সোমবাৰে বাজেট মঙলবাৰে ৯০০ কোটিৰ ধাৰ
ৰাজ্য চৰকাৰৰ মুঠ ঋণৰ বোজা ১ লাখ ৬৬ হেজাৰ ৮৫০ কোটি টকা হৈছেগৈ ।

Published : March 9, 2025 at 6:31 PM IST
গুৱাহাটী: বাজেট দাখিলৰ পিছদিনাই পুনৰ ঋণ ল'ব অসম চৰকাৰে । সোমবাৰে বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত দাখিল কৰিব ২০২৫-২৬ বৰ্ষৰ বাজেট । বাজেট দাখিলৰ পিছদিনাই অৰ্থাৎ মঙলবাৰে অসম চৰকাৰে ল'ব ৯০০ কোটি টকাৰ ঋণ । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আহিছে ।
চলিত মাহৰ বিগত ৪ মাৰ্চত ৯০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে পুনৰ ১১ মাৰ্চত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ২০ বছৰৰ বাবে চৰকাৰী ষ্টক (ছিকিউৰিটি) নিলামৰ জৰিয়তে ৰাজ্য চৰকাৰখনে এই ঋণ ল'ব । ইতিমধ্যে ৰাজ্য চৰকাৰখনে এই ঋণ গ্ৰহণৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰিছে ।

উল্লেখ্য় যে জানুৱাৰীত দুটা পৰ্যায়ত মুঠ ১,০০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে ফেব্ৰুৱাৰীত ৩,৬৫০ কোটি টকাৰ ঋণ লৈছিল । ইয়াৰ পাছত মাৰ্চৰ চাৰি তাৰিখে ৯০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত এতিয়া পুনৰ ৯০০ কোটি টকাৰ ঋণ ল'বলৈ ওলোৱা কাৰ্য লক্ষণীয় হৈ পৰিছে । উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষ সমাপ্ত হ'বলৈ মাজত মাত্র কেইটামান দিন বাকী আছে । সেয়েহে চৰকাৰখনে অন্তিমটো মাহত যিমান পাৰি সিমান ঋণ লোৱাৰ বাবে উঠি-পৰি লাগিছে ।

কিমান হৈছে চৰকাৰৰ মুঠ ঋণৰ বোজা ?
উল্লেখ্য যে এডভান্টেজ আছাম ২.০ অনুষ্ঠিত হোৱাৰ পিছত ৰাজ্য চৰকাৰে দ্বিতীয়বাৰলৈ ঋণ লোৱাৰ বাবে সাজু হৈছে । ইয়াৰ পূৰ্বে চৰকাৰে যোৱা ৪ মাৰ্চত ৯০০ কোটি টকাৰ ঋণ লৈছিল । ১১ মাৰ্চত ল'বলগীয়া ৯০০ কোটি টকা ঋণৰ ফলত চলিত মাৰ্চ মাহতে লোৱা ঋণৰ পৰিমাণ হ'বগৈ ১,৮০০ কোটি টকা । ইফালে, এডভাণ্টেজ আছাম ২.০ অনুষ্ঠিত হোৱা ফেব্ৰুৱাৰীত চৰকাৰখনে মুঠ ৩,৬৫০ কোটি টকাৰ ঋণ লৈছিল । ইয়াৰ ফলত বৰ্তমানে ৰাজ্য চৰকাৰৰ মুঠ ঋণৰ বোজা ১ লাখ ৬৬ হেজাৰ ৮৫০ কোটি টকালৈ বৃদ্ধি পাইছে ।
ফেব্ৰুৱাৰী মাহত তিনিবাৰকৈ ঋণ লোৱা ৰাজ্য চৰকাৰখনে মাৰ্চ মাহৰ প্ৰথম ভাগতে ১,৮০০ কোটি টকা ঋণ লোৱাৰ পিছত মাহটোত যে আৰু অধিক ঋণ নল'ব তাৰ কোনো নিশ্চয়তা নাই । উল্লেখ্য যে যোৱা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনত অসমত বিনিয়োগৰ বাবে মুঠ ৫.১৮ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ।
মুখ্যমন্ত্রীয়ে কৰা ঘোষণা অনুসৰি যদিহে অসমত প্ৰকৃতাৰ্থত এনে পৰিমাণৰ বিনিয়োগ হয় তেন্তে স্বাভাৱিকতে ৰাজ্যখনৰ আৰ্থিক অৱস্থাৰ পৰিবৰ্তন হোৱাৰ লগতে চৰকাৰখনে ধাৰ ল'বলগীয়া অৱস্থা আৰু নাথাকিব । ইফালে, আগন্তুক বৰ্ষৰ বাবে সোমবাৰে ৰাজ্য চৰকাৰখনে দাখিল কৰিব বাজেট । ২০২৬ত আছে বিধানসভাৰ নিৰ্বাচন । তেনেস্থলত বাজেটত বহু হিতাধিকাৰীমূলক আঁচনি থকাৰ সম্ভাৱনা আছে ।

