ETV Bharat / state

বিপদত শিক্ষানুষ্ঠান; ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ কৰিবলৈ নিৰ্দেশ বিত্ত বিভাগৰ

Assam Finance department : ফেব্ৰুৱাৰী মাহৰ দৰমহাৰ পৰা বঞ্চিত হ’ব চৰকাৰী কৰ্মচাৰী ৷ ৰাজ্যৰ বিত্ত বিভাগে বৃহস্পতিবাৰে এক নিৰ্দেশনাযোগে সকলো কোষাগাৰ বিষয়ালৈ ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

Assam Govt To Withhold Salaries For Not Uploading Data On AISHE Portal
বিপদত শিক্ষানুষ্ঠান; ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ কৰিবলৈ নিৰ্দেশ বিত্ত বিভাগৰ
author img

By ETV Bharat Assamese Team

Published : March 1, 2024 at 9:09 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 1 মাৰ্চ : ৰাজ্যৰ একাংশ চৰকাৰী কৰ্মচাৰীলৈ দুঃখবৰ ৷ ফেব্ৰুৱাৰী মাহৰ দৰমহা নাপায় ৰাজ্যৰ তিনিটা বিভাগৰ কৰ্মচাৰীয়ে ৷ ৰাজ্যৰ বিত্ত বিভাগে বৃহস্পতিবাৰে প্ৰদান কৰিছে এক নতুন নিৰ্দেশনা ৷ ‘AISHE' (All India Survey on higher education) প'ৰ্টেলত তথ্য নিদিয়া ৰাজ্যৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ কৰ্মচাৰীৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ ৰাখিবলৈ ৰাজ্যৰ বিত্ত বিভাগে সকলো কোষাগাৰ বিষয়ালৈ নিৰ্দেশ জাৰি কৰিছে । এই নিৰ্দেশ জাৰি হোৱাৰ পাচতে মহাবিদ্যালয় তথা অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত লাখ লাখ চাকৰিয়াল লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

Assam Govt To Withhold Salaries For Not Uploading Data On AISHE Portal
বিপদত শিক্ষানুষ্ঠান; ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ কৰিবলৈ নিৰ্দেশ বিত্ত বিভাগৰ

উল্লেখ্য যে, উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহে AISHE প'ৰ্টেলত (All India Survey on Higher Education চমুকৈ AISHE) শুদ্ধ আৰু সম্পূৰ্ণ তথ্য আপলোড কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা‌ হৈছে । তথ্য আপলোড কৰি উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহে উচ্চ শিক্ষা বিভাগৰ পৰা প্ৰমাণ-পত্ৰ লৈ কোষাগাৰত জমা দিব লাগিব । এই প্রমাণ-পত্ৰ কোষাগাৰত জমা দিবলৈ ব্যৰ্থ হোৱা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ ৰাখিবলৈ বিত্ত বিভাগে নিৰ্দেশ প্ৰদান কৰিছে ।

উল্লেখ্য যে, শেহতীয়া এই নির্দেশনাই সকলো চৰকাৰী/ প্ৰাদেশীকৃত/ চৰকাৰী আদর্শ/ পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়, সকলো ৰাজ্যিক বিশ্ববিদ্যালয়, সকলো অভিযান্ত্রিক মহাবিদ্যালয়/ পলিটেকনিক প্রতিষ্ঠান, সকলো বি এড মহাবিদ্যালয়, জিলা শিক্ষা প্রতিষ্ঠান, সকলো চিকিৎসা মহাবিদ্যালয় আৰু পেৰামেডিকেল কলেজ আৰু প্রতিষ্ঠানক সামৰি ল'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মন কৰিবলগীয়া যে একাংশ‌‌ উচ্চ শিক্ষানুষ্ঠানে এই নিৰ্দেশ পালন‌ কৰিছে ।

লগতে পঢ়ক: Assam govt post abolishment: অপ্রয়োজনীয় পদৰ তালিকা বিচাৰি প্ৰতিটো বিভাগলৈ বিত্ত বিভাগৰ জৰুৰী নিৰ্দেশনা পত্ৰ