ETV Bharat / state

জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমণ : স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

জাপানীজ এনকেফেলাইটিছ ৰোগক বাধা দিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে কিছু বিশেষ পদক্ষেপ ৷

JAPANESE ENCEPHALITIS CASES
স্বাস্থ্যমন্ত্রী অশোক সিংহল (@TheAshokSinghal)
author img

By ETV Bharat Assamese Team

Published : July 6, 2025 at 7:47 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমণকলৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । এই সন্দৰ্ভত শনিবাৰে স্বাস্থ্যমন্ত্রী অশোক সিংহলে স্বাস্থ্য বিভাগৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

দিছপুৰৰ জনতা ভৱনত মন্ত্রীগৰাকীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে । বিশেষকৈ ৰাজ্যৰ বিভিন্ন জিলাত সম্প্ৰতি ব্যাপক হাৰত সংক্ৰমণ ঘটা জাপানীজ এনকেফেলাইটিজ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰো পৰ্যালোচনা কৰে ।

বৈঠকত মন্ত্ৰী সিংহলে বিভাগৰ বিভিন্ন কাম-কাজ, আঁচনি ৰূপায়ণ, আন্তঃগাঁথনিকে ধৰি সকলো দিশৰে শেহতীয়া স্থিতিৰ সামগ্ৰিক বুজ লয় । জাপানীজ এনকেফেলাইটিজ ৰোগৰ সংক্ৰমণ সন্দৰ্ভত মন্ত্রীগৰাকীয়ে আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ সমান্তৰালভাৱে কোনো নতুন লোকৰ দেহলৈ যাতে এই ৰোগ সংক্ৰমিত হ’ব নোৱাৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ।

আক্ৰান্ত অঞ্চলসমূহত নিয়মীয়াকৈ ধোঁৱা দিয়া, আঠুৱা বিশুদ্ধিকৰণ কৰাৰ দৰে সতৰ্কতামূলক ব্যৱস্থাসমূহ ব্যাপক কৰি তুলিবলৈ মন্ত্রী সিংহলে নিৰ্দেশ দিয়ে । আনহাতে অহা অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ স্পৰ্শকাতৰ জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ বাবে জাপানীজ এনকেফেলাইটিৰ টীকা প্ৰদানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈও বিভাগক নিৰ্দেশ দিয়ে মন্ত্রীগৰাকীয়ে ।

ইফালে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি মন্ত্ৰী সিংহলে ৰাজ্যৰ চাহ বাগিচা এলেকাৰ বাবে হাতত ল’বলগীয়া স্বাস্থ্যৱান শ্ৰমিক যোজনা কাৰ্যসূচীৰো পযাৰ্লোচনা কৰে । এই কাৰ্যসূচীৰ ৰূপায়ণত চাহ বাগিচাৰ পৰিচালকসকলৰ লগতে বাগিচাৰ স্থানীয় সক্ৰিয় যুৱক-যুৱতীকো জড়িত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে ।

বৈঠকত স্বাস্থ্য মেলা, স্বাস্থ্য সেৱা দাপোন, টেলি-মানস সেৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পদসমূহৰ সামঞ্জস্যকৰণ, বদলিকৰণৰ নীতি, স্নেহস্পৰ্শ আঁচিনৰ ৰূপায়ণ আদি সন্দৰ্ভতো আলোচনা কৰা হয় । শনিবাৰৰ বৈঠকত ৰাজ্যিক আয়ুৰ্বেদ নীতিতো আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হয় ।

বৈঠকত বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ডঃ লক্ষ্মণন এছ, স্বাস্থ্যসেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংছ’ প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকলে অংশ গ্ৰহণ কৰে ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিজৰ ব্যাপক সংক্ৰমণ হৈছে । বিশেষকৈ উজনি অসমত জাপানীজ এনকেফেলাইটিজে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।

লগতে পঢ়ক : JMCH ত জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল'লে কিশোৰৰ