ETV Bharat / state

চাকৰি ওভতাই পাব ৫২ বিষয়াই ! উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাব চৰকাৰে - GAUHATI HIGH COURT

অসাৰ এপিএছচিৰ বিয়াগোম কেলেংকাৰীৰ তদন্ত । পুনৰ চাকৰিত মকৰল কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

Assam CM on Gauhati High Court verdict
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 5:36 PM IST

3 Min Read

গুৱাহাটী : অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ বিয়াগোম কেলেংকাৰীয়ে ৰাজ্য় তোলপাৰ লগাই থকাৰ সময়তেই অসাৰ হ’ল কেলেংকাৰীৰ তদন্ত ৷ এপিএছচি কেলেংকাৰীত অভিযুক্ত হৈ বৰ্খাস্ত হোৱা ৫২ গৰাকী বিষয়াক পুনৰ চাকৰিত মকৰল কৰাৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এই ৰায়ক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উক্ত ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি ঘোষণা কৰিছে ।

ৰাজ্য কঁপোৱা এপিএছ চি কেলেংকাৰীৰ ধনৰ বিনিময়ত অনিয়মেৰে চাকৰি লোৱাৰ অভিযোগত বৰ্খাস্ত হৈ থকা ভালেসংখ্যক আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ ৰায় আংশিকভাৱে খাৰিজ কৰে ৷ এই ৰায়ত বৰ্খাস্ত হোৱা মুঠ ৫২ গৰাকী এপিএছচিৰ জৰিয়তে মকৰল হোৱা ৰাজপত্ৰিত বিষয়াক পুনৰ চাকৰিত মকৰল কৰাৰ নিৰ্দেশ জাৰি কৰে । লগতে ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়ে কেতবোৰ নিৰ্দেশনা । উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠিছে । এই ৰায়দানক লৈ শনিবাৰে তৎকালীনভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি ঘোষণা কৰিছে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব চৰকাৰ :

এপিএছচি কেলেংকাৰীত অভিযুক্ত ৫২ গৰাকীয়া বিষয়াক চাকৰিত পুনৰ মকৰলৰ বাবে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে দিয়া ৰায়ক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাত সাংবাদিকৰ আগত কয়, "এপিএছচিৰ বিষয়ে ডিভিজনেল বেন্সৰ যিটো জাজমেণ্ট আহিছে এইটো অত্যন্ত বেদনাদায়ক । আমাৰ সকলোৰে মনলৈ ই হতাশা আনি দিব । যিটো সময়ত সমগ্ৰ অসমত এটা মেধাৰ পৰিৱেশ সৃষ্টি হৈছে সেই সময়ত ই দুৰ্ভাগ্যজনক । আমাৰ মনত ই বেদনা দিয়ে ৷"

এপিএছচিক লৈ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমি নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ত আবেদন কৰিম ৷ শেষ মুহূৰ্তলৈকে আমি চেষ্টা কৰিম যাতে এপিএছচিৰ এই দুস্কাৰ্যৰ সৈতে জড়িত কোনোৱে চাকৰি ঘূৰাই পাব নোৱাৰে ।"

চাকৰি ঘূৰাই পালেও এই ৫২গৰাকী বিষয়াৰ থাকিব সীমাবদ্ধতা ৷ এই প্ৰসংগত ন্যায়ালয়ে বান্ধি দিছে কেতবোৰ নিৰ্দেশনা । তাৰ ভিতৰত উল্লেখযোগ্য হ’ল -

  • ৫২ গৰাকী এবাৰ নামকটা বিষয়াই চাকৰি ঘূৰাই পালেও বৰ্খাস্ত হোৱাৰ সময়ছোৱাৰ দৰমহাকে ধৰি অন্যান্য সা-সুবিধা বিষয়াসকলে লাভ নকৰিব ।
  • ৰাজ্য চৰকাৰে চাকৰি ঘূৰাই পাবলগীয়া বিষয়াসকলক কোনো পদবী দিব পাৰিব বা নিদিয়াকৈও ৰাখিব পাৰিব ।
  • বিষয়াসকলৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থাও চৰকাৰে আৰম্ভ কৰিব পাৰিব ৷
  • চাকৰি ঘূৰাই পাবলগীয়া বিষয়াসকলৰ বিৰুদ্ধে বিভাগীয় কার্যব্যৱস্থা বা ফৌজদাৰী প্ৰক্ৰিয়া গ্রহণত বাধা নহ'ব ।
  • অসম আৰক্ষী সেৱাৰ পদত প্ৰবেচনৰ সময়সীমা সম্পূর্ণ নকৰা বিষয়াসকলে ঘূৰাই নাপাব চাকৰি ।

লগতে পঢ়ক:নন্দিনী কাকতিসহ ১৩ গৰাকী ৰাজপত্রিত বিষয়াৰ উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা - APSC SCAM

এ পি এছ চি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়াৰ আকস্মিক মৃত্যু - DR MRIGEN SAIKIA IS NO MORE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.