গুৱাহাটী : তাঁতশালত সপোন ৰচা অসমৰ শিপিনীৰ শিল্পকলা তথা উৎপাদিত সামগ্ৰী এতিয়া সীমাৰ পৰিধি ভাঙি দেশ-বিদেশত সমাদৃত হৈছে । অসমৰ হস্ততাঁত বয়নশিল্প অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে জড়িত হৈ আছে । অসমৰ স্বাভিমান গামোচাই ইতিমধ্যে লাভ কৰিছে জি আই টেগ তথা ভৌগোলিক পৰিচয় ।
লক্ষণীয় বিষয় যে ৰাজ্যখনৰ অৰ্থনীতিত অসমৰ শিপিনীসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে । ৰাজ্যখনৰ এক বৃহৎ সংখ্যক মহিলা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই বয়ন শিল্পৰ লগত জড়িত হৈ আছে ।

দেশৰ ভিতৰতে অসমত আছে সৰ্বাধিক হস্ততাঁত শিপিনী । ৰাষ্ট্ৰীয় হস্ততাঁতৰ ২০১৯-২০ বৰ্ষৰ লোকপিয়ল অনুসৰি অসমত ১২.৮৩ লাখতকৈ অধিক শিপিনী আৰু ১২.৪৬ লাখৰো অধিক হস্ততাঁত আছে । পঞ্জীয়ন নোহোৱা হিচাপত এই সংখ্যা বহু বেছি হ'ব ।
সংগঠিত আৰু অসংগঠিত ৰূপত থকা ৰাজ্যৰ এই শিপিনীসকলৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে । কিন্তু বাস্তৱ ক্ষেত্রত শিপিনীসকলে চৰকাৰী সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে নে নাই সেয়া গুৰুত্বপূৰ্ণ বিষয় ।
ৰাজ্যখনৰ এই গুৰুত্বপূৰ্ণ ক্ষেত্রখনৰ বাবে চৰকাৰৰ এটা বিভাগ আছে । বিভাগটো হৈছে হস্ততাঁত, বস্ত্র আৰু ৰেচম বিভাগ । কিন্তু ৰাজ্যখনৰ বাবে বিশেষ গুৰুত্ব থকা এই হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগটো সময়ৰ সৈতে সমানে আগুৱাই যাবলৈ সক্ষম হোৱা নাই ।
বিভাগটোৰ অধীনত থকা বেছিভাগ ফার্ম আজি পৰিত্যক্ত । এই ফাৰ্মবোৰৰ অধিকাংশ ভূমিয়েই ছন পৰি ৰৈছে, নহ'লে বেদখলৰ কবলত পৰিছে । সেইদৰে দীৰ্ঘদিন ধৰি ৰেচম বিভাগত খালী হৈ আছে ৩০ শতাংশ পদ ।

এনেদৰে বিভাগটোত বিষয়া-কৰ্মচাৰীৰ অভাৱ আৰু একাংশ বিষয়া-কৰ্মচাৰীৰ অকামিলা স্বভাৱৰ পৰিণতিত ৰাজ্যখনত দিনক দিনে এৰী-পাট-মুগা আদি সূতাৰ উৎপাদন কমি আহিছে । কেৱল সেয়াই নহয় চৰকাৰৰ অৱহেলাৰ পৰিণতিও ভুগিছে এনে এটা গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনাময় বিভাগে ।
ৰেচম পামৰ ভূমিৰ পৰিমাণ আৰু বেদখল :
লক্ষণীয় বিষয় যে হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ ফাৰ্মবোৰত খালী হৈ থকা ভূমিত গছপুলি ৰোপণ কৰিবলৈ অপাৰগ, উপায়হীন ৰেচম বিভাগে খাটনি ধৰিছে গ্ৰামোন্নয়ন বিভাগৰ ওচৰত । অন্ততঃ এম জি এনৰেগাৰ অধীনত হ'লেও গছপুলি ৰোপণ কৰি ফাৰ্মৰ খালী ঠাই পূৰণ কৰিব লাগে । নহ'লে অনাগত দিনত ফাৰ্মৰ নামত বাচি থকা ভূমিখিনিও বেদখলৰ কবলত পৰিব ।

নাম প্ৰকাশত অনিচ্ছুক বিভাগটোৰ এগৰাকী উপ-সঞ্চালক পৰ্যায়ৰ বিষয়াই জনোৱা মতে, ‘‘ইতিমধ্যে হাইলাকান্দি, যোৰহাট, তিনিচুকীয়া, লখিমপুৰ, মাজুলী আদি বিভিন্ন ঠাইত থকা ৰেচম বিভাগৰ অধীনস্থ চৰকাৰী ফাৰ্মৰ মাটি দখল পৰিছে । এই ভূমি বিভাগীয়ভাৱে ৰেচম বিভাগে বেদখলমুক্ত কৰিবলৈ যোৱাত আইনী অসুবিধা থকাত জিলা আয়ুক্তসকললৈ বাৰম্বাৰ পত্ৰ প্ৰেৰণৰ পিচতো বেদখলমুক্ত হোৱা নাই অধিকাংশ ৰেচম পাম ।’’
ৰাজ্যখনত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ অধীনত মুঠ ২০৪ খন ৰেচম পাম আছে । এই দুই শতাধিক ৰেচম বিভাগৰ পামৰ মাটিকালিৰ পৰিমাণ হৈছে ১,৪২৪ হেক্টৰ অর্থাৎ ১০,৬০০ বিঘা মাটি । প্ৰকল্প বিষয়াগৰাকীয়ে জনোৱা মতে, চৰকাৰী তথ্য মতে এই সংখ্যক ৰেচম পামৰ প্ৰায় ১,০০০ হেক্টৰ অৰ্থাৎ ৭,৫০০ বিঘা মাটিত কোনো ধৰণৰ ‘প্লেণ্টেচন’ নাই ।
এক কথাত ক'বলৈ গ'লে এই ভূমি চৰণীয়া পথাৰত পৰিণত হৈছে । বৰং ইয়াৰ কেইবাশ বিঘা ভূমি আজিও দখল হৈ আছে । আনকি ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয় স্থাপনৰ বাবে ইয়াৰে অতি সম্ভাৱনাময় মাটি ব্যৱহাৰ কৰিছে । একপ্ৰকাৰ অসহায় ৰেচম বিভাগে বিগত দিনবোৰত গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ অধীনত এম জি এনৰেগা আঁচনিৰ জৰিয়তে মুগা খাদ্য বৃক্ষ বা তেনে উপযোগী গছ-গছনি ৰোপণ কৰিবলৈ খাটনি ধৰি আহিছে ।
অৱশ্যে অমৃত বৃক্ষৰ অধীনত এম জি এনৰেগাৰ জৰিয়তে বিগত দিনত ৪৩২ হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰা বুলি কাগজে-পত্রই দেখুওৱা হৈছে । লক্ষণীয় বিষয় যে শাসকীয় দলৰ কেইবাগৰাকী বিধায়কেই ৰেচম ফাৰ্মৰ মাটি বেদখলমুক্ত কৰিব নোৱৰাৰ অভিযোগ উত্থাপন কৰি আহিছে । এইক্ষেত্রত বিজেপি বিধায়ক সুৰেন ফুকনে ডিগবৈ সমষ্টিৰ টিংৰাইত থকা ৩৮৭ বিঘাৰ কেছেৰু, নুনি, চোমনিৰ পাম তিনিখনত হোৱা ভূমি বেদখলৰ কথা উত্থাপন কৰাৰ পিচতো চৰকাৰে আজিপর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

সেইদৰে লামডিং সমষ্টিত ৰেচম বিভাগৰ ৫২ বিঘা ভূমি আছে যদিও ইয়াতো বেদখল আৰম্ভ হোৱা বুলি অভিযোগ আনিছিল খোদ বিধায়ক শিবু মিশ্ৰই । একেদৰে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে তেওঁৰ সমষ্টিতো ৰেচম পামৰ মাটি ব্যাপক হাৰত বেদখল হৈ আছে বুলি বিধানসভাৰ অধিৱেশনৰ সময়ত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল । ইয়াকে লৈ বিভাগীয়ভাৱে জিলা আয়ুক্তক কেইবাবাৰো জনোৱা হৈছে যদিও সমস্যাৰ সমাধান হোৱা নাই ।
এই বেদখল হৈ থকা ভূমি আজিও মুক্ত কৰা হোৱা নাই । এয়া কেৱল উদাহৰণহে । এনেদৰে প্ৰান্তে প্রান্তে ৰাজ্যত থকা চৰকাৰী ৰেচম পামৰ মাটি বেদখল হৈ আছে । ইফালে এই বিষয় লৈ এতিয়াও ৰেচম বিভাগে জৰীপ চলোৱা নাই ।
নামত আছে হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগ :
ৰাজ্যত মুঠ ২৯,২১০ টা মুগাপালক পৰিয়াল আছে । বৰ্তমান অসমত মুগা সূতাৰ চাহিদা হ’ল ১,৯০,০০০ কেজি । ইয়াৰ বিপৰীতে উৎপাদন হ’ল ১,৬৪,২৪০ কেজি । আনহাতে ৰাজ্যৰ পাট সূতাৰ বছৰি চাহিদা হ'ল ৩ লাখ কেজি । ইয়াৰ বিপৰীতে বর্তমান উৎপাদন হয় ১৩ হেজাৰ কেজি ।

বিষয়াগৰাকীৰ পৰা লাভ কৰা এই তথ্যৰ পৰা এটা কথা ক'ব পাৰি যে ৰাজ্যত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগ বুলি নামতেহে এটা চৰকাৰী বিভাগ আছে । এই বিভাগটো বগাহাতীত পৰিণত হোৱাৰ কথাটো এতিয়া সকলোৱে স্বীকাৰ কৰে । কিয়নো এই বিয়াগোম বিভাগটোত আজিৰ তাৰিখত ৫১৭ টা পদেই খালী ।
অতিৰিক্ত সঞ্চালক, যুটীয়া সঞ্চালক, উপ-সঞ্চালকৰ পদৰ পৰা ডেমনেষ্ট্ৰেটৰ পদপর্যন্ত মুঠ ৫১৭ টা খালী পদৰ বাবে ৰেচম পামসমূহ পৰিচালনা কৰাটোও সমস্যা হৈ পৰিছে । এই বিভাগটোত অনুমোদিত পদৰ সংখ্যা ১,৬৫৮ টা যদিও বিভাগটোত কৰ্মৰত অৱস্থাত ১,১৪১ টা পদৰ বিপৰীতে বিষয়া-কর্মী নিযুক্ত হৈ আছে ।
হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ গুৰুত্ব :
অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগ ৰাজ্যখনৰ বাবে এটা গুৰুত্বপূৰ্ণ বিভাগ । এই বিভাগৰ কাম-কাজৰ ভিতৰত আছে হস্ততাঁত শিল্প, বস্ত্ৰ শিল্প, আৰু ৰেচম শিল্পৰ বিকাশ । বিভাগটোৱে অসমৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্পৰ উন্নতিৰ বাবে বিভিন্ন কাৰ্যসূচী লয় ।

হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ যথেষ্টখিনি কাম-কাজ আছে । ইয়াৰ ভিতৰত বিশেষ কিছুমান হৈছে -
- হস্ততাঁত শিল্পৰ বিকাশ : বিভাগটোৱে হস্ততাঁত শিল্পীৰ বাবে প্ৰশিক্ষণ, কাৰ্যসূচী আৰু অন্যান্য সুবিধাৰ ব্যৱস্থা কৰে ।
- বস্ত্রশিল্পৰ উন্নয়ণ : বিভাগটোৱে বস্ত্ৰ শিল্পৰ বাণিজ্যিকীকৰণৰ বাবে বিভিন্ন পদক্ষেপ লয় ।
- ৰেচম শিল্পৰ উন্নতি : বিভাগটোৱে ৰেচম শিল্পৰ উৎপাদন বৃদ্ধিৰ বাবে কাম-কাজ কৰে ।
- হস্ততাঁত, বস্ত্র আৰু ৰেচম শিল্পৰ প্ৰচাৰ : বিভাগটোৱে অসমৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্পৰ প্ৰচাৰৰ বাবে বিভিন্ন ব্যৱস্থা লয় ।
- শিপিনীসকলৰ বাবে : বিভাগটোৱে অসমৰ শিপিনীসকলৰ বাবে বিভিন্ন আঁচনি লয় । আনহাতে বিভাগটোৱে হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্পৰ ব্যৱসায়িক উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ লয় ।
- হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ কিছুমান কাৰ্যসূচী : বিভাগটোৱে হস্ততাঁত শিল্পীৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰে । সেইদৰে বিভাগটোৱে বস্ত্ৰশিল্পৰ উন্নতিৰ বাবে বিভিন্ন কাৰ্যসূচী লয় । বিভাগটোৱে মুগা, এৰী আদি ৰেচমৰ উৎপাদন বৃদ্ধিৰ কাৰ্যসূচী লয় । তদুপৰি হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰচাৰৰ কাৰ্যসূচী লয় । বিভাগটোৱে হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্পৰ ব্যৱসায়িক উন্নতিৰ কাৰ্যসূচী লয় ।
অসমৰ ৰেচম শিল্প :
দেশৰ ভিতৰতে ৰেচম উৎপাদনত অসমৰ এক বিশেষ স্থান আছে । অতি প্ৰাচীন কালৰ পৰাই অসমৰ মুগা পালনে বিশেষ স্থান দখল কৰি আহিছে । এই মুগা শিল্পৰ জৰিয়তে বিশ্বৰ পৰ্যায়ত অসমে সুনাম অৰ্জন কৰিছে যদিও এই খেতি বিকাশৰ বাবে যাৱতীয় কৰণীয়খিনি আজিও সম্ভৱ হৈ উঠা নাই ।
মুগা এক বহুচক্ৰী পতংগ । বছৰি ৫-৬ বাৰলৈ বংশ বৃদ্ধি কৰে মুগাই । অসমৰ সমাজ জীৱনত মুগা উৎপাদন এক এৰাব নোৱাৰা অংগ বহু খেতিয়কৰ বাবে । জাৰুৱা, চতুৱা, জেঠুৱা, ভদীয়া, কতিয়া আদি নামেৰে মুগা পালন কৰা হয় । মুগা পালকসকলে মুগা উৎপাদনৰ সময়ত বিশেষভাৱে সমস্যাৰ সন্মুখীন হয় মুগাৰ সঁচক লৈ ।
ইয়াৰোপৰি বতৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয় মুগা পালকসকল । উন্নতমানৰ মুগা চোমনি প্ৰয়োজন হয় এই খেতিৰ বাবে । মুগাকে ধৰি এৰি, নুনী বা পাট মুগা উৎপাদনৰ বাবে খেতিয়কসকলৰ সহায়-সহযোগ কৰিবলৈ আছে ৰাজ্যৰ ৰেচম সঞ্চালকালয় ।

ইয়াৰ জৰিয়তে খেতিয়কসকলৰ বিভিন্ন আঁচনিৰে সামৰি ৰেচম উৎপাদনৰ বাবে উৎসাহিত কৰিব লাগে ৷ কিন্তু এই বিভাগৰ দ্বাৰা কি কি সা-সুবিধা প্ৰদান কৰি আছে সেই সন্দৰ্ভত গৰিষ্ঠ সংখ্যক খেতিয়কে নাপাই উপযুক্ত তথ্য । যাৰ ফলত মুগা উৎপাদন যি হাৰত বৃদ্ধি হ'ব লাগিছিল বা এই উদ্যোগ যি ধৰণে বিকাশ হ'ব লাগিছিল সেয়া সম্ভৱ হৈ উঠা নাই ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ ৰেচম সঞ্চালকালয় স্থাপন হৈছিল ১৯৫৮ চনত । হস্ততাঁত, বস্ত্ৰ বিভাগেও উৎপাদিত ৰেচম শিল্প উত্তৰণৰ আন এক আধাৰ হিচাপে ৰাজ্যৰ ৰেচম উদ্যোগটোক বহু অগ্ৰগতি দিয়াৰ অৱকাশ আছে ।