দিছপুৰ : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শনিবাৰে ৰাজস্থানৰ জয়পুৰৰ প্ৰয়াত নীৰজ উধৱানীৰ বাসগৃহত উপস্থিত হয় । যোৱা ২২ এপ্ৰিলত পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আক্ৰমণত নীৰজ উধৱানীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাইছিল । পেগুৱে শোকসন্তপ্ত পৰিয়ালটোক আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে নৃশংস আৰু অমানৱীয় আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ।
অসম চৰকাৰৰ হৈ তেওঁ প্ৰয়াত উধৱানীৰ পত্নী আৰু মাতৃক শোকৰ সময়ত সন্মান আৰু সমৰ্থনৰ ইংগিত হিচাপে ৩ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰে । এই সময়ছোৱাত তেওঁক সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ড০ ওম প্ৰকাশে সংগ দিয়ে ।
Hon'ble Minister Shri @ranojpeguassam visited the family of Late Neeraj Udhwani, an unfortunate victim of the #PahalgamTerroristAttack and offered a support amount of ₹5 lakh on behalf of the people of Assam. pic.twitter.com/J8McAndjkf
— Chief Minister Assam (@CMOfficeAssam) May 24, 2025
ইফালে মন্ত্ৰী কৃষ্ণেন্দু পালে কলকাতা ভ্ৰমণ কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত পইণ্ট ব্লেংক ৰেঞ্জত গুলীয়াই হত্যা কৰা আন এজন ভুক্তভোগী কলকাতাৰ প্ৰয়াত বিতন অধিকাৰীৰ বাসগৃহত উপস্থিত হয় । তেওঁ প্ৰয়াত বিতনৰ পত্নী সোহিনী ৰয়ক সাক্ষাৎ কৰি শোক প্ৰকাশ কৰে আৰু ওচৰৰ আত্মীয়ক সাক্ষাৎ কৰি প্ৰকাশ কৰে আৰু ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ।
Arrived at the residence of the Late Sameer Guha in Kolkata to meet his wife, Smti. Shabari Guha.
— Krishnendu Paul (@KPaulAssam) May 24, 2025
Late Sameer Guha was tragically shot dead at point-blank range during a terrorist assault in Pahalgam on the 22nd of April, 2025. #PahalgamTerrorAttack @himantabiswa pic.twitter.com/sDTYnc7ZA0
পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী পালে শনিবাৰে এক্সত পোষ্ট কৰি এই তথ্য সদৰী কৰি কয়, "অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাজীৰ ৫ (পাঁচ) লাখ টকাৰ চেক এখন ভুক্তভোগীৰ আত্মীয়ক অৰ্পণ কৰিলোঁ, লগতে এটা আন্তৰিক শোক বাৰ্তাও আগবঢ়ালোঁ ।"
Hon'ble Minister Shri @RanjeetkrDass visited the family of Late Shubham Dwivedi, an unfortunate victim of the #PahalgamTerroristAttack and offered a support amount of ₹5 lakh on behalf of the people of Assam. pic.twitter.com/XAUTccWPol
— Chief Minister Assam (@CMOfficeAssam) May 24, 2025
ইফালে উত্তৰ প্ৰদেশৰ কানপুৰৰ প্ৰয়াত শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পৰিয়ালক ৫ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
২২ এপ্ৰিলত পহলগামৰ বৈছাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে পৰ্যটকক ওপৰত কৰা আক্ৰমণত ২৫ জন ভাৰতীয় নাগৰিক আৰু এজন নেপালী নাগৰিক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছিল । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে যোৱা ৭ মে’ত অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰে আৰু পাকিস্তানে দখল কৰা কাশ্মীৰ (POJK)ৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি আঘাত হানে ।
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পৰৱৰ্তী সময়ত পাকিস্তানৰ আগ্ৰাসনৰ প্ৰতি ফলপ্ৰসূ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ বিমান ঘাটিসমূহত আঘাত হানে । পাকিস্তানৰ ডি জি এম অ’ই ভাৰতীয় সমকক্ষক কৰা আহ্বানৰ পিছতে দুয়োখন দেশে সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে বুজাবুজিত উপনীত হয় । ইয়াৰ পাছতে অসম চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা ভুক্তভোগীৰ আত্মীয়ক সাক্ষাৎ কৰি ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ।
লগতে পঢ়ক : পহলগামত নিহত শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ