ETV Bharat / state

নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ অভাৱৰ কথা স্বীকাৰ ডি আৰ এছ চি প্ৰতিনিধিৰ - DRSC DELEGATIONS VISITS NAGAON

নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে অসম বিধানসভাৰ বিভাগীয় সম্পর্কীয় স্থায়ী সমিতিয়ে ।

DRSC delegations visits Nagaon
নগাঁৱত অসম বিধানসভাৰ বিভাগীয় সম্পর্কীয় স্থায়ী সমিতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 12, 2025 at 10:14 PM IST

4 Min Read

নগাঁও : প্ৰায় দুবছৰ পূৰ্বৰে পৰাই স্বাস্থ্যসেৱা আৰম্ভ হোৱা নগাঁও চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰে উপস্থিত হয় অসম বিধানসভাৰ বিভাগীয় সম্পৰ্কীয় স্থায়ী সমিতি । নগাঁৱৰ ম'হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিভাগীয় সম্পৰ্কীয় স্থায়ী সমিতিৰ সদস্যসকলক লগত লৈ উপস্থিত হোৱা অধ্যক্ষ তথা বিধায়ক সঞ্জয় কিষাণে চিকিৎসা মহাবিদ্যালয়খনৰ অভাৱ অভিযোগৰ বুজ লয় । লগতে বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধীক্ষক, চিকিৎসক, চিকিৎসা কৰ্মীৰ সৈতে এক আলোচনাতো মিলিত হয় ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন সন্দৰ্ভত মন্তব্য কৰে সমিতিৰ অধ্যক্ষগৰাকীয়ে । চিকিৎসা মহাবিদ্যালয়খনৰ কিছু অভাৱ অভিযোগ থকাৰ কথা উল্লেখ কৰি সঞ্জয় কিষাণে কয়, "আজি অসম বিধানসভাৰ ডি আৰ এছ চি সমিতিৰ সদস্যৰ উপৰিও বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাক লগত লৈ নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে দায়িত্বত থকা সকলৰ সৈতে আলোচনা কৰিলোঁ । চিকিৎসা মহাবিদ্যালয়খনৰ কিছু অভাৱ অভিযোগ নথকা নহয় ।"

নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন বিধানসভাৰ ডি আৰ এছ চি প্ৰতিনিধিৰ (ETV Bharat)

নতুনকৈ স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসকৰ অভাৱৰ কথা উল্লেখ কৰি সঞ্জয় কিষাণে কয়, "ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে । নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ অভাৱ আছে যদিও চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসক নিযুক্তিৰ বাবে সম্প্ৰতি প্ৰচেষ্টা হাতত লোৱা হৈছে । চিকিৎসকৰ সাক্ষাৎকাৰ পৰ্বও ইতিমধ্যেই আৰম্ভ হৈছে । চিকিৎসকৰ অভাৱ কম সময়তেই সমাধান হ'ব । লগতে চিকিৎসা মহাবিদ্যালয়খনৰ জৰিয়তে ৰাইজক সকলো প্ৰকাৰৰ সুবিধা প্ৰদানৰো ব্যৱস্থা কৰা হ'ব ।"

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিটো অভাৱ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাৰ কথা উল্লেখ কৰি ডি আৰ এছ চিৰ অধ্যক্ষ সঞ্জয় কিষাণে কয়, "চিকিৎসাৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই সমাধান কৰিব নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিটো অভাৱ ।"

চিকিৎসা মহাবিদ্যালয় পৰিদর্শনৰ অন্তত জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে অসম বিধানসভাৰ বিভাগীয় সম্পৰ্কীয় স্থায়ী সমিতিয়ে । সভাৰ আৰম্ভণিতে আহমেদাবাদত বিমান দুৰ্ঘটনাত নিহত হোৱা সকলৰ আত্মাৰ সদগতিৰ বাবে উপস্থিত সকলোৱে দুই মিনিট মৌন প্ৰাৰ্থনা কৰে । জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আঁতধৰা সভাখনত সংশ্লিষ্ট বিভাগৰ মুৰব্বীসকলে পাৱাৰ পইণ্ট মাধ্যমেৰে জিলাখনত নিজ নিজ বিভাগসমূহে ৰূপায়ণ কৰি থকা কামৰ খতিয়ান দাঙি ধৰে ।

জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণৰ পূৰ্বে অসম বিধানসভাৰ বিভাগীয় সম্পর্কীয় স্থায়ী সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলে জিলাখনৰ নগাঁও চিকিৎসা মহাবিদ্যালয়, নিজ বৰভগীয়া, বৰালিগাঁৱৰ বেম্বো চিপিং ইউনিট (Bamboo Chipping Unit) আৰু বৰভগীয়াৰ কমলা অইল মিলছ (Kamala Oil Mills), শালনা চাহ বাগিচা, বেঙেনাআতিৰ এফপিচি, লাওখোৱা পথত অৱস্থিত ডেইৰী ফাৰ্ম, জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদ, জিলা আৱৰ্ত ভৱনৰ নিৰ্মাণকাৰ্য আদি পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয় ।

বৃহস্পতিবাৰে নগাঁও জিলাৰ বিভিন্ন আঁচনিৰ লগতে চিকিৎসা মহাবিদ্যালয় পৰিদর্শন আৰু পৰ্যালোচনা সভাত অসম বিধানসভাৰ বিভাগীয় সম্পর্কীয় স্থায়ী সমিতিৰ অধ্যক্ষৰ লগতে সদস্যসকল ক্ৰমে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, চামগুৰিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, অসম বিধানসভাৰ বিভাগীয় সম্পর্কীয় স্থায়ী সমিতিৰ উপ-সচিব দিপালী পেগু, আণ্ডাৰ ছেক্ৰেটাৰী নিৱেশ চক্রৱৰ্তী, ৰহা সম-জিলাৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল আৰু সংশিষ্ট বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে ।

লগতে পঢ়ক :যোৰহাটে 'গৌৰৱ' হেৰুৱাব ! সমষ্টিৰ দায়িত্বত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA VISITS JORHAT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.