গুৱাহাটী: সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত ড৹ ভূপেন হাজৰিকাৰ নামত ভাৰতীয় মুদ্ৰা নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক আৱেদন কৰিছে । এই সন্দৰ্ভত বিত্তমন্ত্ৰীলৈ অসম চৰকাৰে পত্ৰও লিখিছে । দিছপুৰৰ লোকসভা সেৱা ভৱনত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ।
এই সন্দৰ্ভত তেওঁ কয়, "এই বছৰ সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বৰ্ণিলভাবে উদযাপন কৰা হ'ব । এই উদ্দেশ্য আগত ৰাখি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত ড৹ ভূপেন হাজৰিকাৰ নামত ভাৰতীয় মুদ্ৰা নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক আৱেদন কৰিছে ।"
"কিছুদিন আগতে প্ৰধানমন্ত্ৰীক দিল্লীত সাক্ষাৎ কৰিছিলো । সুধাকন্ঠৰ জন্মদিনটো বছৰজোৰা কাৰ্যসূচীৰে পালন কৰাৰ প্ৰস্তাৱ দিছিলো । সুধাকন্ঠৰ জন্মদিনৰ ৮ ছেপ্টেম্বৰৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মুখ্য অতিথি হিচাপে থাকিব । পৰৱৰ্তী সময়ত উদযাপন কমিটী হ'ব । উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলক এই কমিটীৰ সভাত উপস্থিত থকাৰ বাবে নিমন্ত্ৰণ দিয়া হ'ব ।" মুখ্যমন্ত্ৰী শৰ্মাই কয় ।
তেওঁ কয়, "নতুন দিল্লীৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ লগত অসমত এটা প্ৰকল্পৰ আধাৰশিলা আৰু আন এটা প্ৰকল্প মুকলি কৰাৰ আলোচনা হৈছিল । এই দুয়োটা কাযসূচী অহা ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব । ৭ হাজাৰ ৫০০ কোটি টকাৰে গুৱাহাটীৰ ৰিং ৰোড হ'ব ।"
"নাৰেংগী আৰু কুৰুৱা দলং এই প্ৰকল্পৰ অধীনত হ'ব । ভূমি অধিগ্ৰহণৰ ৫০ শতাংশ খৰছ ৰাজ্য চৰকাৰে বহন কৰিব । ৮ ছেপ্টেম্বৰত নুমলীগড় শোধনাগাৰে নিৰ্মাণ কৰা নুমলীগড়ৰ বায় ৰিফাইনেৰী মুকলি কৰা হ'ব । ২০১৯ চনত আধাৰশিলা হৈছিল । ইয়াৰ পৰা বাঁহৰ জৰিয়তে ইথান'ল প্ৰস্তত কৰা হ'ব । এই প্ৰকল্পৰ বাবে ৪২০০ কোটি টকাৰ খৰচ হ'ব ।" তেওঁ কয় ।
লগতে পঢ়ক : বাজেটত নামৰূপ সাৰ কাৰখানাৰ নতুন গোট ঘোষণা: বিভিন্ন পক্ষৰ প্ৰতিক্ৰিয়া লগতে পঢ়ক : অসমত প্ৰায় ১১ হাজাৰ কোটিৰ ইউৰিয়া প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ |
আন প্ৰসংগ উত্থাপন কৰি শৰ্মাই কয়, "আকৌ নামৰূপৰ সাৰকাৰখানাৰ নতুন উদ্যোগৰ বাবে ১০৬০০ কোটি টকা খৰচ হ'ব । এই নতুন উদ্যোগটোৰ নাম ভাৰত চৰকাৰে Assam fertilizer and chemical pvt ltd দিছে । ইয়াৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে অহা ৮ ছেপ্টেম্বৰত স্থাপন কৰিব । এতিয়া নামৰূপত ভৱিষ্যতে দুটা সাৰ কাৰখানা হ'ব ।"
"ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড (BVFCL) চলি থাকিব । নতুন কোম্পানীটোয়ে ১২.৭ লাখ মেট্ৰিক টন সাৰ উৎপাদন কৰিব । দুয়োটা মিলি ১৫.৭ লাখ মেট্ৰিক টন সাৰ উৎপাদন কৰিব । পাঁচ বছৰ পিছত Assam fertilizer and chemical pvt ltd সম্পূৰ্ণ হোৱাৰ পিছত Assam fertilizer and chemical pvt ltd আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড (BVFCL) একেলগ কৰিব নে নাই সেয়া ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব ।" তেওঁ কয় ।