গুৱাহাটী: অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু ম্যানমাৰৰ লগত যোগাযোগ ব্যৱস্থা বিকাশৰ ক্ষেত্ৰত স্থবিৰতা সৃষ্টি হোৱাৰ সময়তে কোকৰাঝাৰৰ পৰা ভূটানলৈ ৰে'লপথ নিৰ্মাণ কৰাৰ বাবে ভাৰত চৰকাৰৰ ৰে'ল মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।
কেন্দ্ৰৰ এক্ট ইষ্ট নীতি আৰু "চুবুৰীয়া প্ৰথম" নীতিৰ অধীনত উত্তৰ-পূবক বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে সংযোগ কৰাৰ বাবে ৰে'ল প্ৰকল্পসমূহ আৰম্ভ কৰা হৈছিল যদিও ৰাজনৈতিক পৰিস্থিতিৰ বাবে ৰূপায়ণত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰত-ভূটান ৰে'ল প্ৰকল্পৰ কাম ত্বৰান্বিত কৰা হৈছে ।
উল্লেখ্য যে, ২০২২ চনৰ শেষৰ ফালে বহুত বছৰৰ বিৰতিৰ অন্তত ভূটানৰ ৰজা অসম ভ্ৰমণলৈ আহিছিল । তাৰ পিছত ২০২৪ চনৰ শেষৰ ফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভূটান ভ্ৰমণলৈ গৈছিল ।

এই ভ্ৰমণকালত ভূটান আৰু অসমৰ মাজত বাণিজ্য, পৰ্যটন আৰু সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে দুয়োখন চৰকাৰৰ মাজত কেতবোৰ আলোচনা আৰু চুক্তি সম্পাদন হৈছে । এই ৰে'লপথো এই সম্পৰ্কৰ ফলশ্ৰুতি বুলি ক'ব পাৰি ।
- ডি পি আৰ অনুমোদনৰ অপেক্ষা :
কোকৰাঝাৰৰ পৰা চিৰাঙৰ মাজেৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফুলৈকে সংযোগী প্ৰস্তাৱিত ৰে'ল যোগাযোগ ব্যৱস্থা বাস্তৱায়িত হোৱাৰ পথত । ইতিমধ্যে ভাৰতীয় ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াৰ তত্ত্বাৱধানত নতুন ৰে'লপথৰ জৰীপ তথা পৰ্যবেক্ষণৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছে ।
উল্লেখ্য যে, ৰে'ল তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে যোৱা ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষক সন্মিলনত এই প্ৰকল্পটোৰ কথা ঘোষণা কৰিছিল । কিন্তু ২০২২ চনৰ ডিচেম্বৰৰ পৰা কোকৰাঝাৰৰ পৰা চিৰাং জিলা হৈ ভূটানলৈকে প্ৰস্তাৱিত ৰে'লপথ জৰীপৰ কাম আৰম্ভ হৈছিল ।
এই সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, ''চূড়ান্ত স্থান জৰীপ (এফ এ এছ) সফলতাৰে সম্পূৰ্ণ হৈছে আৰু পৰৱৰ্তী অনুমোদন আৰু প্ৰয়োজনীয় নিৰ্দেশনাৰ বাবে বিস্তাৰিত প্ৰকল্প প্রতিবেদন (ডি পি আৰ) দাখিল কৰা হৈছে । ডি পি আৰত ৰে'ল মন্ত্ৰালয়ে অনুমোদন দিয়াৰ পিছত কাম আৰম্ভ কৰিব পৰা যাব ।''
- ৰে'লপথ প্ৰকল্পটো চমুকৈ :
তেওঁ জৰীপৰ তথ্য সদৰী কৰি কয় যে আনুমানিক ৩,৫০০ কোটি টকা ব্যয়েৰে স্থাপন হ'বলগীয়া প্ৰস্তাৱিত ৬৯.০৪ কিলোমিটাৰ ৰে'লপথটোৱে অসমৰ কোকৰাঝাৰ ষ্টেচনক ভূটানৰ গেলেফুৰ সৈতে সংযোগ কৰিব । প্ৰকল্পটোত ছয়টা নতুন ষ্টেচন, যেনে বালাজান, গৰুভাছা, ৰুণিখাটা, শান্তিপুৰ, দাদগিৰি আৰু গেলেফুৰ বিকাশ অন্তৰ্ভুক্ত আছে ।
ইয়াৰ উপৰিও, আন্তঃগাঁথনি পৰিকল্পনাত ০২ খন গুৰুত্বপূৰ্ণ সেতু, ২৯ খন বৃহৎ সেতু, ৬৫ খন সৰু সেতু, ০১ খন ৰোড অভাৰ ব্ৰীজ, ৩৯ খন ৰোড আণ্ডাৰ ব্ৰীজ আৰু ১১ মিটাৰ দৈৰ্ঘৰ ০২ টা ভায়াডাক্টৰ নিৰ্মাণ অন্তর্ভূক্ত আছে ।
মন কৰিবলগীয়া যে কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু হ'বলগীয়া ৰে'লপথৰ মুঠ ৬ টা ৰে'লষ্টেচনৰ ভিতৰত এটা ৰে'লষ্টচনত ভূটানৰ গেলেফু চহৰত হ'ব আৰু বাকী পাঁচটা কোকৰাঝাৰ আৰু চিৰাং জিলাত হ'ব ।
- অসম কিদৰে লাম্ভাবিত হ'ব :
তেওঁ কয়, ''ভাৰতৰ পৰা প্ৰথমবাৰৰ বাৱে ভূটানলৈ ৰে'লপথৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ লগে লগে অঞ্চলটো ব্যৱসায়িক দিশত যথেষ্ট উন্নত হ'ব বুলি ধাৰণা কৰা হৈছে । লগতে দুই দেশৰ মাজৰ সংযোগ ব্যৱস্থাৰ উন্নতি সাধনেৰে দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰিব পৰা যাব ।''
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, ''প্ৰস্তাৱিত ৰে'লপথটোৱে দুয়োখন দেশৰ মাজত বাণিজ্য, পর্যটন আৰু সাংস্কৃতিক বিনিময় বৃদ্ধি কৰি ভাৰত-ভূটান সম্পর্ক যথেষ্ট শক্তিশালী কৰিব । ইয়াৰ ফলত সংযোগ ব্যৱস্থা উন্নত হ'ব, ভূটানক প্ৰথমবাৰৰ বাবে ৰে'ল ব্যৱস্থা সংযোগ প্ৰদান কৰা হ'ব । যাৰ ফলত বাধাহীন পৰিবহনৰ সুবিধা হ'ব ।''
''ইয়াৰ উপৰিও, ৰে'লপথটোৱে বড়োলেণ্ডক বাণিজ্য আৰু পৰিবহন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব, যাৰ ফলত স্থানীয় ব্যৱসায় আৰু জনসাধাৰণ উপকৃত হ'ব । সামগ্ৰিকভাৱে, অসম-ভূটান ৰে'লপথটোৱে বড়োলেণ্ডৰ অৰ্থনীতি আৰু ৰেল সংযোগৰ ৰূপান্তৰণ ঘটাবলৈ সাজু হৈছে, যাৰ ফলত দীৰ্ঘম্যাদী বিকাশ আৰু উন্নয়নৰ পথ প্ৰশস্ত হ'ব ।'' তেওঁ কয় ।
- অসমৰ পৰা ভূটানলৈ পেট্ৰোলিয়াম ৰূপ্তানি হ'ব:
তেওঁ কয়, ''ভূটানৰ গেলেফুত পেট্ৰলিয়াম জমা কৰা ৰিজাৰ্ভাৰ আছে । অসমৰ আই অ চিৰ জৰিয়তে পেট্ৰোলিয়াম ভূটানৰ গেলেফুলৈ আমদানি হ'ব । যাতায়তৰ ক্ষেত্ৰত গোৱালপাৰাৰ যোগীঘোপা হৈ কোকৰাঝাৰৰ মাজেৰে ভূটানৰ গেলেফুত পেট্ৰলিয়াম জমা কৰা ৰিজাৰ্ভালৈ ৰেলেৰে ৰপ্তানি হ'ব । এই ক্ষেত্ৰত দুয়োখন দেশ উপকৃত হ'ব ।''
''এই ৰে'লপথটো মূলত গোৱালপাৰাৰ যোগীঘোপা ৰে'ল ষ্টেচনৰ লগত বিশেষভাৱে সংযোগ কৰিব পৰা যাব । কাৰণ যোগীঘোপাত স্থল, জল আৰু ৰে'লপথ তিনিওটাৰে সুবিধা আছে । জলপথেৰে সামগ্ৰী কম খৰচত ভাৰত আৰু ভূটানৰ মাজত আমদানি আৰু ৰপ্তানি কৰিব পৰা সম্ভপৰ হ'ব ।'' তেওঁ কয় ।
- বড়োলেণ্ডৰ বাবে আশাৰ বতৰা কঢ়িয়াব :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৈছিল, ''ৰাজ্যখনৰ বড়োলেণ্ড অঞ্চলৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ আৰু ভূটানৰ গেলেফুৰ মাজত ৰেল পথ নিৰ্মাণে ভূটান চৰকাৰে গেলেফুত স্থাপন কৰাৰ পৰিকল্পনা কৰা মাইণ্ডফুল চিটীয়ে অসমক উপকৃত কৰিব । প্ৰকল্পটোৱে গেলেফুক পৰ্যটক আৰু ব্যৱসায়ীসকলৰ বাবে আকৰ্ষণলৈ ৰূপান্তৰিত কৰিব, আমি ইয়াৰ পৰা লাভৱান হ'ম বুলি আশা কৰিছো ।''
শৰ্মাই আৰু কৈছিল, ''সামগ্ৰিকভাৱে অসম-ভূটান ৰে'লপথ বড়োলেণ্ডৰ অৰ্থনীতি আৰু সংযোগৰ ৰূপান্তৰ ঘটাব আৰু দীৰ্ঘম্যাদী বিকাশৰ পথ প্ৰশস্ত কৰিব ।"
- এই ৰে'লপথক লৈ স্থানীয় ৰাইজৰ প্ৰত্যাশা:
এই প্ৰস্তাৱিত ৰে'লপথে স্থানীয় ৰাইজৰ মতামত জনাৰ বাবে কেইগৰাকীমান সচেতন নাগৰিকৰ কাষ চপা হৈছিল ।
এই সন্দৰ্ভত কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক ড° বীৰফুং নাৰ্জাৰীয়ে কয়, ''আচলতে তাত এখন ওৱেলনেচ চিটী গঢ়ি উঠিব ৷ হংকং আদি চিটীৰ দৰে ৷ তাত নিদিৰ্ষ্টকৈ কোনো জাতি-জনগোষ্ঠীৰ সামাজিক ভেঁটি বুলি একো নাথাকে ৷ কিন্তু অৰ্থনৈতিক দিশটোৰ বিপুল উন্নয়নৰ সম্ভৱনা আছে বা উন্নয়ন হ’ব ৷ য’ত বিশ্বৰ বৃহৎ বৃহৎ পুঁজিপতিসকল আহি নিজৰ নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বিস্তাৰ সাধন কৰিব ৷''
''তাত তেওঁলোকে মাটি ক্ৰয় কৰি হংকঙৰ দৰে বিভিন্ন দিশৰ ব্যৱসায়িক প্ৰতিষ্ঠা কৰিব ৷ ফলত অৰ্থনৈতিক ভাৱে অভাৱনীয় পৰিৱৰ্তন আহিব ৷ আমাৰ ইয়াৰ মানুহেও চাকৰি বা ব্যৱসায় আদিৰ জৰিয়তে প্ৰতিষ্ঠা লভিব পাৰিব ৷'' নাৰ্জাৰীয়ে কয় ।
''বিশাল মুক্ত বাণিজ্যিক ক্ষেত্ৰ এখন গঢ়ি উঠিব ৷ আমাৰ ইয়াৰে কেঁচা সামগ্ৰী স্থানীয় ৰাইজে বিক্ৰী কৰাৰো বৃহৎ সুবিধা লব পাৰিব ৷ যাৰ বাবেই ভাৰত চৰকাৰৰ লগতে আলোচনা মৰ্মে ভূটানে ৰে'লপথৰ সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷'' নাৰ্জাৰীয়ে কয় ।
তেওঁ কয়, ''সামাজিক ক্ষেত্ৰখনৰ পৰিৱৰ্তনতকৈ স্থানীয় সংস্কৃতিৰ বেয়াহে হ'ব ৷ কিয়নো এইবোৰ বিশ্বজনীন চিটীত কোনো নিদিৰ্ষ্ট সামাজিক সংস্কৃতি নাথাকে ৷ মহাৰাষ্ট্ৰৰ মুম্বাই আদি চিটীৰ ফালে লক্ষ্য কৰিলেই কথাটো আমি অনুভৱ কৰিব পাৰো ৷''
''ভূটানৰ গেলেফুৰ মানুহে তাত স্থানীয় সামাজিক পৰিৱেশৰ কথা এতিয়া এৰিয়ে দিছে ৷ তাত বিশ্বজনীন সংস্কৃতিৰে অৰ্থনৈতিক বুনিয়াদৰ দিশটোহে টনকিয়াল হৈ উঠিব ৷ সেই অঞ্চলত পৰ্যটন, হোটেল, ৰিজ'ৰ্ট আদি বহুমুখী ব্যৱসায় কেন্দ্ৰিক বিষয়ৰহে চিন্তা-চৰ্চা চলিব ৷ সামাজিকতা বিশ্বজনীন হৈ পৰিব ৷'' তেওঁ কয় ।
এই সন্দৰ্ভত এবছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি খৗৰৗমদাও ওৱাৰীয়ে কয়, ''ভাৰত আৰু ভূটান দেশৰ মাজত ৰে'ল যোগযোগ আৰু আন্তৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাই আমাৰ দেশৰ স্থানীয় পৰিৱহন ব্যস্থাটোক লক্ষণীয় ৰূপত উন্নত কৰি তুলিব ৷''
''লগতে পৰ্যটন ব্যৱসায়লৈ আমুল পৰিৱৰ্তন সাধন কৰিব ৷ ফলশ্ৰুতিত সেই অঞ্চল বিশেষলৈ যাতায়ত বৃদ্ধিৰে হোটেল , ৰিজ'ৰ্ট আদিৰ সৃষ্টিৰে আনুসংগিক বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়-বাণিজ্য সৃষ্টিৰে কৰ্ম সংস্কৃতিৰ ভাবিব নোৱৰা উন্নয়নে অৰ্থনৈতিক দিশটোক টনকিয়াল কৰিব ৷ বিশ্বজনীন ক্ষেত্ৰই সামাজিক স্তৰক নতুন মাত্ৰা দিব ৷ বৰ্তমানৰ সামাজিক স্থিতিক পৰিৱৰ্তন কৰিব ৷'' তেওঁ কয় ।
এই সন্দৰ্ভতকোকৰাঝাৰৰ বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° বিন্দু ভূষণ বৰাই কয়, ''বিশ্বায়নৰ দিশে গতি লোৱা যিকোনো অঞ্চলৰ সামাজিক পৰিৱেশ সেই অঞ্চলৰ জনবসতিৰ সচেতনতাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব ৷ ভাৰত-ভূটানৰ মাজত ৰে'লপথ নিৰ্মাণ বা ৰে'ল যোগাযোগ ব্যৱস্থা গঢ়ি উঠাৰ সমান্তৰালকৈ দুয়োখন দেশৰ সীমান্তৱৰ্তী অঞ্চলত আন্তৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ গঢ় লৈ উঠাক কেন্দ্ৰ কৰি এক বিশ্বজনীন পৰিৱেশৰ পয়োভৰ ঘটাটো সুনিশ্চিত ৷''
''অৱশ্যে অন্যান্য জাতিতকৈ জনগোষ্ঠীয় লোকসকল নিজৰ সংস্কৃতিৰ ক্ষেত্ৰত অধিক সচেতন ৷ সেয়ে সেই অঞ্চলৰ জনবসতিয়ে নিৰ্ধাৰণ কৰিব পৰিৱৰ্তিত সামাজিক স্থিতিক ৷ অৰ্থনৈতিক ক্ষেত্ৰখনে বিশ্বায়নৰ সা-সুবিধাৰে সেই অঞ্চলৰ অৰ্থনীতিলৈ আমুল পৰিৱৰ্তন সাধিব ।'' ড° বিন্দু ভূষণ বৰাই কয় ।
''সামাজিক বা সাংস্কৃতিক পৰিৱেশতো পৰিৱৰ্তন অনাটো তেনেই স্বাভাৱিক ৷ গতিকে পৰিৱেশ স্থানীয় লোকৰ সচেতনতা কেন্দ্ৰিক বৰ্তি থাকিব ৷'' ড° বিন্দু ভূষণ বৰাই কয় ।
- বাংলাদেশ আৰু ম্যানমাৰ লগত যোগাযোগ ব্যৱস্থাৰ স্থৱিৰতা
অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু ম্যানমাৰৰ লগত যোগাযোগ ব্যৱস্থা বিকাশৰ ক্ষেত্ৰত স্থৱিৰতাৰ সৃষ্টি হৈছে । ভাৰতে ত্ৰিপুৰাৰ আগৰতলাৰ পৰা বাংলাদেশৰ আখাউৰা চহৰৰ মাজত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা আছিল যদিও ২০২৪ চনৰ জুলাইত শ্বেখ হাছিনা চৰকাৰ উৎখাত হোৱাৰ পিছত বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ বাবে এই কাম বন্ধ কৰি দিয়া হৈছে ।
হাছিনাক ক্ষমতাচ্যুত কৰাৰ পিছত ৰাজনৈতিক অস্থিৰতাই পশ্চিম বংগ আৰু বাংলাদেশৰ মাজত ৰে'ল সেৱাও বন্ধ কৰি দিয়া হৈছে । একেদৰে, সামৰিক অধিগ্ৰহণ আৰু ম্যানমাৰত ২০২১ চনৰ পৰা সামৰিক বাহিনী আৰু "গণতন্ত্ৰ সমৰ্থক প্ৰতিবাদকাৰী"ৰ সৈতে জড়িত পৰৱৰ্তী সংঘাতে মিজোৰাম আৰু মণিপুৰক ম্যানমাৰ আৰু ইয়াৰ বাহিৰৰ সৈতে সংযোগ কৰাৰ ভাৰতৰ প্ৰকল্পবোৰো বন্ধ কৰি দিয়া হৈছে ।