৰে । মন্ত্ৰীগৰাকীৰ জনসংযোগকাৰী বিষয়া হেমচন্দ্ৰ পাঠকে জনায়, "অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সাংবাদিকসকলৰ আগত ব্যক্ত কৰি অসমক সৰ্বাধিক সম্ভাৱনাপূৰ্ণ বিনিয়োগৰ গন্তব্যস্থান হিচাপে উল্লেখ কৰে মন্ত্ৰী বিমল বড়াই । লগতে দক্ষিণ-পূৱ এছিয়ান বজাৰৰ সৈতে ভৌগোলিক নিকটতা আৰু অসমৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ বিষয়েও মন্ত্ৰী বড়াই ডুবাইত সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷"

Advantage Assam 2
কুৱালা লামপুৰত এডভাণ্টেজ আছামৰ প্ৰচাৰ মন্ত্ৰী কেশৱ মহন্তৰ (@BimalBorah119)
  • প্ৰখ্যাত উদ্যোগ প্ৰতিষ্ঠান ডি পি ৱৰ্ল্ড পৰিদৰ্শন :

আনহাতে মঙলবাৰে ডুবাইত উপস্থিত হৈয়েই মন্ত্ৰী বিমল বড়াই প্ৰখ্যাত উদ্যোগ প্ৰতিষ্ঠান ডি পি ৱৰ্ল্ড পৰিদৰ্শন কৰে । ডিপি ৱৰ্ল্ড পৰিদৰ্শনৰ সময়তে উদ্যোগ মন্ত্ৰীগৰাকীয়ে ট্ৰান্সৱৰ্ল্ড গ্ৰুপৰ অধ্যক্ষ ৰমেশ এছ ৰামাকৃষ্ণণৰ সৈতে এক বৈঠকত মিলিত হৈ অসমত বিনিয়োগৰ সুবিধা আৰু সম্ভাৱনা সন্দৰ্ভত ৰামাকৃষ্ণণৰ সৈতে আলোচনা কৰে । মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে জনাইছে এই তথ্য ৷

উল্লেখ্য যে, ১৯৭৭ চনত প্ৰতিষ্ঠিত ট্ৰান্সৱৰ্ল্ড গ্ৰুপ হৈছে বন্দৰ টাৰ্মিনেল পৰিচালনা, শ্বিপিং আৰু লজিষ্টিকছ ক্ষেত্ৰত বিস্তৃত আৰু দক্ষ সেৱাৰ বাবে বিখ্যাত এক আন্তঃৰাষ্ট্ৰীয় শ্বিপিং আৰু লজিষ্টিকছ সংস্থা । এই কোম্পানীটোৱে ৬ খন মহাদেশত ৯০ টাৰো অধিক টাৰ্মিনেল পৰিচালনা কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ।

  • ৭ লাখ বৰ্গফুটৰ ভাৰত মাৰ্ট পৰিদৰ্শন :

মন্ত্ৰী বিমল বড়াই এডভাণ্টেজ আছাম-২.০ সম্মিলনৰ প্ৰচাৰৰ সময়ত ডুবাইৰ জেবেল আলি ফ্ৰী জ'ন (JAFZA)ত অৱস্থিত ভাৰত মাৰ্ট পৰিদৰ্শন কৰে । ভাৰত আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ মাজত বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে স্থাপন কৰা এই ভাৰত মাৰ্ট বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বেখ মহম্মদ বিন ৰাছিদ আল মাকতুমে উদ্বোধন কৰিছিল ।

Advantage Assam 2
ডুবাইত মন্ত্ৰী বিমল বড়াৰ ৰোড শ্ব’ (@BimalBorah119)

৭ লাখ বৰ্গফুটৰ এই মাৰ্টত মুঠ ১,৫০০ টা শ্ব'ৰুম আছে ৷ এই ভাৰত মাৰ্টে ভাৰতীয় উৎপাদনকাৰী আৰু ৰপ্তানিকাৰীক মধ্যপ্ৰাচ্য, ইউৰোপ আৰু আফ্ৰিকাৰ বজাৰত প্ৰৱেশৰ এক সহজ সুযোগ প্ৰদান কৰি আহিছে । এই মাৰ্টে ভাৰতীয় উদ্যোগৰ বাবে নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিছে ।

  • মালয়েছিয়াৰ ৪ মন্ত্ৰীক সাক্ষাৎ কেশৱ মহন্তৰ :

উল্লেখ্য যে যোৱা ১২ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ৩ দিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়াত এডভাণ্টেজ আছামৰ প্ৰচাৰ চলালে মন্ত্ৰী কেশৱ মহন্তই ৷ মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে জনোৱা অনুসৰি কুৱালা লামপুৰত মালয়েছিয়াৰ ৪ মন্ত্ৰীক সাক্ষাৎ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ মন্ত্ৰী মহন্তই এডভাণ্টেজ আছাম, অসমৰ তথ্য-প্ৰযুক্তি-পৰ্যটন, বাণিজ্য খণ্ডত বিনিয়োগৰ সম্ভাৱনীয়তাক লৈ আলোচনাত মিলিত হয় ৷

Advantage Assam 2
কুৱালা লামপুৰত এডভাণ্টেজ আছামৰ প্ৰচাৰ মন্ত্ৰী কেশৱ মহন্তৰ (@BimalBorah119)

মন্ত্ৰী কেশৱ মহন্তই এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ অন্যতম প্ৰমুখ বিষয় হিচাপে ছেমিকণ্ডাক্টৰ খণ্ডও থকাৰ বিষয়ে উল্লেখ কৰি মালয়েছিয়াৰ ছেমিকণ্ডাক্টৰ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধিসহ দেশখনৰ বাণিজ্য ক্ষেত্ৰখনৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল শীৰ্ষ সন্মিলনলৈ প্ৰেৰণৰ বাবে অসমৰ ৰাজহ মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায় । লগতে মালয়েছিয়াৰ পৰ্যটন ক্ষেত্ৰ আৰু তথ্য-প্ৰযুক্তি ক্ষেত্ৰৰ বিষয়া-প্ৰতিনিধিৰ দলসহ অসম ভ্ৰমণৰ বাবে মন্ত্ৰী মহন্তই আহ্বান জনায় ।

লগতে পঢ়ক :ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত অখিল গগৈ-মানস ৰবীন-লুৰীণজ্যোতি গগৈ - SINGER RAJIB SADIYA DEATH