ETV Bharat / state

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ : ৯০০৪ গৰাকী কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰ বদলিকৰণ, প’ৰ্টেল মুকলি মুখ্যমন্ত্রীৰ - SWAGATA SATIRTHA PORTAL

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ''স্বাগত সতীৰ্থ'' নামৰ এখন আঁচনিৰ শুভাৰম্ভ কৰে ।

Jiban Anuprerana’ scheme
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (@himantabiswa x)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 11:42 PM IST

3 Min Read

গুৱাহাটী : স্বচ্ছ-নিকা প্ৰশাসন ব্যৱস্থাৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত লোকসেৱা ভৱনত ''স্বাগত সতীৰ্থ'' নামৰ এখন আঁচনিৰ শুভাৰম্ভ কৰে । লগতে ''মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি''ৰ নামৰ আন এখন আঁচনিও মুকলি কৰে ।

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণাৰ্থে নতুন অধ্যায়ৰ সূচনা কৰি আৰম্ভ কৰা ''স্বাগত সতীৰ্থ'' প'ৰ্টেলৰ মাধ্যমেৰে কৰ্মচাৰীসকলে পাৰস্পৰিক বুজাবুজিৰে বদলিকৰণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । প্ৰথম পৰ্যায়ত এই প'ৰ্টেলত আবেদন কৰা প্ৰায় ৯ হাজাৰ ৪ গৰাকী কৰ্মচাৰীৰ আদেশপত্ৰ বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয় ।

Assam Launches Swagata Satirtha Portal
স্বাগত সতীৰ্থ নামৰ এখন আঁচনিৰ শুভাৰম্ভ (@himantabiswa x)

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰ তালিকা প’ৰ্টেলযোগে মুকলি কৰা হৈছে । ৰাজ্যৰ ৯,০০৪ গৰাকী কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে হৈছে বদলি । স্বাগত সতীৰ্থ প’ৰ্টেলৰ জৰিয়তে হ’ব পাৰস্পৰিক বদলি প্ৰক্ৰিয়া ।

প’ৰ্টেলত উপলব্ধ অৰ্ডাৰ ডাউনলোড কৰি নতুন ঠাইত কামত যোগ দিব পাৰিব কৰ্মচাৰীসকলে । ইতিমধ্যে ৪,৫০২ খন আবেদনত চৰকাৰে অনুমতি প্ৰদান কৰিছে । একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ''জীৱন অনুপ্ৰেৰণা আঁচনি''ৰ প'ৰ্টেল মুকলি কৰে ।

এই আঁচনিৰ অধীনত চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা গৱেষক শিক্ষার্থীসকলে ২৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য লাভ কৰিব । আনহাতে দিব্যাংগ গৱেষকসকলে ৪০ হাজাৰ টকাকৈ লাভ কৰিব । এই সাহায্যৰ বাবে প'ৰ্টেলত আবেদন কৰিব পাৰিব ।

প'ৰ্টেল মুকলি কৰি দিয়া ভাষণত মুখ্যমন্ত্রীয়ে কয়, "আমাৰ চৰকাৰৰ কৰ্মচাৰীৰ বাবে থকা অন্যান্য আঁচনিৰ সমান্তৰালভাৱে পাৰস্পৰিক বদলিৰ গুৰুত্বপূৰ্ণ পদক্ষেপ স্বাগত সতীৰ্থ প'ৰ্টেলৰ অধীনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰৰ আজি আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰা হৈছে ।

Assam Launches Swagata Satirtha Portal
জীৱন অনুপ্ৰেৰণা আঁচনি মুকলি (@himantabiswa x)

''এতিয়া কৰ্মচাৰীসকলে জনতা ভৱনত পাৰস্পৰিক বদলিকৰণৰ বাবে দীঘলীয়া শাৰী বা কুচক্ৰান্তৰ কবলত পৰি বিপুল পৰিমাণৰ ধন দিয়া দিনবোৰ গ’ল । দুৰ্নীতিৰ সুৰুঙা নৰখাকৈ স্বাগত সতীৰ্থ প'ৰ্টেলৰ জৰিয়তে বদলিকৰণ প্ৰক্ৰিয়াও সহজ, সময় নিৰ্ধাৰিত আৰু স্বচ্ছ কৰি তুলিবলৈ আমাৰ চৰকাৰ সক্ষম হৈছে ।'' মুখ্যমন্ত্রীয়ে কয় ।

মুখ্যমন্ত্রীয়ে আৰু কয়, ''আজি এটা বুটাম ক্লিকৰ লগে লগে ৯ হাজাৰৰো অধিক প্ৰাৰ্থীৰ এটি পইচাও নিদিয়াকৈ পাৰস্পৰিকভাৱে বদলি সম্পন্ন হ’ল । এই স্বচ্ছতা সকলোতে বিদ্যমান হোৱাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতি আজি আকৌ এবাৰ আগবঢ়ালো ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "প্ৰতিটো বিভাগত আমি স্বচ্ছতা আনিবলৈ সক্ষম হৈছো । আঁচনি চলি থাকোতে কোনেও ভাল নহয় বুলি কয়, কিন্তু কিছু সময় বন্ধ কৰি দিলেই সকলোৱে আপত্তি কৰিবলৈ ধৰে । তাৰ পৰা স্পষ্ট হয় যে আমাৰ আঁচনিসমূহ কিমান সফল হৈছে ।''

Assam Launches Swagata Satirtha Portal
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (@himantabiswa x)

''ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মাজত মানসিক সন্তুষ্টিৰ মাজেৰে কৰ্ম সংস্কৃতি আগুৱাই নিব বিচাৰিছো । এটা সময়ত বদলি আৰু যোগদানৰ বাবে মন্ত্ৰীৰ ওচৰত কান্দিলেই বদলি হৈ যায় । এসময়ত টকাৰেও বদলি হৈ গৈছিল ।" তেওঁ কয় ।

অনুষ্ঠানত মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, পীযুষ হাজৰিকা, ইউ জি ব্ৰক্ষ্মকে ধৰি কেইবাগৰাকী মন্ত্রী আৰু চৰকাৰী বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক : ছেভ ডলফিন; কুলশী নদীৰ প্ৰস্তাৱিত জলবিদ্যুৎ কেন্দ্ৰৰ বিৰোধিতা প্ৰকৃতিপ্ৰমীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.