গুৱাহাটী : অৱশেষত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । পুৱা ১০.৩০ বজাৰ লগে লগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উল্লেখ কৰা বিভিন্ন ৱেবছাইটত প্ৰকাশ পালে ফলাফল । পৰিষদে প্ৰকাশ কৰা এই ফলাফলত শীৰ্ষত উজলিছে যোৰহাট আৰু কামৰূপ মহানগৰ জিলা ।
শীৰ্ষ ৩ টা স্থান
এই ফলাফলত অসমৰ ভিতৰতে 'অৰ্ডাৰ অৱ মেৰিট'ৰ শীৰ্ষ ৩ টা স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু অসম জাতীয় বিদ্যালয়, নুনমাটিয়ে । প্ৰথম স্থান দখল কৰিছে প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিশী শইকীয়াই । আমিশীয়ে ৫৯১ নম্বৰৰ সৈতে (৯৮.৫ শতাংশ) শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় । ইফালে তৃতীয় স্থানো একেখন বিদ্যালয়ৰে ছাত্ৰ অনিৰ্বাণ বৰগোহাঁইয়ে লাভ কৰিছে । অনিৰ্বাণে ৫৮৯ নম্বৰ (৯৮.১৭ শতাংশ) লাভ কৰে । বিদ্যালয়খনে শীৰ্ষ ৩ টা স্থানৰ ২ টা স্থানেই দখল কৰিবলৈ সক্ষম হৈছে ।

আনহাতে অসমৰ ভিতৰতে দ্বিতীয় শীৰ্ষ স্থান দখল কৰিছে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তাৰ্শ্ব বৰদলৈয়ে । সপ্তাৰ্শ্ব বৰদলৈয়ে ৫৯০ নম্বৰ (৯৮.৩৩ শতাংশ) লাভ কৰে ।

উত্তীৰ্ণৰ হাৰ
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ । পৰীক্ষাত মুঠ ৪,২২,৭৩৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত ২,৭০,৪৭১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৬১.০৯ শতাংশ ।

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৯,০৪১ গৰাকী শিক্ষাৰ্থী । ডিষ্টিংছন লাভ কৰিছে ৫,৩৩৬ গৰাকীয়ে । ষ্টাৰ মাৰ্ক লাভ কৰিছে ১৬,৫১৭ গৰাকীয়ে । বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে ১,৬৮,৩১২ গৰাকীয়ে । দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৩৫,৫৬৮ গৰাকী । তৃতীয় বিভাগত উত্তীৰ্ণ ৪৫, ৮৬২ গৰাকী ।
শীৰ্ষ ৩ খন জিলা
এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিৱসাগৰ জিলা । ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে শিৱসাগৰে । তাৰ পিছতে ৮১.১০ শতাংশৰে দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা । তৃতীয় স্থানত আছে ধেমাজি জিলা । ধেমাজিৰ উত্তীৰ্ণ হাৰ ৮০.৬৪ শতাংশ । ইফালে শ্ৰীভূমি জিলাৰ উত্তীৰ্ণ হাৰ সৰ্বনিম্ন । জিলাখনৰ পৰা মাত্ৰ ৪৭.৯৬ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।
লগতে পঢ়ক :আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল; ক'ত কেনেকৈ চাব? - HSLC 2025 RESULTS