Today’s Assam News Live: অসম Thu Oct 17 2024 আজিৰ সংবাদ


Published : October 17, 2024 at 8:48 AM IST
|Updated : October 17, 2024 at 11:03 PM IST
জ্বলিল আকাশ বন্তি-কৰিলে কামনা, মন্ত্ৰী-বিধায়ক-নেতাৰে ভৰিল ধাননিডৰা
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু উদযাপন । বিভিন্ন প্ৰান্তত অংশগ্ৰহণ মন্ত্ৰী-বিধায়কৰ । | Read More
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্বলালে কাতি বিহুৰ বন্তি
ৰাইজৰ সৈতে কাতি বিহু উদযাপন কৰিলে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । টিংখাঙত আকাশ বন্তি, তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । | Read More
৩৭১ বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত কাতি বিহু উদযাপন
মাজুলিতো উলহ-মালহেৰে উদযাপন কাতি বিহু । ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত আকাশ বন্তি প্ৰজ্জ্বলন কৰা হয় । | Read More
বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত এক বাস্তৱ সিদ্ধান্ত: অতুল বৰা
অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়লয়ৰ ঐতিহাসিক ৰায়দানক আদৰণি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ । ঐতিহাসিক ৰায় আখ্যা বৰাৰ । | Read More
ৰে'লৱে টিকটৰ সংৰক্ষণৰ ম্যাদ হ্ৰাস
হ্ৰাস কৰা হৈছে ৰে'লৱে টিকটৰ সংৰক্ষণৰ ম্যাদ । ৩১ অক্টোবৰলৈকে কৰা সকলো বুকিং অৰ্থাৎ ১২০ দিনৰ পূৰ্বৰ বুকিং ম্যাদৰ দ্বাৰা প্ৰভাৱিত নহ'ব । | Read More
এতিয়া 'কা' বাতিলৰ পথ প্ৰশস্ত হ’ল: আশাবাদী অখিল গগৈ
উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায়দানে অসমৰ ক্ষেত্ৰত CAA বাতিলৰ বাট মুকলি কৰিলে ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ উৎসাহী অখিল গগৈ ৷ | Read More
ই ডিয়ে গুৱাহাটীলৈ মাতি আনি জেৰা চলালে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াক
'বাহুবলী' অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত ই ডিৰ জেৰা ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছিল ৷ | Read More
অবৈধ নাগৰিকৰ পক্ষতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে: মতিউৰ ৰহমান
সৰ্ব্বোচ্চ ন্যায়ালয়ৰ চুড়ান্ত ৰায়দানৰ বিৰোধিতা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ । সংবাদমেলযোগে প্ৰকাশ কৰিলে ক্ষোভ । | Read More
নাইকীয়া হ’ল প্ৰাক্তন আছু নেতা লিখন: আলফা(স্বা)লৈ গ’ল নেকি !
চাৰি পৃষ্ঠাৰ এখন চিঠি ৷ এই চিঠিখনেই এতিয়া হাহাকাৰ লগাইছে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ লাহোৱাল সমষ্টিৰ অজাপৰ প্ৰাৰ্থী লিখন বৰুৱাৰ পৰিয়ালত ৷ | Read More
চামগুৰিত কংগ্ৰেছ-বিজেপিৰ সংঘাত চলিয়েই আছে
উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু বিজেপিৰ সংঘাতে চামগুৰি সমষ্টিত ভয়ংকৰ ৰূপ লৈছে । | Read More
ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ
দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ । লাইনচ্যুত দুটাকৈ দবা । | Read More
উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি এ আই ইউ ডি এফৰ
বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান । কেক কাটি উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি এ আই ইউ ডি এফৰ । | Read More
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে অসমৰ পৰা চি এ এ বাতিলৰ দাবী লুৰীণজ্যোতি গগৈৰ
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ৰ পিছত অসমৰ পৰা চি এ এ বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । | Read More
দায়বদ্ধতা প্ৰকাশ কৰি আহিছিলো, তাক আজি চুপ্ৰিম কৰ্টে স্বীকৃতি দিলে: ভূপেন বৰা
উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি ভূপেন বৰাৰ । নিজকে অসম চুক্তি স্বাক্ষৰকাৰী দল হিচাপে বিবেচনা কৰাৰ কথা উল্লেখ বৰাৰ । | Read More
জটিলতাত অৰুণাচলৰে অসমৰ সীমা বিবাদ: চুক্তি হ'ল কিন্তু সমাধান নহ'ল সমস্যাৰ
অসম আৰু অৰুণাচল চৰকাৰে সীমা বিবাদ সমাধানৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে । কিন্তু আজিও সীমান্তত এনে সমস্যা অব্যাহত আছে । | Read More
কোন সঁচা-কোন মিছা ? টকা চুৰিৰ সন্দেহত অষ্টম শ্ৰেণীৰ ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ
ধুবুৰীত এইবাৰ মৰেল পুলিচৰ দপদপনি ! একাংশ লোকে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ । | Read More
মাজুলীত সাতামপুৰুষীয়া সংস্কৃতি উপভোগ কৰি মন্ত্ৰমুদ্ধ বিদেশী পৰ্যটক
Foreign Tourist Arrives in Majuli: সত্ৰপীঠ মাজুলীত উপস্থিত হ'ল বছৰৰ প্ৰথমটো বিদেশী পৰ্যটকৰ দল ৷ মাজুলীত উপস্থিত হৈ দলটোৱে উপভোগ কৰে মহাৰাস ৷ | Read More
তুলসীৰ ভেটি সজাত ব্যস্ত গাঁৱৰ কণমানি; পৰম্পৰা অনুসৰি কাতি বিহু পালনত ব্যস্ত ৰাজ্যবাসী
Assamese traditional: ডিব্ৰুগড়ৰ গ্ৰাম্যাঞ্চলত চলিছে কাতি বিহুৰ আয়োজন ৷ সাজু কৰি তোলা হৈছে আকাশবন্তি ৷ আপোন খেতিডৰা চাবলৈ পথাৰলৈ ঢাপলি মেলিছে চহা কৃষক ৷ | Read More
কাতি বিহুৰ গধূলি মাজুলীৰ আকাশ পোহৰাব আকাশ বন্তিয়ে
Kongali Bihu: মাজুলীৰ শাৰদীয় মুখ্য উৎসৱ হিছে কাতি বিহু ৷ এই বিহুৰ বাবে ব্যস্ত প্ৰতিজন মাজুলীয়াল ৷ আজি মাজুলীৰ আকাশত জ্বলিব আকাশ বন্তি ৷ | Read More
আজি কাতি বিহু; আপোন পথাৰখনত আকাশ বন্তি জ্বলাবলৈ সাজু ঘৰফলীয়া জাপিসজীয়া গাঁওবাসী
Kongali bihu: সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰিছে চহা অসমীয়াই ৷ গাঁৱে-ভূঞে পৰিলক্ষিত হৈছে কাতি বিহুৰ প্ৰকৃত মাদকতা । পথাৰত আকাশ বন্তি জ্বলাবলৈ সাজু আমগুৰিবাসী ৷ | Read More
'সেউজীয়া সপোন এটাৰ পাছে পাছে' গ্ৰন্থলৈ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা
Best Childrens Book Award : 'অকণিৰ সাহিত্য সভা'ৰ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান 'সেউজীয়া সপোন এটাৰ পাছে পাছে' গ্ৰন্থলৈ কৰা হৈছে । | Read More
চামগুৰিত ৰকিবুলৰ পুত্ৰৰ জয় বিচৰা নাই খোদ ভূপেন বৰাই: কোনে ঘটালে এই বিস্ফোৰণ ?
Assam Bypolls: উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল চামগুৰি । কংগ্ৰেছ-বিজেপিৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এগৰাকী নেতাই কৰিলে বিস্ফোৰক মন্তব্য । চাওক সবিশেষ- | Read More
প্ৰায় 9 বছৰৰ পাচত জাতিংগাত দৃশ্যমান টাইগাৰ বিটাৰ্ন
Migratory birds Tiger Bittern: জাতিংগালৈ আহিছে হাজাৰ হাজাৰ আলহী পক্ষী ৷ ইয়াৰ মাজতে বহু বছৰৰ পাচত জাতিংগাত দেখা গৈছে বিৰল প্ৰজাতিৰ চৰাই টাইগাৰ বিটাৰ্ন ৷ | Read More
প্ৰাৰ্থনা আৰু ধ্যান কৰিলে লাভৱান হ'ব সিংহ ৰাশিৰ লোক...আৰ্থিক দিশত সুফল লাভ কৰিব এই ৰাশিৰ লোকে...চাওক আজিৰ দিনটোৰ ৰাশিফল
আজি মীন ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল... | Read More

